পিএমএফএমই আঁচনিৰ শ্রেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যিক বঁটা লাভ অসমৰ

পিএমএফএমই আঁচনিৰ শ্রেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যিক বঁটা লাভ অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উদ্যোগ খণ্ডলৈ সুখবৰ। প্ৰধানমন্ত্ৰী সূক্ষ্ম খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আনুষ্ঠানিককৰণ (পিএমএফএমই) আঁচনিৰ সফল ৰূপায়ণৰ বাবে অসমে ‘মধ্যম ৰাজ্য’ (Medium State Category) শ্ৰেণীত দেশৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ বঁটা লাভ কৰিছে। নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত অনুষ্ঠিত পিএমএফএমই কনক্লেভ ২০২৬-ত কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে এই সন্মানীয় বঁটা প্ৰদান কৰে। অসম চৰকাৰৰ হৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-ৰ ৰাজ্যিক অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে।  উল্লেখ্য যে ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনত পিএমএফএমই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে আত্মপ্রকাশ কৰি ডিব্ৰুগড়ে এক মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ২৯৬টা ঋণৰ লক্ষ্যৰ বিপৰীতে ডিব্ৰুগড়ে ৪০৪টা পিএমএফএমই-এ ঋণৰ অনুমোদন জনাইছে। যিয়ে নিজৰ লক্ষ্যৰ প্ৰায় ১৩৬ শতাংশ লাভ কৰিছে। ইয়াৰ জৰিয়তে ক্ষুদ্র খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত শক্তিশালী অগ্ৰগতিৰ প্ৰতিফলন হৈছে। আনহাতে এই বঁটা লাভ কৰাৰ পাছতে মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে পোষ্ট কৰি অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে তেওঁ কয় যে, অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত! অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-এ প্ৰধানমন্ত্ৰী সূক্ষ্ম খাদ্য সংসাধন উদ্যোগীকৰণ আঁচনি (PMFME)ৰ সফল ৰূপায়ণৰ বাবে মধ্যম ৰাজ্য শ্ৰেণীত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ বঁটা লাভ কৰাত আনন্দিত হৈছোঁ। নতুন দিল্লীত অনুষ্ঠিত PMFME কনক্লেভত মাননীয় কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছৱান ডাঙৰীয়াই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক এই সন্মানীয় বঁটা প্ৰদান কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হৈ ৰাজ্যিক অভিযান সঞ্চালক শ্ৰী কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়াই বঁটাটি গ্ৰহণ কৰে। এই সন্মানে গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোট, গ্ৰামীণ উদ্যমী, বিষয়াসকল আৰু সংশ্লিষ্ট সকলোৰে নিষ্ঠা, পৰিশ্ৰম আৰু সমন্বিত প্ৰচেষ্টাৰ এক স্বীকৃতি বহন কৰিছে। স্থানীয় খাদ্য-সংসাধন উদ্যোগৰ বিকাশৰ লগতে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য সফলতা। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ লগতে মহিলা আৰু ক্ষুদ্ৰ উদ্যমীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই গৌৰৱময় সাফল্যৰ বাবে ASRLMৰ সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি একেলগে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ নতুন সংকল্পৰে আগুৱাই যাওঁ।