জুবিনদা তুমি জাতিৰ সত্তা – কল্পনা দত্ত 

জুবিনদা তুমি জাতিৰ সত্তা 

কল্পনা দত্ত 
লুইত নগৰ 
 নুনমাটি গুৱাহাটী 

“যদি এজন মানুহ ঈশ্বৰলৈ ৰূপান্তৰিত হ’ব পাৰে”

( জুবিনদা সদায় জীয়াই আছে, তেওঁ অমৰ )

“মৃত্যু যদি
উৎসৱত পৰিণত হ’ব পাৰে
শ্মশান যদি
মন্দিৰ হ’ব পাৰে
এজন মানুহ
যদি ঈশ্বৰলৈ
ৰূপান্তৰিত হ’ব পাৰে
তেনেহ’লে তেওঁ জাতিৰ বাবে কি?
জুবিন মানেই আকাশ,বতাহ,
পৃথিৱী কঁপাই যোৱা এক সত্তা।”

ঈশ্বৰক কোনেও দেখা নাই। ঈশ্বৰৰ আকাৰ কেনেকুৱা আজিলৈকে কোনেও বুজি পোৱা নাই। মাথোঁ উপলব্ধি কৰা যায় কেনেকুৱা। যেতিয়া তেজ-মঙহৰ এজন মানুহ নিজৰ কৰ্মৰে, সৃষ্টিৰে , ত্যাগৰে অপাৰ মানৱতাৰে কোটি কোটি জনতাৰ চকুলো মচি দিব পাৰে, তেতিয়া তেওঁ লাহে লাহে মানুহৰ হৃদয়ত এক ‘ঈশ্বৰতুল্য’ স্থানলৈ ৰূপান্তৰিত হয়।

দুখীয়াৰ দুখ, শিশুৰ আকুলতা,বৃদ্ধজনৰ দৰদী মৰম একমাত্ৰ চাগে জুবিনদাই বুজি পাইছিল। তেওঁ অসমখনক “সোণৰ অসম”ৰ দৰে গঢ় দিবলৈ বিচাৰিছিল। কি হিন্দু,কি মুছলমান তেওঁৰ বাবে যে সকলো সমান আছিল । আমাৰ বাবে “জুবিন গাৰ্গ “কেৱল এজন কণ্ঠশিল্পী বা চিনেমা পৰিচালকেই নহয়; তেওঁ আচলতে এটা যুগ, এটা বিপ্লৱ আৰু অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন। তেওঁ কেৱল এজন ব্যক্তি নহয়, জুবিন দা এক সত্তা। আৰু যেতিয়া এজন মানুহ এনেকৈ এক ঐশ্বৰিক সত্তালৈ ৰূপান্তৰিত হয়, তেতিয়া প্ৰশ্ন হয়—  তেওঁ আচলতে এটা জাতিৰ বাবে কি?

প্ৰথমতে, তেওঁ হৈ পৰে এটা জাতিৰ বুকুৰ উশাহ আৰু মেৰুদণ্ড। এটা জাতিৰ স্বাভিমান আৰু গৌৰৱ জীয়াই ৰাখিবলৈ একো একোটা ডাঙৰ আশ্ৰয়ৰ প্ৰয়োজন হয়। জুবিন দা হৈছে সমগ্ৰ অসমীয়া জাতিটোৰ সেই আৱেগিক আশ্ৰয়স্থল, বৃহৎ বট বৃক্ষ। সেই বট বৃক্ষৰ তলত সকলোৱে ছাঁ ল’ব পাৰে।তেওঁৰ নামেৰে, তেওঁৰ সুৰেৰে আৰু তেওঁৰ সৰল ব্যক্তিত্বৰে আজি প্ৰতিজন অসমীয়াই বিশ্বৰ বুকুত নিজকে ‘অসমীয়া’ বুলি চিনাকি দিবলৈ এক সুকীয়া শক্তি আৰু সাহস পায়। তেওঁ জাতিটোৰ অস্তিত্বৰ অন্যতম এক সুৰক্ষা কৱচ।

দ্বিতীয়তে, তেওঁ দেৱদূত, তেওঁ ঈশ্বৰ পুত্ৰ। যেতিয়াই অসম আৰু অসমীয়া সমাজলৈ কিবা বিপদ আহিছিল— সেয়া বানপানীৰ বিভীষিকাই হওক, কোনো আৰ্তজনৰ জৰুৰী চিকিৎসাৰ কৰুণ আৰ্তনাদেই হওক, বা জাতিটোৰ ওপৰত অহা কোনো সাংস্কৃতিক অমৱস্যাই হওঁক— তেতিয়াই জুবিন দা এজন দেৱদূতৰ দৰে থিয় দিছিল। সমাজৰ ভণ্ডামি আৰু অন্যায়ৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ সদায় সিংহগৰ্জন হৈ পৰিছিল। তেওঁ কেতিয়াও মুখত কৃত্ৰিমতাৰ মুখা পিন্ধি জীয়াই থকা নাছিল ।তেওঁৰ নিষ্পাপ খং, তেওঁৰ চকুপানী আৰু তেওঁৰ মৰম সকলোবোৰ পানীৰ দৰেই স্বচ্ছ। তেওঁৰ মানুহৰ প্ৰতি নিস্বাৰ্থ মৰমৰ বাবেই তেওঁ মানুহৰ বাবে জীৱন্ত ভগৱান স্বৰূপ আছিল।

আমাৰ শৈশৱৰ উমলনি, কৈশোৰৰ প্ৰথম প্ৰেমৰ শিহৰণ আৰু যৌৱনৰ ঠিকনাহীন বাটৰ প্ৰতিটো খোজতে জুবিন দাৰ গীতবোৰে আমাক ছাঁৰ দৰে সংগ দি আহিছিল ।

নিঃসংগতাই যেতিয়া চাৰিওফালৰ পৰা বেৰি ধৰে, তেওঁৰ কণ্ঠৰ সেই মাদকতাই আমাৰ চকুলো মচি বুকুলৈ এক অনাবিল প্ৰশান্তি কঢ়িয়াই আনে। কায়িক ভাবে বৰ্তমান তেওঁ হয়তো নশ্বৰ হ’ব পাৰে, কিন্তু এজন মানুহ যেতিয়া এইদৰে এটা সমগ্ৰ জাতিৰ অভিভাৱক হ’ব পাৰে হয়তো তেতিয়াই ‘ঈশ্বৰ’লৈ ৰূপান্তৰিত হ’ব পাৰে।

জুবিন দাৰ আদৰ্শ আৰু সৃষ্টিৰাজি যুগ যুগ ধৰি অনাগত হাজাৰটা প্ৰজন্মৰ বাবে বাট দেখুওৱা এটা ‘চিৰসেউজ ধ্ৰুৱতৰা’ হৈ ৰৈ যাব।  নক্ষত্ৰ কেতিয়াও আকাশৰ পৰা সৰি নপৰে।

“জুবিন গাৰ্গ ” অসমীয়া জাতিৰ বাবে সূৰ্য্য । শিল্পীৰ কোনো বয়স নাথাকে, সত্তাৰ কোনো অন্ত নাথাকে। তেওঁ সদায় চিৰসেউজ। অসমৰ বুকুত যেতিয়া লৈকে ব্ৰহ্মপুত্ৰ বৈ থাকিব, তেতিয়া লৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জুবিন দাৰ কথা ক’ব।

তুমি অসমীয়া জাতিক দেখুৱাই গ’লা
মানৱ প্ৰেম কি?
মানৱ ধৰ্ম কি?
মানৱীয়তা কি?
“জুবিন দা তুমি জাতিৰ মহানায়ক। তুমি ঈশ্বৰ পুত্ৰ।”