যোৰহাটৰ প্ৰেয়সীৰ বাবে নিজ ঘৰত লুটপাত কৰা ঘটনাৰ নতুন তথ্য
ৰঙিলী বাৰ্ত্তাসেৱা- প্রেমিকাক সন্তুষ্ট কৰিবলৈ পিতৃৰ আৰ্জিত সোণৰ অলংকাৰ, নগদ ধন চুৰি কৰা বিতর্কিত যুৱক য়শ ধুনকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰৰ পিছত য়শ ধুনকাই ৰহস্যময়ী নাৰী পূবালী দত্তৰ বাবে আৰু প’ৰ্টেলৰ সাংবাদিক জিতেন্দ্ৰ সোমানীৰ প্ৰৰোচনাত এই কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে য়শ ধানুকাই। পূবালী দত্তই আৰু কেইমাহমানৰ ভিতৰতে তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। সেই বিশ্বাসৰ বাবেই প্ৰেমিকাৰ বাবে তেওঁ পিতৃৰ লকাৰৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ চুৰি কৰিছিল। এই ধনেৰে তেওঁ প্রেয়সীক আই ফোন, নগদ টকা প্ৰায় চাৰি লক্ষাধিক দিছিল। কিন্তু টকা নাপালেই য়শক প্রেমিকাই ব্লেকমেইলিং কৰিছিল বুলি মন্তব্য কৰে। পুত্ৰই কৰা এই কাণ্ডত নগৰৰ ট্ৰাক ষ্টেণ্ডৰ গংগা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী জয় আগৰৱালাই যোৰহাট সদৰ থানত যোৱা ১১ আগষ্টতে এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানত ২৮৫/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২), ৩০৬(এ), ৩১৭(২), ৩১৭(৫), ৩(৫), ৫৬ ধাৰাত এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে য়শ ধনুকাক। য়শ ধুনুকাৰ কাণ্ড এয়াই প্রথম নহয়। ইয়াত পূর্বেও পিতৃৰ নগদ পাঁচ লাখ টকা লৈ পলায়ন কৰিছিল। এই ঘটনাত আন দুগৰাকী অভিযুক্ত ক্রমে প’ৰ্টেলৰ সাংবাদিক জিতেন্দ্ৰ সোমানী আৰু ৰোহিত প্রসাদ পলাতক অৱস্থাত আছে। এক অজ্ঞাত স্থানৰ পৰা জিতেন্দ্র সোমানীয়ে কান্দি কান্দি সামাজিক মাধ্যমত এই ঘটনা সন্দর্ভত উল্লেখ কৰে যে য়শ ধনুকাই কিছু মিছা অভিযোগ আনিছে। তেওঁ উল্লেখ কৰে যে সোণখিনি বিক্ৰী কৰি টকা তেওঁক আনি দিয়াটো সত্য। তেওঁ তিনিবাৰ মুঠ ১২ লাখ টকা য়শ সোমানীক দিয়াৰ কথা স্বীকাৰ কৰে। কিন্তু প্ৰেমিকৰ ধনেৰে ৰঙীন পৃথিৱীৰ সুখ বিচাৰি ফুৰা পূবালী দত্তক লৈ এতিয়া ব্যাপক চর্চা চলিছে। কিয়নো এইগৰাকী ছলনাময়ী নাৰীয়ে প্রথম অৱস্থাত ঢেঁকীয়াখোৱা অঞ্চলত বিবাহ হৈছিল। কিন্তু বিবাহৰ কিছুদিনৰ পিছতে স্বামী গৃহক প্ৰতাৰণা কৰি সা- সম্পত্তি লৈ উধাও হৈছিল। ইয়াৰ পিছত বালিগাঁৱৰ আন এজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও তেতিয়াও অনুৰূপ ঘটনা সংঘটিত হৈছিল। কিছুদিনৰ আগলৈকে এইগৰাকী পূবালীয়ে নগৰৰ মাজমজিয়াৰ এখন হোটেলত কাম কৰিছিল। য়শৰ সৈতে বিয়া হোৱাৰ প্রতিশ্রুতি দি দীর্ঘদিন তেওঁৰ পৰা টকা আৰু বিভিন্ন উপহাৰ লৈ আছিল ছলনাময়ী পূবালীয়ে। কিন্তু এতিয়া ক’ত আছে এইগৰাকী নাৰী। আৰক্ষীয়ে তেওঁৰো অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে কেমেৰাৰ আগত য়শে স্বীকাৰ কৰিছিল যে লুটি নিয়া ধনেৰে বান্ধৱীক প্ৰদান কৰিছিল উপহাৰ। প্ৰায় ডেৰ লাখ টকীয়া আইফোন উপহাৰ দিছিল যুৱকজনে। কেৱল ইমানেই নহয় বান্ধৱীক অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ যাবৰ বাবে নগদ ১ লাখ টকা প্ৰদান কৰিছিল এইজন যুৱকে। তাৰোপৰি দুদিন ৫০ হাজাৰকৈ টকা যুৱতীগৰাকীৰ প্ৰদান কৰিছিল নিজৰ ঘৰতে সিন্ধি দিয়া য়শে। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ ঘটনাৰ প্ৰকৃত ৰহস্য।
