বেংকৰ ক্ৰেডিট কাৰ্ড আৰু সাধাৰণ গ্ৰাহকৰ দুৰ্দশা – শংকৰ দেৱ

Pc Zee Business

(এক আলোকপাত)

বেংকৰ ক্ৰেডিট কাৰ্ড আৰু সাধাৰণ গ্ৰাহকৰ দুৰ্দশা

 শংকৰ দেৱ, দেৰগাঁও

বৰ্তমানৰ আধুনিক জীৱনশৈলীৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে বেংকৰ ক্ৰেডিট কাৰ্ড। ‘এতিয়া ক্ৰয় কৰক, পিছত ধন দিয়ক’—এই আকৰ্ষণীয় শ্লোগানেৰে বেংকসমূহেই হওক বা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানসমূহেই হওক, অতি সহজেই সাধাৰণ মধ্যবিত্ত তথা নিম্ন-মধ্যবিত্ত গ্ৰাহকক ক্ৰেডিট কাৰ্ডৰ প্ৰতি আকৰ্ষিত কৰে। কিন্তু জিলিকি থকা সকলো বস্তুৱেই সোন নোহোৱাৰ দৰে, বহু গ্ৰাহকৰ বাবে এই ক্ৰেডিট কাৰ্ড সুখৰ সলনি চৰম মানসিক যন্ত্ৰণা, অনলাইন প্ৰৱঞ্চনা আৰু ঋণৰ বোজাৰ কাৰণ হৈ পৰিছে। নগদ ধন অবিহনেও সহজে ক্ৰয় কৰিব পৰা, চিকিৎসাৰ জৰুৰী খৰচ বহন কৰা, ভ্ৰমণৰ টিকট কটা, হোটেল বুকিং কৰা অথবা অনলাইন ব্যৱসায়িক লেনদেন সম্পন্ন কৰাৰ ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ লগে লগে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰো দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) তথ্য অনুসৰি দেশত ক্ৰেডিট কাৰ্ডৰ সংখ্যা ইতিমধ্যে ১০ কোটিৰো অধিক অতিক্ৰম কৰিছে। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে এই ব্যৱস্থাই জনসাধাৰণৰ মাজত কিমান জনপ্ৰিয়তা লাভ কৰিছে।

কিন্তু ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ আঁৰত লুকাই আছে বহু বিপদ আৰু সমস্যাও। বিশেষকৈ সীমিত আয়ৰ মধ্যবিত্ত আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালসমূহে বহু সময়ত ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান নথকাৰ বাবে ঋণৰ ফান্দ, অনলাইন প্ৰৱঞ্চনা আৰু আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। ফলত যি ক্ৰেডিট কাৰ্ডে জীৱন সহজ কৰাৰ কথা, সেয়াই বহু ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগৰ উৎস হৈ পৰে।

ক্ৰেডিট কাৰ্ড প্ৰদানৰ সময়ত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে কেছবেক, ৰিৱাৰ্ড পইণ্ট, বিশেষ ৰেহাই আদি আকৰ্ষণীয় প্ৰলোভন আগবঢ়ায়। ইয়াৰ ফলত বহু গ্ৰাহকে নিজৰ আৰ্থিক সামৰ্থ্যৰ কথা বিবেচনা নকৰাকৈ অধিক খৰচ কৰিবলৈ আৰম্ভ কৰে।

বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে ক্ৰেডিট কাৰ্ড জড়িত চাইবাৰ অপৰাধ। প্ৰৱঞ্চক চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি সাধাৰণ লোকক ঠগিবলৈ চেষ্টা কৰি আহিছে। ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ চাইবাৰ জালিয়াতিৰ অভিযোগ পঞ্জীয়ন হৈ আছে। বহু ক্ষেত্ৰত ভুক্তভোগীয়ে জীৱনৰ সঞ্চিত ধন মুহূৰ্ততে হেৰুৱাই পেলাইছে।

এই প্ৰৱঞ্চক চক্ৰই সাধাৰণতে তলত উল্লেখ কৰা পদ্ধতিসমূহ অধিক ব্যৱহাৰ কৰা দেখা পোৱা যায় । যেনেকৈ  ভুৱা কেৱাইচি (KYC) আপডেট লিংক, বেংকৰ নামত ভুৱা ফোনকল, লটাৰী বা উপহাৰৰ প্ৰলোভন,  নকল ই-কমাৰ্চ ৱেবছাইট, QR Code স্কেম, SIM Swap Fraud,  Remote Access App আদিৰ জৰিয়তে মোবাইল নিয়ন্ত্ৰণ ইত্যাদি ইত্যাদি।

লগতে এইটোও উল্লেখ কৰিব পাৰি যে ক্ৰেডিট কাৰ্ডৰ সুদৰ হাৰ  বহু বেছি। বহু বেংকে মাহিলী ৩%ৰ পৰা ৪% পৰ্যন্ত সুদ লয়, যাৰ বাৰ্ষিক হাৰ ৩৬%ৰ পৰা ৪৮% পৰ্যন্ত হ’ব পাৰে। ধৰি লওক এজন গ্ৰাহকে পঞ্চাছ হাজাৰ  টকা ব্যয় কৰিলে আৰু সময়মতে সম্পূৰ্ণ বিল পৰিশোধ নকৰিলে। তেন্তে সুদ, বিলম্ব মাচুল আৰু কৰ সংযোজন হৈ কেইমাহমানৰ ভিতৰতে ঋণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব পাৰে। আটাইতকৈ চিন্তাজনক বিষয়টো হৈছে—বহু গ্ৰাহকে কেৱল “Minimum Amount Due” পৰিশোধ কৰিয়েই নিজকে নিৰাপদ বুলি ভাবে। কিন্তু ইয়াৰ ফলত মূল ঋণ হ্ৰাস নাপায়, বৰঞ্চ বাকী ধনৰ ওপৰত সুদৰ বোজা বৃদ্ধি হৈ থাকে।

সাধাৰণতে ক্ৰেডিট কাৰ্ডৰ বাবে আদায় কৰা মাচুলসমূহ হ’ল যেনেকৈ  Annual Fee (বাৰ্ষিক মাচুল),  Joining Fee,  Late Payment Charge, Over Limit Fee, Cash Withdrawal Charge, Foreign Currency Mark-up Fee , GST ইত্যাদি ইত্যাদি।  বহু ক্ষেত্ৰত এই মাচুল সমূহ মিলাই গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজাৰ সৃষ্টি কৰে । জৰুৰী অৱস্থাত এটিএমৰ পৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি নগদ ধন উলিওৱাটো সহজ যেন লাগিলেও ই এক ব্যয়বহুল ব্যৱস্থা। কিয়নো নগদ ধন উলিওৱাৰ লগে লগে সুদ গণনা আৰম্ভ হয় আৰু লগতে পৃথক কেছ এডভান্স চাৰ্জ আদায় কৰা হয় । আৰ্থিক বিশেষজ্ঞসকলে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নগদ ধন উলিওৱা সম্ভৱ হ’লে পৰিহাৰ কৰিবলৈহে পৰামৰ্শ দিয়ে।

বিল পৰিশোধত সামান্য পলম হ’লেই বহু গ্ৰাহকে বেংক বা ৰিকভাৰী এজেণ্টৰ ঘন ঘন ফোনকলৰ সন্মুখীন হয়। ইয়াৰ ফলত বহু লোক মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে কেতিয়াবা আৰ্থিক সমস্যাৰ বাবে ঋণ পৰিশোধ কৰিব নোৱাৰা লোকসকলৰ ওপৰত অতিৰিক্ত মানসিক চাপ সৃষ্টি হয়, যিটো এক সামাজিক সমস্যালৈ ৰূপান্তৰিত হৈছে।

অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ গ্ৰাহকে ধন হেৰুওৱাৰ পিছত যেতিয়া বেংকৰ কাষ চাপে, তেতিয়া বেংক কৰ্তৃপক্ষৰ পৰা প্ৰায়েই আশানুৰূপ সঁহাৰি পোৱা নাযায়। ওলোটাই প্ৰৱঞ্চনাৰ বলি হোৱা ধনখিনিও গ্ৰাহকক পৰিশোধ কৰিবলৈ বেংকে মানসিক চাপ দিয়ে। এই বিবাদৰ বাবে বিল পৰিশোধ নকৰিলে বেংকে গ্ৰাহকৰ ‘চিবিল স্ক’ৰ’ (CIBIL Score) কমাই দিয়ে । চিবিল স্ক’ৰ হৈছে এজন ব্যক্তিৰ ঋণ পৰিশোধৰ বিশ্বাসযোগ্যতাৰ সূচক। সাধাৰণতে ৭৫০ বা তাতকৈ অধিক স্ক’ৰ উত্তম বুলি গণ্য কৰা হয়। ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ নকৰিলে বিষেশকৈ চিবিল স্ক’ৰ হ্ৰাস পায় ফলত ভৱিষ্যতে গৃহ ঋণ পোৱাত অসুবিধা হয়, বাহন ঋণ লাভ কৰাটো কঠিন হয়, বেংকৰ বিশ্বাসযোগ্যতা হ্ৰাস পায় অৰ্থাৎ  এক সৰু ভুলে ভৱিষ্যতৰ বহু আৰ্থিক সুযোগৰ দুৱাৰ বন্ধ কৰি দিব পাৰে।

এই জটিল সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে গ্ৰাহক নিজে অত্যন্ত সজাগ আৰু ডিজিটেলভাৱে শিক্ষিত হোৱাটো জৰুৰী। ক্ৰেডিট কাৰ্ডৰ কোনো গোপন তথ্য কাৰোৰেই সৈতে ভাগ-বতৰা কৰিব নালাগে। অনলাইন লেনদেনৰ সুৰক্ষাৰ বাবে কাৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু অনলাইন লিমিট নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। কোনো ধৰণৰ অনলাইন প্ৰৱঞ্চনাৰ বলি হ’লে পলম নকৰি লগে লগে বেংকক কাৰ্ডখন ব্লক কৰিবলৈ জনাব লাগে আৰু ২৪ ঘণ্টাৰ ভিতৰত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ পৰ্টেল (১৯৩০) ত অভিযোগ কৰিব লাগে। যদি বেংকে এই ক্ষেত্ৰত সহায় নকৰে, তেন্তে গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘বেংকিং ওমবুডচমেন’ (Banking Ombudsman) বা গ্ৰাহক আদালতৰ দ্বাৰস্থ হোৱা উচিত। চৰকাৰ আৰু ৰিজাৰ্ভ বেংকেও চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ আৰু প্ৰৱঞ্চনাৰ বলি হোৱা গ্ৰাহকক সুৰক্ষা দিবলৈ আইনসমূহ অধিক কঠোৰ কৰাটো বৰ্তমান সময়ৰ এক ডাঙৰ দাবী।

বিশেষজ্ঞসকলৰ মতে ক্ৰেডিট কাৰ্ড ব্যৱহাৰত তলৰ সাৱধানতাসমূহ অত্যন্ত প্ৰয়োজনীয়—
* OTP, PIN আৰু CVV কেতিয়াও কাৰো লগত প্ৰকাশ কৰিব নালাগে ।
* সন্দেহজনক লিংকত ক্লিক কৰিব নালাগে।
*  সময়মতে সম্পূৰ্ণ বিল পৰিশোধ কৰিব লাগে।
* মোবাইলত Transaction Alert সক্ৰিয় কৰি ৰাখিব লাগে।
* অনলাইন আৰু আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ সীমা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে।
* নিয়মীয়াকৈ কাৰ্ডৰ ষ্টেটমেণ্ট পৰীক্ষা কৰি থাকিব লাগে।
* অপ্ৰয়োজনীয় একাধিক ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব নালাগে।

ক্ৰেডিট কাৰ্ড আধুনিক অৰ্থনীতিৰ এক শক্তিশালী আৰ্থিক সঁজুলি। কিন্তু সজাগতা, আৰ্থিক শৃংখলা আৰু ডিজিটেল সুৰক্ষাৰ জ্ঞান অবিহনে ইয়াৰ ব্যৱহাৰে সাধাৰণ গ্ৰাহকক ঋণ, প্ৰৱঞ্চনা আৰু মানসিক অশান্তিৰ গভীৰ গহ্বৰত ঠেলি দিব পাৰে। সেয়েহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকে সচেতন, সংযমী আৰু তথ্যসমৃদ্ধ হোৱাটো একান্তই প্ৰয়োজন। একে সময়তে বেংক, চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকেও গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অধিক স্বচ্ছ, জবাবদিহিমূলক আৰু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ এক গুৰুত্বপূৰ্ণ দাবী। “ক্ৰেডিট কাৰ্ড সুবিধাৰ মাধ্যম হ’ব লাগে, ই কাৰোৰেই ক্ষেত্ৰত কোনো দুৰ্দশাৰ কাৰণ হ’ব নালাগে ‘ ।