কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰে বৈঠক মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূর্ণ উন্নয়ন আৰু আন্তঃগাঁথনিমূলক প্রকল্প সন্দর্ভত বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা। কেন্দ্রীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই অসমত শেহতীয়াকৈ হোৱা বনত ক্ষতিগ্ৰস্ত বাট-পথ মেৰামতি সম্পৰ্কে, কাজিৰঙাৰ এলিভেটেত কৰিড’ৰ আৰু গুৱাহাটী ৰিং ৰোড আদি বিষয়ত আলোচনা কৰে ৷ ইফালে এই বৈঠক সন্দর্ভত সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰি কয় যে অসমৰ শেহতীয়া বানত ক্ষতিগ্রস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰে মেৰামতি আৰু ভৱিষ্যতে বানৰ ক্ষতি হ্রাস কৰিব পৰাকৈ অধিক শক্তিশালী পথ নিৰ্মাণৰ সম্পৰ্কে কেন্দ্ৰীয় মন্ত্রী গাডকাৰীৰ সৈতে আলোচনা কৰা হয়। লগতে যোৰাবাটৰ কৃত্রিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ সামগ্রিক পুনৰ্নক্সা কৰাৰ বিষয়তো আলোচনা কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে উল্লেখ কৰে যে বানত ক্ষতি হোৱা কালভার্ট আৰু দলঙৰ ডিজাইন আৰু স্থাপনৰ উন্নতিৰ বাবে প্রমাণভিত্তিক পৰিকল্পনা ব্যৱহাৰ কৰি অধিক বান-প্ৰতিৰোধী ঘাইপথ নিৰ্মাণ কৰাৰ কথা আলোচনা কৰা হয়। এই ক্ষেত্রত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ৪ লেনযুক্ত ঘাইপথৰ ঘোষণা, অসমৰ বানৰ দ্বাৰা প্ৰভাৱিত নুমলীগড়-জাঁজী আৰু জাঁজী-ডিব্র-গড় ক্ষতিগ্রস্ত অংশৰ মেৰামতিৰ প্রয়োজনীয়তা, কালাইনৰ পৰা শিলচৰলৈ ৪ লেনযুক্ত ঘাইপথ, শ্রীভূমিৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ-শ্বিলং এক্সপ্ৰেছ কৰিড’ৰ আৰু গহপুৰ-নুমলীগড় সুৰংগৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। তেওঁ লগতে উল্লেখ কৰি কয় যে দুয়োটা প্রকল্পৰ বাবে প্ৰাৰম্ভিক কাম চলি আছে। কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কেন্দ্ৰীভূত ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাৰ লগতে বিভিন্ন প্রকল্পৰ বাবে ভূমি অধিগ্রহণ আৰু পৰিৱৰ্তন বিষয়ৰ আলোচনা কৰা হয়।
