এক বিশাল সত্ত্বাৰ নাম জুবিন গাৰ্গ – অৰ্ণৱ কটকী

এক বিশাল সত্ত্বাৰ নাম জুবিন গাৰ্গ

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট 

জীৱনৰ শেষ উশাহলৈ বুকুত খোদিত হৈ থকা এটা নাম জুবিন গাৰ্গ। অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন প্ৰকৃতিৰ লালিত পালিত ঈশ্বৰ পুত্ৰ অসম গৌৰৱ জুবিন দা। নানা জাতি নানা ধৰ্মৰ সকলোকে একতাৰ এনাজৰীৰে বান্ধি, তেওঁ বিচৰা অসম খনি চাই আছে সুদূৰৰ পৰাই। গানৰ জুবিন, প্ৰাণৰ জুবিন, উশাহত জুবিন দা আজিও অক্ষত অৱস্থাত ৰাখিছে প্ৰতিজন ব্যক্তিয়েই। এবছৰীয়া দিৱসত একেলগে অসমৰ চৌপাশে কেৱল এজন ব্যক্তিক সেৱা,শ্ৰদ্ধা জনোৱা দেখিলোঁ, পূৰ্বে দেখা নাই এনে দৃশ্য। সকলো একেলগে থিয় হৈ।

তেওঁ গোৱা সেই বিখ্যাত গীতটো যেন কিছু অংশ মিলি গৈছে তেওঁৰ লগত। “জ্বলোৱা চাকি গছি মোৰ হয়” সঁচাই চহৰে নগৰে, গাঁৱে ভূঞে প্ৰতিঘৰ মানুহৰ ঘৰত জ্বলোৱা সেই চাকি গছি আজি তেওঁৰ নামতেই উৎসৰ্গিত।

প্ৰকৃতিৰ আচৰণৰ মাজতেই তেওঁ থকা কথাটো প্ৰমাণ দি আহিছে বিগত সময় খিনিত। তেওঁ নিজেই কৈছিল জুবিন গাৰ্গ হোৱাটো ইমান সহজ নহয়, তেতিয়া ভবা আৰু আজি সেই কথাটো ভবা মাজত বহুত পাৰ্থক্য। সঁচাই সহজ নহয় , অকল মানুহেই নহয় আকাশ বতাহ, ৰ’দ বৰষুণ, প্ৰকৃতি, জীৱ জন্তু, চৰাই সকলোৱে ভাল পাব পৰা জন কোনো ভগৱানৰ ৰূপেই হ’ব লাগিব, মানুহ ৰূপী

ঈশ্বৰ পুত্ৰ। এনেকুৱা বহু অলৌকিক ঘটনা বিগত সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে শুনি বা দেখি সকলোৱে আছে। ন কৈ কোৱাৰ প্ৰয়োজন হয়তো নাই।

অনাদি কাললৈ তেওঁক আৰু তেওঁৰ সৃষ্টি, তেওঁৰ কথা যুগে যুগে প্ৰচাৰ আৰু প্ৰসাৰ হওঁক।  প্ৰজন্মৰ পাছত প্ৰজন্মলৈ তেওঁক লৈ যোৱা ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য আছে। “তেওঁ কোৱা দৰে তেওঁ কোৱা কথা বিলাক ২০বছৰ পিছত বুজি পাব” তাতকৈ আমি আগতে বুজি নিজৰ ব্যক্তিগত জীৱনত পালন কৰোঁ আহক। জুবিন গাৰ্গ কোনো হব নোৱাৰে কিন্তু তেওঁ দেখুওৱা পথেৰে আগুৱাই যোৱা প্ৰয়াস কৰোঁ আহক।