সময়ৰ শুভ্ৰ দিনলিপি
শৰৎ দাস, গহপুৰ ব্ৰহ্মাজান
শুকান খৰীৰ দ’মটোৰ
অন্তৰালত
ঊই পোকৰ এটা থোপ—
নিয়ৰৰ গধুৰ টোপালেও
স্পৰ্শ কৰিব নোৱৰা
নিৰাপত্তাৰ এক অদৃশ্য আৱেষ্টনী।
খৰীবোৰৰ ওপৰেৰে
গুৰি পৰুৱাৰ দীঘলীয়া লানী,
যেন
নিস্তব্ধতাৰ অন্তৰ্লীন স্পন্দন।
তলসৰা শেৱালিৰ অভিমান
ভাঙিবলৈ কোনো নাই,
মইনাহঁতৰ কুচনিত
শেৱালিৰ শুভ্ৰ পৰশ—
শেৱালি শেৱালি গোন্ধেৰে
মতলীয়া হ’ল
পুৱাৰ কোমল বতাহ।
এয়া শৰৎৰ আগমন—
কহুৱাৰ ভৰ যৌৱন,
ফৰিংফুটা জোনৰ
ৰূপালী আৱেশত
প্ৰকৃতিৰ উৰুঙা বুকুত
নীৰৱে লিপিবদ্ধ হয়
সময়ৰ শুভ্ৰ দিনলিপি।
