নতুন দিল্লীত গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত উজনি অসমৰ চাৰি জিলাত হোৱা প্রলয়ংকৰী বানৰ লগতে আন কেইবাখনো জিলাত বানৰ ফলত উদ্ভৱ হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰাৰ লগতে ৰাজ্যখনৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ সবিশেষ দাঙি ধৰাৰ লগতে ইয়াৰ পৰিসৰ আৰু ৰাজ্য চৰকাৰে বান আক্রান্তক প্ৰদান কৰা সাহায্য তথা পুনৰ সংস্থাপন, পুনৰুদ্ধাৰক লৈ গ্ৰহণ কৰা পদক্ষেপ সম্পর্কেও সবিশেষ অৱগত কৰে। এই দীঘলীয়া বৈঠকত গৃহমন্ত্রী অমিত শ্বাহে বানৰ ক্ষয়-ক্ষতিৰ পৰিসৰ স্বীকাৰ কৰি ক্ষতিগ্রস্ত অঞ্চলসমূহৰ পুনর্বাসন আৰু পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাৰে ভাৰত চৰকাৰে বিনা সংকোচে অসমক সমর্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শৰ্মাই এই সাক্ষাৎকাৰ সন্দৰ্ভত কয়, আজি নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতি পুনৰ্বাসন প্রক্রিয়াৰ শেহতীয়া স্থিতি সম্পর্কে বিশদভাৱে অৱগত কৰাৰ লগতে অসমৰ সৈতে সম্পৃক্ত আন গুৰুত্বপূর্ণ বিষয়সমূহো আলোচনা কৰোঁ । অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনৰ কথা উল্লেখ কৰি তেওঁ লিখিছে, “অসমৰ বানৰ সমগ্ৰ সময়ছোৱাত তেখেতে আমাৰ সৈতে নিৰন্তৰ যোগাযোগেৰে পৰিস্থিতি সম্পর্কত সম্পূর্ণ নিৰীক্ষণ কৰাৰ লগতে পৰৱর্তী অৱস্থাত জনসাধাৰণক স্বাভাৱিক জীৱনযাত্রালৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰৰ পর্যাপ্ত সমর্থনৰ নিশ্চয়তা প্রদান কৰিছে । তেওঁ লগতে লিখিছে, তেখেতৰ সৈতে হোৱা প্ৰতিটো সাক্ষাতৰ দৰেই আজিও ওভতাৰ সময়ত সকলো সূক্ষ্মাতিসূক্ষ্ম বিষয়ৰ প্ৰতি তেখেতৰ গভীৰ মনোযোগ তথা বিশেষতঃ এক সুৰক্ষিত, সুস্থিৰ অসমৰ প্ৰতি তেখেতৰ অটল দায়বদ্ধতাই অনুপ্ৰাণিত কৰিলে । তেখেতৰ মূল্যৱান মার্গদর্শন আৰু সদায় আগবঢ়াই অহা দৃঢ় সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জনালোঁ ।
