বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া (৩৪)ই মঙলবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লয়। বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে। যোৱা ২৩ আগষ্টত বানবিধ্বস্ত বিহুবৰৰ এজন বৃদ্ধ লোকৰ সহায়ৰ বাবে গৈ পৰৱৰ্তী সময়ত নিশা ঘৰলৈ মটৰ চাইকেলৰে উভতি আহিছিল মানসজ্যোতি। সেই সময়ত অগাপিছাকৈ আহি থকা মানসজ্যোতিৰ সতীর্থসকলে তেওঁ বহু দেৰিলৈকে উভতি নহা দেখি বিচাৰ-খোচাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে মানসক তেজৰে তুমুৰলি অৱস্থাত চন্টক বিহুবৰৰ মাজৰ ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে। আঘাতপ্রাপ্ত মানসজ্যোতিক ততাতৈয়াকৈ নাজিৰাৰ লিগিৰীপুখুৰীস্থিত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়খনত প্রাথমিক চিকিৎসা কৰে যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অ’ এন জি চিৰ চুকাফা চিকিৎসালয়ত ভর্তি কৰে। ইয়াতো কোনোধৰণৰ সুফল নেদেখাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে। ডিব্ৰুগড়ত চিকিৎসা চলি থকা অৱস্থাতে মঙলবাৰে পুৱা প্রায় ছয় বজাত শেষ নিশ্বাস ত্যাগ কৰে বীৰ লাচিত সেনাৰ শিমলুগুৰিৰ সভাপতি মানসজ্যোতি চেতিয়াই। উল্লেখ্য যে নাজিৰা সমজিলাৰ ৰহদৈ আদাবাৰী চেতিয়া গাঁৱৰ প্ৰয়াত নন্দী চেতিয়া আৰু যমুনা চেতিয়াৰ কনিষ্ঠ পুত্র মানসজ্যোতি চেতিয়াই ১৯ জুলাইত প্রলয়ংকৰী বানৰ কবলত পৰি সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক বিভিন্ন ধৰণে বান সাহায্য প্রদান কৰি অহাৰ লগতে গৃহহাৰা বহু পৰিয়ালৰ ঘৰ নিৰ্মাণ কৰি দিছিল। দিন-ৰাতি একাকাৰ কৰি বানবিধ্বস্ত পৰিয়ালসমূহৰ মাজতে থাকি সহায় কৰি যোৱা মানসজ্যোতি চেতিয়াৰ এই দুর্ঘটনাজনিত মৃত্যুক সকলোৱে সহজভাৱে ল’ব পৰা নাই আৰু এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। ইফালে মৃত্যুৰ খবৰ পাই মানসৰ মাতৃ শোকত ভাগি পৰাৰ লগতে একাংশ আত্মীই জানিব দিয়ে ২৩ আগষ্ট দেওবাৰে দিনৰ প্ৰায় এঘাৰ বজাত বন্যার্তসকলৰ লগতে একাংশ নামঘৰত যাৱতীয় সামগ্রী বিতৰণ কৰিবলৈ আছে বুলি কৈ ওলাই যায়। কিছুদিনৰ পৰা মানসজ্যোতিয়ে বানবিধ্বস্ত অঞ্চলত কাম-বন কৰি নিশা প্রায় বাৰ, এক বজাত ঘৰ সোমায় বুলি কাষৰীয়া লোকে জানিবলৈ দিয়ে। আনদিনাৰ দৰে ২৩ আগষ্টতো দিনত যি ওলাই যোৱা জীৱিত অৱস্থাত আৰু ঘূৰি নাহিল বীৰ লাচিত সেনাৰ সৈনিকজন। ইফালে মানসজ্যোতি চেতিয়াৰ এই মৃত্যু দুর্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড ইও এক সৰৱ চৰ্চাৰ লগতে বিভিন্নজনৰ মাজত প্রশ্ন উঠিছে। উল্লেখ্য যে ১৯ জুলাইত অহা ছুনামিসদৃশ বানে নাজিৰাৰ নব্বৈ শতাংশ বিধ্বস্ত কৰাৰ সময়তে বিহুবৰ-শিলনী-নেপালীখুঁটি পথৰ কাষত থকা আতাউৰ ৰহমান নামৰ নব্বৈ ঊর্ধ্বৰ ৰোগাক্রান্ত ব্যক্তিজনৰ তিনিজনীয়া পৰিয়ালটোৰ বাঁহৰ ঘৰটো বানে সম্পূর্ণ উটুৱাই লৈ যায়। সেই দিন ধৰি এই দুৰ্ভগীয়া পৰিয়ালটোৱে এচাৰ নামৰ তেল ডিপো এটাৰ কাউণ্টাৰৰ পকী ছাদৰ ওপৰত আশ্রয় ল’ব লগা হয়। পানী শুকোৱাৰ পিছত পৰিয়ালটোৱে নিজৰ ঠাইত ঘৰ সাজিবলৈ অহাত কাষতে থকা এটা পৰিয়ালে মাটিডোখৰত ঘৰ সাজিবলৈ নিদিয়ে। ফলত তেনেকৈয়ে তেল ডিপোৰ পকী ছাদৰ ওপৰত এমাহৰো অধিক দিন বহু কষ্টৰে থকাত এই খবৰ বিভিন্ন মাধ্যমেৰে প্ৰচাৰ হৈ পৰে। ফলত এই দুৰ্ভগীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে চণ্টক-বিহুবৰ অঞ্চলৰ কেইবাশ লোকে আগবাঢ়ি আহি আতাউৰ ৰহমান নামৰ ৰোগাক্রান্ত ব্যক্তিজনৰ নিজা মাটিত ঘৰ সাজিবলৈ ব্যৱস্থা কৰাত কাষৰ আবিদুৰ নামৰ ব্যক্তিজনৰ পৰিয়ালৰ কেইবাগৰাকীও মহিলাই অশ্লীল ভাষাৰে গালি পাৰি বাধা দিয়ে। ৰাইজে এই বাধাক নেওচি শান্তভাৱে ঘৰ সাজিবলৈ লয় আৰু এটা সংগঠনৰ নেতৃত্ব বহন কৰা মানসজ্যোতি চেতিয়ায়ো শান্তভাৱে মানৱীয়তাৰ খাতিৰত বৃদ্ধজনক থাকিবলৈ দিয়ক বুলি কোৱাত এগৰাকী মহিলাই মানসজ্যোতিক ওলোটাই কটু কথা শুনোৱাৰ দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱা দেখা গৈছিল। সেই সময়ত তাত উপস্থিত থকা আৰক্ষীৰ শীৰ্ষ বিষয়া, গাঁওবুঢ়াসহ ৰাইজে লোৱা সিদ্ধান্তমর্মে কাষতে থকা অর্ধনির্মিত এটা গৃহত টিন, বাঁহৰ বেৰা লগাই বৃদ্ধসহ পৰিয়ালটোক থাকিবলৈ সুবিধা দি সকলো ঘৰাঘৰি হয়। কিন্তু উক্ত নিশাই নব্বৈৰ ঊর্ধ্বৰ বৃদ্ধজনক কোনো লোকে বেয়াকৈ প্ৰহাৰ কৰাত চকু, হাতত আঘাতপ্রাপ্ত হোৱাৰ খবৰ বিয়পি পৰাত পিছদিনা নিশা বৃদ্ধজনৰ খবৰ কৰিবলৈ আহোঁতে মানসজ্যোতিৰ এই দুর্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উঠাৰ লগতে বীৰ লাচিত সেনায়ো মানসজ্যোতিৰ মৃত্যুৰ ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ তুলি যিকেইগৰাকী মহিলাই দুর্ব্যৱহাৰ কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ইয়াৰ এক উচিত তদন্তৰো দাবী জনাইছে। অন্যথা গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে বীৰ লাচিত সেনাই। মানসজ্যোতি চেতিয়াৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড়ৰ পৰা ৰহদৈ আদাবাৰী চেতিয়া গাঁৱৰ নিজ গৃহলৈ আনি থকাৰ লগতে গৃহ ঠাইৰ খেলপথাৰত অন্তিম শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সাজু কৰি তোলা হৈছে। মানসজ্যোতি চেতিয়াৰ এজন ককায়েকৰ কিছু বছৰ পূৰ্বে মৃত্যু হোৱাৰ লগতে আজি মানসজ্যোতিয়ো মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত মানসজ্যোতিয়ে ইহসংসাৰত মাতৃৰ লগতে এজন ককায়েক, বায়েক, বৌৱেক, ভিনীহিয়েক, ভতিজীসহ আত্মীয়-কুটুম্বক এৰি থৈ যায়।
