ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি)ৰ পাঠ্যক্ৰম আৰু কেৰিয়াৰৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী
বৰ্তমান সময়ত কেৱল পৰম্পৰাগত শিক্ষাই নহয়, ব্যৱহাৰিক জ্ঞান আৰু কাৰিকৰী দক্ষতাও কেৰিয়াৰ গঢ়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ কম সময়ৰ ভিতৰত কোনো নিৰ্দিষ্ট ক্ষেত্ৰত দক্ষতা আহৰণ কৰি চাকৰি, আত্মসংস্থাপন অথবা নিজা ব্যৱসায় আৰম্ভ কৰিব বিচৰা শিক্ষাৰ্থীৰ বাবে বৃত্তিমূলক শিক্ষা এক গুৰুত্বপূৰ্ণ বিকল্প। ভাৰতত বৃত্তিমূলক শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে (National Council for Vocational Education and Training, NCVET) ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পৰিষদে বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ মানদণ্ড নিৰ্ধাৰণ, যোগ্যতাৰ অনুমোদন, প্ৰশিক্ষণ আৰু মূল্যায়নকাৰী সংস্থাৰ স্বীকৃতি তথা দক্ষতা-ভিত্তিক প্ৰশিক্ষণ ব্যৱস্থাৰ মান নিয়ন্ত্ৰণত গুৰুত্ব দিয়ে। উদ্যোগ আৰু কৰ্মক্ষেত্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি দক্ষতা-ভিত্তিক যোগ্যতা বিকাশ কৰাটো ইয়াৰ অন্যতম উদ্দেশ্য।
ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু ৰাষ্ট্ৰীয় দক্ষতা যোগ্যতা কাঠামো (National Skills Qualification Framework, NSQF)ৰ অধীনত বিভিন্ন ক্ষেত্ৰত বহুতো বৃত্তিমূলক যোগ্যতা আৰু পাঠ্যক্ৰম উপলব্ধ। পাঠ্যক্ৰম অনুসৰি শিক্ষাগত যোগ্যতা, প্ৰশিক্ষণৰ সময়সীমা, দক্ষতাৰ স্তৰ আৰু কৰ্মক্ষেত্ৰ পৃথক হয়। তলত প্ৰধান ক্ষেত্ৰসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।
তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ, কম্পিউটাৰ মেৰামতি, যন্ত্ৰাংশ সংৰক্ষণ, কম্পিউটাৰ নেটৱৰ্ক, ডিজিটেল সেৱা আৰু চাইবাৰ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন দক্ষতা আহৰণ কৰিব পাৰি। এই ক্ষেত্ৰত প্ৰশিক্ষণ লাভ কৰা ব্যক্তিয়ে কম্পিউটাৰ সেৱা, কাৰিকৰী সহায়তা, নেটৱৰ্ক ব্যৱস্থাপনা আদি ক্ষেত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে।
বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছ ক্ষেত্ৰত বৈদ্যুতিক সংযোগ, বৈদ্যুতিক যন্ত্ৰপাতি স্থাপন, মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ দৰে ব্যৱহাৰিক দক্ষতা আহৰণ কৰিব পাৰি। এই দক্ষতাৰ জৰিয়তে বৈদ্যুতিক কাৰিকৰ, মেৰামতি কৰ্মী বা ৰক্ষণাবেক্ষণ কৰ্মী হিচাপে কাম কৰাৰ লগতে নিজাকৈ সেৱা কেন্দ্ৰও স্থাপন কৰিব পাৰি।
যান-বাহন আৰু মটৰগাড়ী ক্ষেত্ৰত যান-বাহনৰ মেৰামতি, ৰক্ষণাবেক্ষণ, ইঞ্জিনৰ কাম, বৈদ্যুতিক ব্যৱস্থা আৰু আনুষংগিক কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ ল’ব পাৰি। বৰ্ধিত যান-বাহনৰ সংখ্যাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত দক্ষ কাৰিকৰৰ চাহিদাও বৃদ্ধি পাইছে।
যান্ত্ৰিক আৰু উৎপাদন ক্ষেত্ৰত ধাতু কটা, জোৰা লগোৱা, ঢালাই, যন্ত্ৰচালনা, যন্ত্ৰ নিৰ্মাণ, উৎপাদন প্ৰক্ৰিয়া আৰু ৰক্ষণাবেক্ষণৰ দৰে বহুতো দক্ষতা আহৰণ কৰিব পাৰি। উদ্যোগ, কাৰখানা আৰু নিৰ্মাণ প্ৰতিষ্ঠানত এই দক্ষতা থকা ব্যক্তিৰ বাবে বিভিন্ন কৰ্মসংস্থাপনৰ সুযোগ থাকে।
নিৰ্মাণ ক্ষেত্ৰত ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, পাইপ সংযোগকাৰী, বৈদ্যুতিক কাৰিকৰ, নিৰ্মাণ সহায়ক, জৰীপ আদি কামৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰিব পাৰি। নিৰ্মাণ উদ্যোগৰ বিস্তাৰৰ লগে লগে দক্ষ নিৰ্মাণ কৰ্মীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।
স্বাস্থ্যসেৱা আৰু সহযোগী স্বাস্থ্যসেৱা ক্ষেত্ৰত ৰোগীৰ সেৱা, চিকিৎসালয়ৰ সহায়ক কাম, পৰীক্ষাগাৰ-সম্পৰ্কীয় সহায়তা আৰু অন্যান্য স্বাস্থ্যসেৱা-সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণৰ সুযোগ আছে। এই ক্ষেত্ৰত কাম কৰিবলৈ সংশ্লিষ্ট পাঠ্যক্ৰমৰ যোগ্যতা আৰু নিয়মসমূহ বিশেষভাৱে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।
কৃষি আৰু কৃষি-সম্পৰ্কীয় ক্ষেত্ৰত আধুনিক কৃষি পদ্ধতি, উদ্যানশস্য, পশুপালন, দুগ্ধ উৎপাদন, মীন পালন, কৃষি যন্ত্ৰপাতিৰ ব্যৱহাৰ আদি বিষয়ত দক্ষতা আহৰণ কৰিব পাৰি। গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ বাবে এই ক্ষেত্ৰত আত্মসংস্থাপনৰ যথেষ্ট সম্ভাৱনা আছে।
হোটেল, আতিথ্য আৰু পৰ্যটন ক্ষেত্ৰত ৰন্ধন, খাদ্য পৰিবেশন, অতিথি সেৱা, কোঠা পৰিচালনা, সন্মুখ কাৰ্যালয়ৰ কাম আৰু পৰ্যটন সেৱাৰ সৈতে জড়িত বিভিন্ন প্ৰশিক্ষণ লাভ কৰিব পাৰি। পৰ্যটন উদ্যোগৰ বিকাশৰ সৈতে এই ক্ষেত্ৰত দক্ষ কৰ্মীৰ চাহিদাও বৃদ্ধি পাইছে।
ইয়াৰ উপৰি সৌন্দৰ্য আৰু সুস্থতা, খুচুৰা ব্যৱসায়, গুদাম আৰু পৰিবহণ ব্যৱস্থাপনা, পোছাক নিৰ্মাণ, হস্তশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, দূৰসংযোগ, সেউজ প্ৰযুক্তি আৰু নতুন প্ৰযুক্তি আদি বিভিন্ন ক্ষেত্ৰতো বৃত্তিমূলক দক্ষতা অৰ্জনৰ সুযোগ আছে।
বৃত্তিমূলক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত কেৰিয়াৰৰ পথ কেৱল চাকৰিতে সীমাবদ্ধ নাথাকে। শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা আৰু আগ্ৰহ অনুসৰি বিভিন্ন দিশত আগবাঢ়িব পাৰে।
প্ৰথমতে, সংশ্লিষ্ট উদ্যোগ, প্ৰতিষ্ঠান, কাৰখানা, সেৱা কেন্দ্ৰ, চিকিৎসালয়, হোটেল, নিৰ্মাণ প্ৰতিষ্ঠান বা অন্যান্য সংস্থাত চাকৰি লাভ কৰিব পাৰি। দক্ষতা আৰু অভিজ্ঞতা বৃদ্ধি পোৱাৰ লগে লগে অধিক দায়িত্বশীল পদলৈও উন্নীত হোৱাৰ সুযোগ থাকে।
দ্বিতীয়তে, বৃত্তিমূলক দক্ষতা ব্যৱহাৰ কৰি আত্মসংস্থাপন কৰিব পাৰি। উদাহৰণস্বৰূপে, বৈদ্যুতিক কাম, যান-বাহন মেৰামতি, কম্পিউটাৰ মেৰামতি, দৰ্জী কাম, সৌন্দৰ্য সেৱা, খাদ্য প্ৰস্তুতকৰণ, কাঠৰ কাম বা হস্তশিল্পৰ দৰে ক্ষেত্ৰত নিজাকৈ সেৱা আগবঢ়াই উপাৰ্জন কৰিব পাৰি।
তৃতীয়তে, দক্ষতা আৰু ব্যৱসায়িক জ্ঞান একেলগে ব্যৱহাৰ কৰি উদ্যোগী হিচাপে আত্মপ্ৰকাশ কৰিব পাৰি। সৰু উৎপাদন কেন্দ্ৰ, মেৰামতি কেন্দ্ৰ, খাদ্য প্ৰক্ৰিয়াকৰণ গোট, কৃষিভিত্তিক উদ্যোগ, সেৱা কেন্দ্ৰ বা অন্যান্য ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰাৰ সুযোগ থাকে।
চতুৰ্থতে, অধিক প্ৰশিক্ষণ আৰু উচ্চস্তৰৰ বৃত্তিমূলক যোগ্যতা অৰ্জন কৰি কেৰিয়াৰৰ উন্নতি সাধন কৰিব পাৰি। ৰাষ্ট্ৰীয় দক্ষতা যোগ্যতা কাঠামোত বিভিন্ন স্তৰৰ যোগ্যতাৰ মাজত অগ্ৰগতিৰ সুযোগ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগতে কেৱল বিজ্ঞাপন বা প্ৰমাণপত্ৰৰ নাম দেখি সিদ্ধান্ত লোৱা উচিত নহয়। সংশ্লিষ্ট যোগ্যতা ৰাষ্ট্ৰীয় যোগ্যতা পঞ্জী (National Qualifications Register—NQR)ত তালিকাভুক্ত আছে নে নাই, প্ৰমাণপত্ৰ প্ৰদান কৰা সংস্থা স্বীকৃতিপ্ৰাপ্ত নে নাই, পাঠ্যক্ৰমৰ শিক্ষাগত যোগ্যতা, সময়সীমা, NSQF স্তৰ, সংশ্লিষ্ট কৰ্মভূমিকা, প্ৰশিক্ষণৰ বিষয়বস্তু আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ সুবিধা আদি পৰীক্ষা কৰা প্ৰয়োজন। পৰীক্ষা আৰু প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থাৰ বিষয়েও আগতীয়াকৈ নিশ্চিত হোৱা উচিত। লগতে পাঠ্যক্ৰমটোৱে ভৱিষ্যতে কোনবোৰ কৰ্মক্ষেত্ৰত সুযোগ সৃষ্টি কৰিব আৰু সেই ক্ষেত্ৰত স্থানীয়ভাৱে চাকৰি বা আত্মসংস্থাপনৰ সম্ভাৱনা কেনেধৰণৰ, সেই বিষয়েও বিবেচনা কৰা উচিত।
আজিৰ প্ৰতিযোগিতামূলক কৰ্মসংস্থাপনৰ পৰিৱেশত শৈক্ষিক যোগ্যতাৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী জ্ঞান, কৰ্মদক্ষতা আৰু অভিজ্ঞতাৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। সঠিক বৃত্তিমূলক শিক্ষা আৰু মানসম্পন্ন প্ৰশিক্ষণে যুৱক-যুৱতীক চাকৰি লাভৰ লগতে আত্মসংস্থাপন আৰু উদ্যোগী হোৱাৰ পথ মুকলি কৰিব পাৰে। সেয়েহে NCVETৰ সৈতে সামঞ্জস্যপূৰ্ণ পাঠ্যক্ৰম বাছনি কৰাৰ সময়ত কেৱল প্ৰমাণপত্ৰ লাভৰ কথা চিন্তা নকৰি নিজৰ আগ্ৰহ, শিক্ষাগত যোগ্যতা, সামৰ্থ্য, স্থানীয় কৰ্মসংস্থাপনৰ সম্ভাৱনা আৰু ভৱিষ্যৎ কেৰিয়াৰৰ লক্ষ্য বিবেচনা কৰা উচিত। উপযুক্ত পাঠ্যক্ৰম, মানসম্পন্ন প্ৰশিক্ষণ, ব্যৱহাৰিক অভিজ্ঞতা আৰু নিয়মীয়া দক্ষতা উন্নয়নৰ সমন্বয়ে এজন শিক্ষাৰ্থীক দক্ষ কৰ্মী, আত্মনিৰ্ভৰশীল ব্যক্তি অথবা সফল উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।
