কাজিৰঙাৰ সুৰক্ষা ইনষ্টাগ্রামত নহয়ঃমুখ্যমন্ত্রী

কাজিৰঙাৰ সুৰক্ষা ইনষ্টাগ্রামত নহয়ঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা-  কাজিৰঙাৰ ইক’ ছেনছিটিভ জ’নক লৈ সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে কাজিৰঙাক লৈ পুনৰ মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাক স্থানীয় ৰাইজক লগত লৈহে সুৰক্ষিত কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনত উপস্থিত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাজিৰঙাৰ প্ৰসংগত কয়- ৰাইজৰ লগত কথা পাতিয়েই কাজিৰঙাক সুৰক্ষিত কৰিব লাগিব। কাজিৰঙাৰ সুৰক্ষা ইনষ্টাগ্ৰামত নহয়। কাজিৰঙাৰ সুৰক্ষা গৌৰৱ গগৈয়েও কৰিব নোৱাৰে। ইয়াৰ সুৰক্ষা কৰিব লাগিব অভয়াৰণ্যখনৰ ওচৰে-পাঁজৰে থকা স্থানীয় ৰাইজে। গতিকে ৰাইজক খং উঠাই কিবা এটা কাম কৰা উচিত নহয়। ৰাইজৰ লগত থিয় হৈ থাকি, ৰাইজৰ সন্মতি লৈহে কাম কৰিব লাগিব আৰু আমাৰ চৰকাৰখনে তেনেধৰণে কাম কৰে। ৰাইজৰ সৈতে সংঘাতত নাযায়, সমন্বয়ৰ মাজেৰেহে কৰে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- কাজিৰঙাক ইক’ ছেনছিটিভজ’ন কৰিবই লাগিব। উচ্চতম ন্যায়ালয়ে আমাক ইয়াৰ বাবে নির্দেশ দিছে। গতিকে ৰাইজৰ লগত কথা পাতি ইয়াক আগুৱাই নিয়া হ’ব। কাজিৰঙাক স্থানীয় ৰাইজে সুৰক্ষিত নকৰিলে আন কোনেও কৰিব নোৱাৰে। ৰাইজে মোক ভোট দি মুখ্যমন্ত্রী পদত বহুৱাইছে, সেয়েহে ৰাইজৰ কথা শুনিয়েই মই কাম কৰিম। আনহাতে ইক’ ছেনছিটিভ জ’নক লৈ কংগ্ৰেছে চলাই অহা প্রতিবাদকো কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছে কাজিৰঙাৰ ওপৰত কথা ক’বই নালাগে। এজন মানুহৰ যেতিয়া লাজ একেবাৰেই নোহোৱা হৈ যায়, তেতিয়াহে এনেবোৰ কথা ক’ব পাৰে। কংগ্ৰেছৰো লাজ সম্পূর্ণৰূপে শেষ হৈছে বাবে কাজিৰঙাৰ কথা কৈছে। আমি কাজিৰঙাৰ আকাৰ বৃদ্ধি কৰিলোঁ, কাজিৰঙাত গঁড় হত্যা নোহোৱা কৰিলোঁ, কাজিৰঙালৈ আহি পর্যটকে আজি গৌৰৱ অনুভৱ কৰাৰ পৰিৱেশলৈ আমি আনিবলৈ সক্ষম হ’লোঁ। কিন্তু যেতিয়া এটা ৰাজনৈতিক দলে নিজেই জানে যে তেওঁলোকৰ দিনত গঁড়ক চোৰাং চিকাৰীৰ হাতত তুলি দিয়া হৈছিল, বুঢ়াপাহাৰৰ দৰে অঞ্চলত মানুহক সংস্থাপিত কৰা হৈছিল। আজি কাজিৰঙাৰ বাঘ-হাতী-গঁড় ওৰাঙলৈ যাব পৰা হ’ল। আমি কৰা উচ্ছেদবোৰৰ বাবে আজি কৰিড’ৰ নিৰ্মাণ হৈছে। এতিয়া যদি কংগ্রেছে কাজিৰঙাৰ কথা কয়, তেতিয়া এনে হ’ব যে মানুহে আৰু কাপোৰ-কানি পিন্ধিব নালাগে, লাজ বোলা একো বস্তু নাই, যেতিয়া লাজ একেবাৰে নোহোৱা হৈ যায়, তেতিয়াহে কংগ্ৰেছে কাজিৰঙাৰ কথা ক’ব লাগে।