মহানগৰীৰ হোমষ্টে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নৃশংস হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য জোকাৰি যোৱা এটা চঞ্চাল্যকৰ ঘটনা ৷ মহানগৰীৰ গড়লস্থিত ‘ৰুদ্ৰা’ছ কিচেন’ নামৰ এটা হ’মষ্টেত এটা পাষণ্ডৰ লাভ জেহাদৰ বলি হ’ল এগৰাকী হিন্দু যুবতী। অতি নৃশংসভাবে যুৱতীগৰাকীক পাষণ্ড প্রেমিকে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। মৃত যুৱতীগৰাকী ধাৰাপুৰৰ দীপ ঠাকুৰীয়াৰ জ্যেষ্ঠ কন্যা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ শিক্ষা বিভাগৰ স্নাতক শ্ৰেণীৰ ২২ বছৰীয়া ছাত্ৰী নিমিষা ঠাকুৰীয়া। আনহাতে হত্যাকাণ্ডটো সংঘটিত কৰাৰ অভিযোগ উঠা মিঞা প্রেমিকজন হৈছে জালুকবাৰীৰ গাড়ীগাঁৱৰ দামপুৰীয়া চুবাৰ ২৬ বছৰীয়া আছিক আলী । উল্লেখ্য যে পেছাত ৰংমিস্ত্ৰী আৰু ভাৰাতীয়া গাড়ীচালক হিচাপে কৰ্মৰত আলীয়ে সুৰা আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতেও জড়িত থকাৰ অভিযোগ উঠিছে। প্রাপ্ত তথ্য অনুসৰি দীৰ্ঘদিন ধৰি আছিক আলীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল নিমিষা ঠাকুৰীয়াৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি, কালি সন্ধিয়া প্রায় ৫ বজাত নিমিষা বান্ধৱীৰ সৈতে ‘খাবলৈ যাম’ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। যুৱতীগৰাকীৰ পিতৃ দীপ ঠাকুৰীয়াই সদৰী কৰা মতে, দুদিন আগৰে পৰা বান্ধৱীৰ সৈতে ৰেষ্টুৰেণ্টত খাবলৈ যাম বুলি পিতৃক অৱগত কৰি দুহেজাৰ টকা বিচাৰিছিল। সেই মতে কন্যাৰ আব্দাৰত ভোল যোৱা পিতৃয়েও সকলো কথা বিশ্বাস কৰি কন্যাই বিচৰা মতে ধন আদায় দিছিল। অৱশ্যে কালি ঘৰৰ পৰা ওলাই যোৱাৰ পৰত নিশা পলম হ’লে বান্ধৱীৰ সৈতে হোষ্টেলত থাকিম বুলিও পিতৃক অৱগত কৰিছিল নিমিষাই।সেইমৰ্মে পৰিয়ালেও নিমিষাৰ কথাত বিশ্বাস কৰি কোনো চিন্তা কৰা নাছিল যদিও নিশা প্রায় ২.১৫ বজাত তেওঁ মাতৃলৈ এক অসহায় ফোন কৰে। মাতৃৰ ম’বাইলত নিমিষাই ফোন কৰি সেই সময়ত কোনো লোকে তেওঁৰ বুকুত গুৰিয়াইছে বুলি কোৱাৰ লগতে উশাহ ল’ব পৰা নাছিল বুলি অৱগত কৰে। তাৰ পাছত বহুবাৰ পৰিয়ালে নিমিষাক যোগাযোগৰ চেষ্টা চলাইছিল যদিও ফোনটো বন্ধ হৈছিল। পিতৃ দীপ ঠাকুৰীয়াই জনোৱা মতে, ফোনটো অহাৰ সময়ত তাত কেইবাজনো যুৱকৰ কথোপকথন শুনিবলৈ পাইছিল। ইয়াৰ পাছতে অকণো পলম নকৰাকৈ পৰিয়ালে আজাৰা থানাত শুকুৰবাৰে নিশাই সমগ্র বিষয়টো অৱগত কৰে। পিতৃয়ে সদৰী কৰা অনুসৰি আৰক্ষীয়ে তেওঁলোকক গড়ল হাস্পতাললৈ যাবলৈ কোৱাত তেওঁলোকে তাত উপস্থিত হৈ নিমিষাক অক্সিজেন দি থকা অৱস্থাত প্রত্যক্ষ কৰে। লগে লগে উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে। উল্লেখযোগ্য যে দণ্ডাধীশৰ উপস্থিতিত প্ৰস্তুত কৰা ইনকুৱেষ্ট ৰিপ’ৰ্টত এই মৃত্যু সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৰিপ’ৰ্ট অনুসৰি, মৃত ছাত্ৰীগৰাকীৰ মুখমণ্ডল, মূৰ, হাত, বুকু আৰু গোপন অংগত গুৰুতৰ আঘাতৰ স্পষ্ট চিন পোৱা গৈছে। এই তথ্য পোহৰলৈ অহাৰ পাছতে ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ ঘনীভূত হৈছে। পৰিয়ালক বান্ধৱীৰ সৈতে ৰেষ্টুৰেণ্টত খাবলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই অহা নিমিষা ঠাকুৰীয়াই বান্ধবীৰ সৈতে ৰেষ্টুৰেণ্টত মিলিত হৈছিল নে নাই, সেয়া পোহৰলৈ এতিয়ালৈ অহা নাই যদিও আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কালি নিশা প্রায় ৮.১৯ বজাত নিমিষা ঠাকুৰীয়াই প্রেমিক আছিক আলীৰ সৈতে গড়লৰ ৰুদ্ৰাছ কিটচেন নামৰ হোমষ্টে’টোত প্রবেশ কৰিছিল। হোমষ্টে’টোৰ ১০নং ৰুমত প্রবেশ কৰিয়ে প্রেমিক যুগলে এসাঁজ ভাত আৰু লগত কণীৰ তৰকাৰী অৰ্ডাৰ দিছিল। সেইমতে হোমষ্টে’টোৰ কৰ্মচাৰীয়ে তেওঁলোকক পানীৰ বটল, দুটা গিলাচসহ অৰ্ডাৰ কৰা খাদ্যখিনি দি আহিছিল। নিশা প্রায় ২ বজাত আছিক আলীয়ে হ’মষ্টেৰ ৰান্ধনিক দুৱাৰত ঢকিয়াই জগাইছিল। ইয়াৰ পাছত জোন নামৰ এজন লোকে ফোন কৰি এম্বুলেঞ্চ মাতি আনে আৰু নিশা ৩ বজাত যুৱতীগৰাকীক হস্পিটেললৈ নিয়া হয়। সেই সময়ত লগত আছিল প্রেমকি আছিক আলী। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত আছিক আলীক নিশাই গড়ল হস্পিটেলৰ পৰাই আটক কৰে। জেৰাত আছিকে নিমিষাই চিপ লৈ আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও আৰক্ষীয়ে এই দাবী নস্যাৎ কৰিছে। আনহাতে, হ’মষ্টেৰ গৰাকী জয়ন্ত সাথীকো আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীয়ে হ’মষ্টেৰ পঞ্জীয়ন বহী, চি চি টি ভি ফুটেজ আৰু নিমিষাৰ ম’বাইল ফ’ন জব্দ কৰিছে। অৱশ্যে হোমস্টে’টোৰ প্রকৃত স্বত্বাধিকাৰী জনৈক শৰ্মা উপাধিৰ এগৰাকী লোক বুলি জানিব পৰা গৈছে। জিএমচিএইচত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক মৃতদেহ চমজাই দিয়া হয়। সূত্ৰটোৱে জনোৱা অনুসৰি যুৱতীগৰাকীৰ দেহৰ মুখমণ্ডলৰ পৰা আৰম্ভ কৰি বিভিন্ন অংশত গুৰুতৰ আঘাতৰ চিহ্ন থকাৰ লগতে গুপ্তাংগতো বৃহৎ আঘাতৰ চিন আছিল। অৱশ্যে সম্পূর্ণ ঘটনাটো হত্যাকাণ্ড বুলি আৰক্ষীয়ে প্রাথমিক অনুসন্ধানত নিশ্চিত হৈছে যদিও এয়া গণধর্ষণ নে নৃশংস হত্যাকাণ্ড সেয়া মৰণোত্তৰ পৰীক্ষাৰ সম্পূর্ণ প্রতিবেদন অহাৰ পাছতহে স্পষ্ট হ’ব বুলি সূত্রটোৱে প্রকাশ কৰে। আনহাতে, আজাৰা আৰক্ষীয়ে ধাৰাপুৰৰ নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত ধাৰাপুৰৰ আজাৰাৰ ৰূদ্রজ হ’মষ্টে ছীল কৰে। আৰক্ষী উপ-আযুক্ত বলিন দেউৰীয়ে কয় যে আৰক্ষীয়ে হ’মষ্টেৰ ৰেকৰ্ড আৰু নিমিষা আৰু তেওঁৰ প্রেমিক আছিক আলীয়ে কি পৰিস্থিতিত থাকিছিল সেই বিষয়ে পৰীক্ষা কৰি আছে। আৰক্ষীৰ মতে, এমাহত প্রায় পাঁচবাৰকৈ এই হ’মষ্টেলৈ গৈছিল নিমিষা আৰু আচিক। তদন্ত সন্দৰ্ভত দেউৰীয়ে কয় যে প্রয়োজন হ’লে হ’মষ্টেত থকা সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব।
