প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন গৃহৰ অনুমোদন

প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন গৃহৰ অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰে ৷ এই সাক্ষাৎ কালত বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ পুনৰ নিৰ্মাণ, কৃষি খণ্ডৰ উন্নয়ন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কে কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ সৈতে এক সফল বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° শর্মা। এই বৈঠকত প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন গৃহৰ অনুমোদনৰ লগতে বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত প্রধানমন্ত্রী আৱাস যোজনা গৃহৰ অনুমোদন, অসমৰ চাহ বাগিচা অঞ্চলৰ গৃহ নির্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায় আৰু কৃষি বিনিয়োগ আৰু বহনক্ষম কৃষিৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ১৩৯ কোটি টকাৰ অনুমোদন দিয়ে কেন্দ্ৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে। ইফালে এই বৈঠকৰ পিছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৈঠক সন্দৰ্ভত সদৰী কৰি কয় যে আজি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এক আলোচনা মিলিত হও ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা, নতুন গৃহ নিৰ্মাণ আৰু বানত ক্ষতিগ্ৰস্ত ঘৰসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ আৰু কৃষি খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ তেওঁ লগতে কয়,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমক ৫,০০০ কোটিৰো অধিক বিনিয়োগ, ৩.৮ লাখৰো অধিক নতুন গৃহ নিৰ্মাণ আৰু বানত ক্ষতিগ্ৰস্ত ঘৰসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ’ব । তদুপৰি কৃষি খণ্ডৰ উন্নয়নৰ বাবে অসমে লাভ কৰিব অতিৰিক্ত ১৩৯ কোটি টকা ।