বিষাদৰ ছেপ্টেম্বৰ
ৰাজু কলিতা ,মাজুলী
ছেপ্টেম্বৰ মাহটো অহাৰ লগে লগে বতাহজাক যেন হঠাতে গধূৰ হৈ পৰিছে, আকাশৰ কাঁচিয়লি ৰ’দছোৱাৰ মাজতো এক অজান বিষাদৰ ছাঁয়া ভাঁহি উঠে। অসমীয়া মানুহৰ হিয়াৰ আমঠু, চিৰকালৰ যাযাবৰী সুৰকাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি প্ৰায় এবছৰ হ’ল। এই সুদীৰ্ঘ দিনে যেন সমগ্ৰ অসমবাসীকে শিকাই গ’ল কেনেকৈ এটা হাহাকাৰ বুকুৰ ভিতৰতে চেপি ৰাখি জীয়াই থাকিব লাগে। ছেপ্টেম্বৰ মানেই যেন এতিয়া কেৱল শৰতৰ শেৱালিৰ সুবাস নহয়, ছেপ্টেম্বৰ মানেই এতিয়া বুকু খামুচি ধৰা এক অপূৰণীয় শূন্যতা, স্মৃতিত জীয়াই থকা এজন মানুহৰ বাবে নীৰৱে চকুলো টোকাৰ এক বেদনাময় অধ্যায়। জুবিন গাৰ্গ কেৱল এজন গায়ক বা সংগীত শিল্পী নাছিল, তেওঁ আছিল অসমীয়া জাতিকো একসূত্ৰে বান্ধি ৰখা এক আবেগৰ নাম, যাৰ মাতত প্ৰতিজন অসমীয়াই নিজৰ হাঁহি-কান্দোন, আশা-প্ৰত্যাশা আৰু সংগ্ৰামৰ অনুৰণন বিচাৰি পাইছিল। তেওঁৰ অবিহনে পাৰ হৈ যোৱা প্ৰতিটো ঋতু, প্ৰতিটো উৎসৱেই যেন ইয়াৰ প্ৰকৃত সৌন্দৰ্য হেৰুৱাই পেলাইছে। বিহুৰ পথাৰখনতেই হওক বা নিশাৰ মাতাল সুৰৰ আড্ডাতেই হওক, সকলোতে কেৱল একেটাই উকা অনুভূতি “জুবিন গাৰ্গ আৰু নাই”। তেওঁৰ সেই উদাৰ হিয়া, অন্যায়ৰ বিৰুদ্ধে চিঞৰি উঠা সেই বিদ্ৰোহী কণ্ঠ আৰু দুখীয়া-নিচলাৰ বাবে কন্দা সেই মানৱীয় হৃদয়খন এতিয়া কেৱল এক ইতিহাস, যি ইতিহাসে প্ৰতি মূহূৰ্ততে বুকু ভাঙি লৈ যায়। প্ৰায় এক বছৰে এটা ভাল অসমীয়া গীত শুনিবলৈ পোৱা নাই কোনোৱে। আজিৰ এই সুকীয়া নিসংগতাই আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে কিছুমান মানুহৰ স্থান কেতিয়াও কোনো দ্বিতীয়জন ব্যক্তিয়ে পূৰণ কৰিব নোৱাৰে। এই এক নিদাৰুণ সত্য যে সময় আগবাঢ়ি যাব, নদীৰ পানী বৈ থাকিব, কিন্তু ছেপ্টেম্বৰ অহাৰ লগে লগে প্ৰতিগৰাকী অনুৰাগীৰ বুকুত আকৌ এবাৰ সেই একেই যন্ত্ৰণাদায়ক চিঞৰ প্ৰতিধ্বনি হ’ব। স্মৃতিৰ অতল গহ্বৰৰ পৰা ভাস্কৰ হৈ উঠিব সেই চিনাকি হাঁহিটো, সেই গীতৰ কলিকেইটা আৰু আমাৰ বুকুৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব কেৱল এক কৰুণ স্বৰ্গতোক্তি ছেপ্টেম্বৰ সঁচাকৈয়ে কেৱল বিষাদৰ, ছেপ্টেম্বৰ সঁচাকৈয়ে কেৱল জুবিন হীনতাৰ এক যন্ত্ৰণাদায়ক ইতিহাস।
