অশ্ৰুসিক্ত আকুতি – ভটিমা ৰাজবংশী

Pc Unsplash

অশ্ৰুসিক্ত আকুতি 

ভটিমা ৰাজবংশী,নলবাৰী

আৰু নো কিমান দিন আই,
তোমাৰ স্নেহময়ী শীতল কোলাত
থাকিব মোৰ ক্ষুদ্ৰ জীৱনৰ ঘাটি?
আৰু নো কিমান ৰাতি আই,
তোমাৰ বিতোপন সাদৰী কোলাত
জ্বলিব মোৰ প্ৰাণৰ চাকি।
আৰু নো কিমান দিন আই,
জন্ম, মৃত্যু, জৰা, ব্যাধি –
ক’ত যুগ-যুগৰ এই প্ৰবৃত্তি!
সাথৰ যেন এই কালৰ বৃত্তি, তথাপি…
জীৱন জীয়াই থকাৰ লালসাত আই
মৃত্যুৰ সংশয়ৰ নাপাওঁ নিবৃত্তি।
তুমি তো জ্ঞাত আই,
চৌৰাশী যোনিৰ উশাহ এৰি
মধুময় জীৱন পাওঁ পুণ্য কৰি;
কোন সতে যাম আই,
এই বিনন্দীয়া ধৰাৰ আলয় এৰি?
পঞ্চতত্ত্বই দিলে…
অস্থায়ী দেহৰ জীৱন আই,
তুমিও দিলা প্ৰাণ শিলত ঠাই।
জন্মদাত্ৰী আইৰ প্ৰাণৰ তনয় মই,
আত্মীয়ৰো বুকুৰ আপোন মই;
কোন স’তে চিঙি যাম
এই মৰমৰ এনাজৰী মই?
তুমিও ভালদৰে জানাই আই,
পলে পলে মই ল’লোঁ জগতৰ ঋণ;
আত্মাও চোন নহয় শৰীৰৰ অধীন।
দেহৰ প্ৰতিটো কোষ দান কৰিলেও আই,
পৰিশোধ কৰিব নোৱাৰিম এই অমূল্য ঋণ।
সেয়েহে সমস্ত জগতেই আই
মোৰ পূজনীয় কুল-দেৱ-দেৱী,
ক্ষুদ্ৰ জীৱনত কেনেকৈনো আই যাওঁ সেৱি!
দয়া কৰি আই দিবা মোক,
জনমে জনমে তোমাৰ চৰণ সেৱিবৰ ঠাই।
আৰুনো আই কিমান প্ৰহৰ আছে বাকী?
যাব লাগিব টুলুঙা জীৱন-নাও লৈ ভাটি;
ঘঁহি লওঁ কপালত এবাৰ
আই তোমাৰ শীতল পুণ্য মাটি,
ক্ষুদ্ৰ পলত পৱিত্ৰ মনেৰে
কৰি যাওঁ দণ্ডৱতে প্ৰণাম এটি।