ৰাতিপুৱা – এছ ইছলাম

Pc StockCake

(শিশু-কবিতা) 

ৰাতিপুৱা

এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা

 উঠা উঠা              সোণ ময়না
উঠা গিৰিসাই,
সৌ চোৱা             ৰহিম কৰিম
শুই থকা নাই।
সৌ চোৱা         চৰাই-চিৰিকটি
উঠিল কিৰিলিয়াই,
সৌ চোৱা               গাই দামূৰী
উঠিল হেম্বেলিয়াই।
সৌ চোৱা                পাৰ চৰাই
উঠিল ৰুণৰুণাই,
সৌ চোৱা            ঘন চিৰিকাই
উঠিল চিৰিকাই।
সৌ চোৱা          কুলি-কেতেকী
উঠিল কুউ কুউকৈ,
সৌ চোৱা             মঠ-মন্দিৰত
পুৱাৰ স্তুতিগীত গায়।
পূব আকাশত    ৰঙা বেলিটিয়ে
উঠিছে ৰাঙলী হৈ,
ফুলবোৰত       কলি ভোমোৰাই
আছে গুণগুণাই।
উঠা উঠা                সোণ ময়না
চকু হাত-মুখ ধোৱা,
পুৱাৰ জলপান     খাই উঠি গৈ
নিজৰ পাঠ কোৱা।