জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃৰ হিয়াভগা কান্দোন

জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃৰ হিয়াভগা কান্দোন

ৰঙিলী বাৰ্ত্তাসেৱা-  মৃত পুত্ৰৰ মৃত্যুৰ  ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃয়ে প্ৰতিবাদ সাব্যস্ত কৰে । মৃত পুত্ৰৰ ন্যায় বিচাৰি এগৰাকী মাতৃয়ে দিছপুৰত কান্দি কান্দি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে । মৃত পুত্ৰৰ ফটো বুকুত বান্ধি সুদূৰ ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি প্রতিবাদ কৰা এইগৰাকী মাতৃ হ’ল জেৰিণা বৰা। যোৱা ২৮ ফেব্ৰুৱাৰীত জেৰিণা বৰাৰ পুত্ৰ ৰাকেশ বৰাৰ বগীনদীৰ ক’লাপানীত স্কুটীৰে গৈ থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল। কিন্তু এই মৃত্যুক আৰক্ষীয়ে দুর্ঘটনা বুলি তদন্তৰ পৰা আঁতৰি অহাক লৈ ক্ষুব্ধ হৈ পৰিছে মাতৃগৰাকী। কেইবাবাৰো আৰক্ষীৰ ওচৰত তদন্তৰ দাবী কৰি বিফল হোৱা জেৰিণা বৰাই মঙলবাৰে জনতা ভৱনৰ সন্মুখত পুত্ৰ হত্যাৰ তদন্তৰ দাবীৰে পথৰ দাঁতিতে বহি পৰিল। উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত বগীনদীৰ ক’লাপানীত ৰাকেশ বৰাৰ মৃত্যুৰ পিছতে পৰিয়ালৰ লোকে বগীনদী থানাত ৰাকেশ বৰাক হত্যা কৰা বুলি এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু পৰিয়ালৰ এনে এজাহাৰৰ বিপৰীতে আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হৈহে যুৱকজনৰ মৃত্যু ঘটা বুলি বিষয়টোৰ পৰা আঁতৰি আহে। যাক লৈ অসহায় দুর্ভগীয়া মাতৃগৰাকীয়ে পুত্ৰৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজধানী দিছপুৰত প্ৰতিবাদত নামিবলগা হ’ল। ক্ৰন্দনৰত জেৰিণা বৰাৰ মুকলি অভিযোগ- মোৰ ল’ৰাৰ মৃত্যু কোনো দুর্ঘটনা নাছিল। এয়া এক সন্দেহজনক ঘটনা। তাৰ মৃত্যুৰ আঁৰত নিশ্চয় কিবা এটা লুকাই আছে। মই মুখ্যমন্ত্রীক লগ কৰিব বিচাৰোঁ। প্রয়োজন হ’লে চিবিআইৰ ওচৰলৈ গৈ এফ আই আৰ দাখিল কৰিম। যদি মই মোৰ পুত্ৰৰ মৃত্যুৰ ন্যায় নাপাও, তেন্তে নিজকে শেষ কৰি দিম। মোৰ স্বামী নাই, এতিয়া পুত্রক হেৰুৱালোঁ। জীয়াই থাকি কি কৰিম? জেৰিণা বৰাৰ দাবী- মৃত্যু হোৱা ৰাকেশ বৰাৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছে। ইয়াৰ বিপৰীতে স্কুটী চলাই গৈ দুর্ঘটনাত নিহত হোৱা বুলি আৰক্ষীয়ে কৰা দাবীৰ বিপৰীতে কিন্তু স্কুটীখনৰ কোনোধৰণৰ ক্ষতি হোৱা নাছিল। মাতৃগৰাকীয়ে ইয়াকো অভিযোগ কৰে যে উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীৰে কেইবাবাৰো আৰক্ষীৰ ওচৰ চাপিলোঁ যদিও আৰক্ষীয়ে কোনো সঁহাৰিয়েই নিদিলে। দৰাচলতে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ৰাকেশক হত্যা কৰা চক্ৰটোৱে আৰক্ষীক প্ৰভাৱান্বিত কৰিছে। মাতৃ জেৰিণা বৰাই তেওঁৰ পুত্ৰৰ হত্যাৰ আঁৰত চাৰিজন লোক ক্রমে পদ্মেশ্বৰ গগৈ, দীপু গগৈ, শৰৎ সোণোৱাল আৰু ৰুবুল তামুলী থকা বুলি অভিযোগ কৰে। এই লোককেইজনক আৰক্ষীয়ে ভালকৈ জেৰা কৰিলে বহু তথ্য পাব। আনকি ৰাকেশৰ ম’বাইলৰ সকলো দাতা পৰীক্ষা কৰিলেও তেওঁৰ মৃত্যুৰ বহু তথ্য পোহৰলৈ আহিব। মাতৃগৰাকীয়ে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি কৈ এজাহাৰত উল্লেখ কৰা এই চাৰিজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰা বুলিও অভিযোগ কৰে।