কমাৰ শালত গঢ়া তৃপ্তি – যমুনা দুলু বৈশ্য

Pc Unsplash

কমাৰ শালত গঢ়া তৃপ্তি

যমুনা দুলু বৈশ্য,শুৱালকুছি

ভঙা বুকুয়েদি
এতিয়াও বৈ আছে
এটা চেৰা সুঁতি,
য’ত নমাই আনে হিমৰ শীতলতা
এটা জীয়া জুৰিৰ
শব্দৰ লহৰত নিগৰি আহে
উপত্যকাৰে মাথো বৈ যায়
নিজৰ মাজতে অদম্য হেঁপাহ,
প্ৰতিটো সময়ে প্ৰতিটো স্পৰ্শত
কমাৰ শালত গঢ়া আত্মতৃপ্তি
প্ৰেমৰ আলোড়নৰ অভিন্ন হৃদয়ৰ
দিগন্তত লহপহকৈ বাঢ়ি অহা
বাস্তৱক ৰূপান্তৰ কৰা
শুই পৰা আকাশত
অভিমানত তাইৰ মনৰ বাতৰি
ভোক হৈ শিপাই দুহাত মেলি
প্ৰাণঢালি প্ৰতিশ্ৰুতি ভৰা
বিচাৰি ফুৰে প্ৰেয়সীৰ বুকুত
আশিস নিৰ্মালী ।