১৫-২০ হাজাৰ যুৱক-যুৱতী নিযুক্তি লাভ কৰিব আৰক্ষীত
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চাকৰি প্ৰাৰ্থীৰ বাবে সুখবৰ। অসম আৰক্ষীত অচিৰেই ১৫-২০ হাজাৰ যুৱক-যুৱতীক দিয়া হ’ব নিযুক্তি আৰু আন বেটেলিয়ন গঠনৰ লগতে খালী থকা পদ, পদোন্নতিৰ সুবিধা লৈ প্রতিশ্রুতি দিয়া দুই লাখ নিযুক্তিৰ ভিতৰত ১৫-২০ হাজাৰ যুৱক-যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক বৃহৎ ঘোষণা কৰে। উল্লেখ্য যে বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই৷ এই সমাৰোহতে মুখ্যমন্ত্ৰীগৰাকীে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এই সুখবৰ প্ৰদান কৰে। বিগত পাঁচ বছৰত ২১হাজাৰ আৰক্ষী বিষয়া আৰু জোৱানক স্বচ্ছতাবে নিয়োগ কৰিবলৈ সক্ষম হোৱাত তেওঁ গৌৰৱ অনুভৱ কৰা বুলি কয়। এই ২১ হাজাৰ আৰক্ষীৰ আগমনে অসম আৰক্ষীক এটা যুৱ বাহিনীলে ৰূপান্তৰ কৰিছে। যোৱা পাঁচটা বছৰ ৰাজ্যখনৰ শান্তি প্ৰগতিৰ বিকাশৰ সময় আছিল বুলি কৈ তেওঁ কয় যে, ২০২১ চনৰ পৰা ২০২৬ চনলৈ পাঁচটা বছৰ অসমত শান্তি আৰু প্ৰগতিৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হয়। ৰাজ্য চৰকাৰে অনাগত পাঁচটা বছৰত দুইলাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। অহা পাঁচ বছৰত ১৫ৰ পৰা ২০ হাজাৰ যুৱক-যুৱতীক আৰক্ষী বিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব। অসম আৰক্ষীক এক কেৰিয়াৰ হিচাপে নবপ্রজন্মই বাছি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে।
