ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত মক্তব প্ৰতিযোগিতা ও দোৱা মেহফিল 

ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত মক্তব প্ৰতিযোগিতা ও দোৱা মেহফিল 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ইং ২৩ আগষ্টত  ডিব্ৰুগড়স্থিত দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাৰ প্ৰাঙ্গণত এদিনীয়া কাৰ্যসূচীৰেআৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত ‘মক্তব প্ৰতিযোগিতা ও দোৱা মেহফিল’ৰ অন্ত পৰে। অনুষ্ঠানটিৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য আছিল চাউলখোৱা অঞ্চলৰ অন্তৰ্গত চবাহী মক্তব (ধৰ্মীয় শিক্ষা কেন্দ্ৰ) সমূহৰ ছাত্ৰ- ছাত্ৰী সকলক ইচলাম ধৰ্মৰ মানৱীয় দিশৰ প্ৰাথমিক তথা প্ৰয়োজনীয় ধৰ্মীয় শিক্ষাৰে অনুপ্ৰাণিত ও প্ৰভাৱিত কৰা।  অনুষ্ঠানত চাউলখোৱা অঞ্চলৰ প্ৰায় ১০ খন চবাহী মক্তবৰ ছাত্ৰ -ছাত্ৰী সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিষয়বস্তু উপস্থাপন কৰে। আমন্ত্ৰিত অতিথিৰ উপস্থিতিত বঁটা বিতৰণী সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বঁটা, প্ৰশংসা পত্ৰ আৰু নগদ ধন দি সন্মানিত কৰা হয়।অনুষ্ঠানত সভাপতিত্ব কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি লিয়াকত আলিয়ে। অনুষ্ঠানত উপস্থিত থাকে মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি চেলিম উদ্দিন আহমেদ প্ৰমুখ্য কৰি নেকিব উদ্দিন আহমেদ , নেজিব হুছেইন চাবৰী , নূৰ আলম খান , ছফি আলম খান ,মাদ্ৰাছাৰ প্ৰাক্তন সভাপতি  মুহিবুল আহমেদ , মহম্মদ ইছলাম , নজিফুৰ ৰহমান , মাদ্ৰাছাৰ জ্যেষ্ঠ উপদেষ্টা জেহিৰ উদ্দিন আহমেদ, ফিৰোজ আহমেদ হাজৰিকা,  মহম্মদ হুছেইন ,ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টৰ নাচিৰ চুলতান, মাদ্ৰাছাৰ সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিন আহমেদৰ লগতে সহঃ সম্পাদক চলমান আলি, ইনামুল শ্বেখ, সমাজ সেৱক দিয়ানুদ্দিন আহমেদ, জ্যেষ্ঠ সাংবাদিক এম হাছিম আলী, মনিৰুদ্দিন আহমেদ তথা অন্যান্য গণ্যমান্য ব্যক্তিসকল। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথিদ্বয় জামিয়া ইছলামীয়া জালালিয়া হোজাই মাদ্ৰাছাৰ শ্বেইখুল হাদিচ হজৰত মৌলানা মুফতি চবিহ আখতাৰ কাছিমী  আৰু মোহাদ্দিচ হজৰত মৌলানা আকিলুৰ ৰহমান কাছিমীয়ে তেখেতলোকৰ তত্বগধুৰ ভাষণেৰে  ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। আমন্ত্ৰিত মুখ্য অতিথি হজৰত মৌলানা মুফতি চবিহ আখতাৰে বিশ্ব শান্তি তথা ৰাইজৰ বাবে দোৱা -প্ৰাৰ্থনা কৰে। সভাপতিৰ মন্তব্যত লিয়াকত আলিয়ে অনুষ্ঠানটিৰ আয়োজক মাদ্ৰাছাৰ শিক্ষকসকলৰ প্ৰশংসা কৰাৰ লগতে উপস্থিত ৰাইজৰ শলাগ লয় আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।