গুজৰাটত ১৫০ টন উৎপাদন ক্ষমতাসম্পন্ন ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

গুজৰাটত ১৫০ টন উৎপাদন ক্ষমতাসম্পন্ন ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ সেউজ অর্থনীতিৰ বিকাশৰ দিশত অসমে এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে। ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্রখনত মাইলৰ খুঁটি স্থাপন কৰি গুজৰাটৰ কাণ্ডলাত দেশৰ প্রথমটো বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। অসম পেট্র’-কেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ সম্মিলিত প্রচেষ্টাত গঢ় লৈ উঠিবলগীয়া প্রকল্পটোত কেন্দ্রীয় বন্দৰ-জাহাজ পৰিবহণ-জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ সৈতে আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে দৈনিক ১৫০ টন (টি পি ডি) উৎপাদন ক্ষমতাৰ দেশৰ অন্যতম বৃহৎ ই-মিথানল প্রকল্পটো ২,৩০০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰিবলৈ লোৱা হৈছে। এই প্রকল্পটোৱে ৩,৫০০ৰো অধিক যুৱক-যুৱতী, অভিযন্তা আৰু দক্ষ কৰ্মচাৰীৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষ কর্মসংস্থাপনৰ সুযোগ প্রদান কৰিব। ভাৰতৰ পশ্চিম প্ৰান্তৰ অন্যতম ব্যস্ত সামুদ্রিক বাণিজ্যিক পথত অৱস্থিত কাণ্ডলা বন্দৰত নিৰ্মাণ হ’বলগীয়া প্রকল্পটোৱে দেশৰ আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু জাহাজ পৰিবহণৰ প্ৰদূষণ হ্রাস কৰিব। এই প্রকল্পটোৱে ঔদ্যোগিক খণ্ডত অসমৰ ক্রমবর্ধমান সবল উপস্থিতি তথা সামর্থ্যকো প্রতিফলিত কৰিছে। এই উপলক্ষে গুজৰাটৰ গান্ধীধামৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ প্রদর্শনী ক্ষেত্রত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই প্রকল্পটোৱে ভাৰতবৰ্ষক সেউজ ইন্ধন যোগানৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ২০২১ চনত গ্লাচগোত আয়োজিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সম্মিলনত অংশগ্ৰহণ কৰি ২০৭০ চনৰ ভিতৰত ভাৰতবৰ্ষই কার্বন নির্গমন শূন্যলৈ হ্রাস কৰাৰ লক্ষ্য নির্ধাৰণৰ কথা উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই দৃষ্টিভংগীৰ পিছতে সমগ্র দেশতে সূচনা হোৱা সেউজ ইন্ধনৰ নতুন আন্দোলনটোক গুজৰাটে নেতৃত্ব দিবলৈ সক্ষম হৈছে। ৰাজ্যখনে সৌৰশক্তি, সেউজ হাইড্র’জেন আদি উৎপাদনেৰে ভাৰতবৰ্ষক জীৱাশ্ম ইন্ধনৰ পৰা সেউজ ইন্ধন ব্যৱহাৰলৈ হোৱা যাত্ৰাৰ নেতৃত্ব বহন কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী মোদীৰ সেউজ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ এই দৃষ্টিভংগী ক্রমান্বয়ে দেশৰ সকলো ৰাজ্যলৈ প্ৰসাৰিত হৈছে আৰু আজি ভাৰতবৰ্ষই সেউজ শক্তি উৎপাদনত বিশ্বৰ এক অগ্রণী ৰাষ্ট্ৰ হিচাপে উদ্ভাসিত হৈছে। সেউজ ইন্ধন ব্যৱহাৰৰ পদক্ষেপক আগুৱাই লৈ গৈ দেশৰ জাহাজসমূহতো এনে ইন্ধন ব্যৱহাৰৰ চিন্তা-চৰ্চা কৰা হৈছে আৰু এই লক্ষ্য পূৰণৰ উদ্দেশ্যে আজি গুজৰাটৰ কাণ্ডলাত দেশৰ অন্যতম বৃহৎ ই-মিথানল উৎপাদন প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছে। প্রকল্পটোৰ পৰা উৎপাদিত মিথানল বন্দৰটোৰ পৰা বিদেশলৈ যাত্ৰা কৰা জাহাজসমূহৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। কাণ্ডলাৰ এই বৃহৎ প্রকল্পটোত অসমে কৰা অংশগ্রহণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে দেশক ইন্ধন যোগান ধৰাৰ দিশত অসমে পূৰ্বৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। তেওঁ উল্লেখ কৰে যে ১৮৬৭চনতে অসমৰ মাকুমত এছিয়াৰ প্ৰথমটো যান্ত্রিকভাবে খন্দা তৈলখাদ স্থাপন কৰা হৈছিল আৰু ১৯০১ চনতে ডিগবৈত স্থাপন হৈছিল দেশৰ প্ৰথমটো তেল শোধনাগাৰ। অসমে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডলৈ বর্তমানেও গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আছে। মিথানল উৎপাদনৰ দিশত অসম প্রায় ৫০ বছৰীয়া অভিজ্ঞতাৰে সমৃদ্ধ। নামৰূপস্থিত অসম পেট্র’-কেমিকেলছ লিমিটেডে দৈনিক ৫০০ টন পর্যন্ত মিথানল উৎপাদন কৰিব পাৰে। এনে প্রেক্ষাপটত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া কাণ্ডলাত স্থাপন হ’বলগীয়া ই-মিথানল প্রকল্পটোত অসম পেট্র’-কেমিকেলছ লিমিটেডক অংশীদাৰ হ’বলৈ আহ্বান জনাইছিল, তেতিয়া অসমে ইয়াক এক গৌৰৱৰ বিষয় বুলি গণ্য কৰি তাৎক্ষণিকভাবে সন্মতি আগবঢ়াইছিল। এইধৰণৰ প্ৰকল্প ভবিষ্যতে দেশৰ অন্যান্য বন্দৰতো স্থাপনৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই অসম আৰু গুজৰাটৰ সৈতে থকা পুৰণি আৰু আন্তৰিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভগবান শ্রীকৃষ্ণই অসমৰ ৰুক্মিণীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। গুজৰাটৰ সৈতে অসমৰ আন্তৰিক সম্পৰ্ক আধুনিক সময়তো অব্যাহত আছে। দেশৰ সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য হৈছে অসম। আনহাতে অসমৰ পৰা সৰ্বাধিক চাহ আমদানি কৰা ৰাজ্যসমূহৰ ভিতৰত গুজৰাট অন্যতম। গুজৰাটৰ বিকাশৰ আৰ্হিৰ সম্যক বুজ লোৱাৰ উদ্দেশ্যে কিছুদিন পূর্বে অসমৰ কেইবাগৰাকীও শীর্ষ বিষয়াই ৰাজ্যখনৰ সচিবালয় ভ্ৰমণ কৰাৰ কথাও ভাষণত তেওঁ উল্লেখ কৰে। প্ৰসংগক্রমে মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চল এসময়ত দেশৰ অন্যতম বঞ্চিত অঞ্চল হিচাপে চিহ্নিত হৈছিল। কিন্তু নৰেন্দ্র মোদীয়ে দেশৰ প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোৰে বিকাশৰ গতিপথ সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। গুজৰাটৰ দৰে অসমতো এতিয়া ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প স্থাপনৰ কাম পূর্ণগতিত চলি আছে আৰু এয়া প্রধানমন্ত্রীৰ বাবেই সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- ‘মই গুজৰাটবাসীক ধন্যবাদ জনাব বিচাৰোঁ যে আপোনালোকে ভাৰতবৰ্ষক এনে এগৰাকী প্রধানমন্ত্রী প্রদান কৰিছে, যিগৰাকীৰ অপেক্ষা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে সদায় কৰি আহিছিল। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰণৰ কাম পূর্ণগতিত চলি আছে।’ এই প্রকল্পটো স্থাপনৰ সুযোগ প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ লগতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।  অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে তেওঁৰ সমষ্টিৰ নামৰূপত অসম পেট্র’-কেমিকেলছৰ ভিত্তি আছে। দ্বাৰকাৰ ভগৱান শ্রীকৃষ্ণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰুক্মিণীৰ কিংবদন্তি, তেজপুৰৰ ঊষা আৰু অনিৰুদ্ধৰ কাহিনী আৰু পঞ্চদশ শতিকাৰ অসমীয়া সাধু শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰ উদ্ধৃতি দি তেওঁ অসম আৰু গুজৰাটৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ কথাও উল্লেখ কৰে। অসম আৰু গুজৰাটৰ শক্তিক জাতিৰ সেৱাত একত্ৰিত কৰি এক ভাৰত শ্রেষ্ঠ ভাৰতৰ এক উজ্জ্বল নিদর্শন হিচাপেও এই প্রকল্পক তেওঁ আখ্যা দিয়ে। তেওঁ পুনৰ কয় যে প্রধানমন্ত্রী মোদীয়ে ভাৰতক নেতৃত্ব দিয়াৰ আত্মবিশ্বাস দিছে। যেনেকৈ ভাৰতে এতিয়া নিজাকৈ জাহাজ আৰু কন্টেইনাৰ নিৰ্মাণ কৰি আছে, তেনেকৈয়ে ই অতি সোনকালে বিশ্ব বাণিজ্যক শক্তি প্ৰদান কৰা স্বচ্ছ ইন্ধন নিৰ্মাণ কৰিব। আগন্তুক বছৰবোৰত কাণ্ডলা ছিংগাপুৰ-ৰটাৰডেম পথ সেউজ ইন্ধনৰ কেন্দ্ৰত পৰিণত হ’ব আৰু এই উদ্যোগটো দেশৰ প্ৰতিটো ডাঙৰ বন্দৰৰ বাবে আৰ্হি। ই আমাৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষ কেৰিয়াৰ মুকলি কৰিব আৰু ২০৭০ চনৰ ভিতৰত ভাৰতক দৃঢ়তাৰে নেট শূন্যৰ দিশে লৈ যাব আৰু ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’ব। বিশ্বৰ আগশাৰীৰ সামুদ্রিক শক্তি হিচাপে ভাৰতৰ উত্থান ঘটিছে। ই এতিয়া সেউজ শক্তিৰ দ্বাৰা বিশ্বৰ জাহাজসমূহক শক্তি প্রদান কৰিব। আজিৰ এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপৰি ৰাজ্যখনৰ শ্ৰম, দক্ষতা, উন্নয়ন আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কান্তিলাল অনুটিয়া, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী ত্রিকাম চাংগা, গুজৰাটৰ কচ্ছ লোকসভা সমষ্টিৰ সাংসদ বিনোদ চাৱড়া, গান্ধীধাম বিধানসভা সমষ্টিৰ বিধায়িকা মালতীবেন কিশোৰ মহেশ্বৰী, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ, দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ সুশীল কুমাৰ সিং, অসম পেট্র’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।