এটি তৰাৰ অপমৃত্যু
শৰৎ দাস, গহপুৰ ব্ৰহ্মাজান
সেইদিনা তৰা এটি আকাশেদি উৰি যোৱা দেখিলোঁ, পপীয়া তৰা হ’ব পাৰে।
শৈশৱৰ এটি চিনাকি নাম।
ফৰিংফুটা জোনৰ পোহৰত, কুঁহিপাতৰ আখৰাৰ দিনৰে পৰা বহু পপীয়া তৰা মূৰৰ ওপৰেদি উৰি যোৱা দেখিলোঁ।
এয়া নতুন কথা নহয়।
সেইদিনা আকৌ এটি তৰা দেখি কণমানিজনীয়ে সুধিলে— ”তৰা এটি আকাশত দৌৰিছে!”
মই ক’লোঁ, ”পপীয়া তৰা।”
খন্তেক পিছতে এখন আকাশীযানৰ বিকট চিঞৰ। ব্ৰেকিং নিউজ এটা দেখিলোঁ— এখন আকাশীযান খহি পৰিল আকাশৰ বুকুৰ পৰা।
তেতিয়া পপীয়া তৰাটো নাই।
