ভিয়েটনামলৈ কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা
ৰঙিলী বাৰ্ত্তাসেৱা- বৈদেশিক পৰিক্ৰমা আৰু বস্তু বিভাগৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই অহা ২৬ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈ ৯ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভিয়েটনাম, লাও পিডিআৰ আৰু পালাউ ভ্রমণ কৰিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী মাৰ্ঘেৰিটাই ২৬ আৰু ২৭ আগষ্টত ভিয়েটনামত উপস্থিত থাকি ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃত্বক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ অগ্রগতি পর্যালোচনা কৰিব। উল্লেখ্য যে ভিয়েটনামৰ পাৰ্টী জেনেৰেল ছেক্ৰেটাৰী তথা ৰাষ্ট্ৰপতি টো লামৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ সম্পর্কক শেহতীয়াকৈ ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক ভ্রমণসূচীত গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ লগতে প্রবাসী ভাৰতীয় সমাজৰ সৈতেও মত বিনিময় কৰিব। ভিয়েটনাম ভ্রমণ সামৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই ২৮-২৯ আগষ্টত লাও পিডিআৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য ভাৰত আৰু লাও পিডিআৰৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বর্ষপূর্তি উদ্যাপনক অধিক অর্থপূৰ্ণ কৰা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লাও পিডিআৰৰ সৈতে থকা ভাৰতৰ ঘনিষ্ঠ আৰু ঐতিহাসিক সম্পর্ক তথা শক্তিশালী উন্নয়ন অংশীদাৰিত্বক অধিক আগুৱাই নিয়াৰ বিষয়ে মত বিনিময় কৰিব। লগতে তেওঁ দেশৰ সহযোগিতামূলক প্রকল্পসমূহৰ অগ্রগতি, বিশেষকৈ আমাৰ উমৈহতীয়া ঐতিহ্য সংৰক্ষণৰ সৈতে জড়িত প্রকল্পসমূহ পর্যালোচনা কৰিব। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্রমণকালত প্রবাসী ভাৰতীয় সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখ্য যে ভাৰত আৰু মেকং অঞ্চলৰ দেশসমূহৰ মাজত গভীৰ সভ্যতামূলক আৰু সাংস্কৃতিক সম্পর্ক আছে। ভিয়েটনাম আৰু লাও পিডিআৰ হৈছে ভাৰতৰ ‘Act East Policy’ আৰু ‘Indo-Pacific Vision’ৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ এই ভ্রমণে ASEANৰ ঐক্য আৰু কেন্দ্ৰীভূতকৰণৰ প্ৰতি ভাৰতৰ দৃঢ় প্রতিশ্রুতি পুনৰ নিশ্চিত কৰাৰ লগতে আছিয়ান-ভাৰতৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভিয়েটনাম আৰু লাও পিডিআৰত ভালেসংখ্যক চৰকাৰী কাৰ্যসূচী সমাপ্ত কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই ১-২ ছেপ্টেম্বৰত পালাউ ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ ফ’ৰামৰ অধীনস্থ নেতৃত্বৰ বৈঠক (Pacific Islands Forum (PIF) Leaders’ Meet-ing with Dialogue Partners)ত অংশগ্রহণ কৰিব। এই বৈঠক ৫৫সংখ্যক Pacific Islands Forum আৰু ইয়াৰ সৈতে জড়িত অন্যান্য বৈঠকৰ অংশ হিচাপে অনুষ্ঠিত হ’ব। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পালাউৰ নেতৃত্বৰ সৈতেও উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই ভ্রমণে ভাৰতক প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফ’ৰাম (PIF)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আৰু পি আই এফ বৈঠকৰ আঁৰত অন্যান্য Dialogue Part-nersৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্রদান কৰিব। কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ এই ভ্রমণে পালাউসহ প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফ’ৰাম আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ পৰম্পৰাগত ঘনিষ্ঠ আৰু দীর্ঘদিনীয়া অংশীদাৰিত্বক অধিক শক্তিশালী আৰু গভীৰ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব।
