ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ড্ৰাগছৰ পৰিমাণ বিচাৰ নকৰাকৈ কঠোৰ হ’বলৈ আৰক্ষীক নির্দেশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। দেৰগাঁৱত সংবাদ মাধ্যমৰ আগত এই প্রসংগত কয়- ড্ৰাগছৰ বিৰুদ্ধে যিসমূহ আইন আছে, সেই আইনৰ সুযোগ লৈ একাংশই এতিয়াও ড্ৰাগছৰ লগত জড়িত হৈ আছে। যদি কম পৰিমাণৰ ড্ৰাগছৰ সৈতে ধৰা পৰে কম শাস্তি, বেছি ড্ৰাগছৰ সৈতে ধৰা পৰিলে শাস্তি বেছি। এই আইন আমি মানি চলিবলৈ বাধ্য। কিন্তু মই আৰক্ষীক নির্দেশ দিছোঁ যে ১০ গ্রাম-১১ গ্রাম এইবোৰ হিচাপ কৰি থাকিব নালাগে, আমি ড্রাগগ্ৰৰ বিৰুদ্ধে কঠোৰ হ’ব লাগে। উল্লেখ্য যে দেৰগাঁৱত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সমাৰোহত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি উল্লেখ কৰে যে, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ম্যানমাৰ, বাংলাদেশ অসমৰ সীমাত থকাৰ বাবে নিচাজাতীয় সামগ্ৰীৰ প্ৰত্যাহ্বান বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মিজোৰাম, মণিপুৰেৰে নিচাজাতীয় সামগ্ৰীৰ কৰিড’ৰ কৰিছে অপৰাধীয়ে।অৰুণাচলৰ চাংলাঙেৰে তিনিচুকীয়া হৈ লৈছে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নতুন পথ। বৰাক উপত্যকা, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ নির্দেশ দিয়া হৈছে।
