আমি গাঁৱৰ মানুহ – হেৰম্ব নাথ

Pc StockCake

আমি গাঁৱৰ মানুহ 

হেৰম্ব নাথ

আমি গাঁৱৰ মানুহ
তাতেনো দুখ কিহৰ?
কিয় ভুগিম হীনমন্যতাত—?
চহৰৰ দৰে বাৰু অট্টালিকা নাই গাঁৱত
তাতেনো ক্ষতি কিহৰ?
যদি শ্লিপিং টেবলেট অবিহনে টোপনি নাহে
তেন্তে অট্টালিকাৰ মূল্যই বা ক’ত?!
চহৰৰ দৰে গাঁৱত কোনো আৱৰ্জনা নাই
নাই ক’তো ডাষ্টবিন।
গাঁৱতেই উপলব্ধ বিনন্দীয়া পক্ষীৰ সুললিত কল্লোল
কি সুন্দৰ সুন্দৰ গছ-গছনি
গ্ৰীষ্মকালত সেই গছৰ তলত বাগৰ দিলেই আহে প্ৰশান্তিময় টোপনি
অক্সিজেনৰ বাবে নাই কোনো হাহাকাৰ
গাঁৱত নাই কি—
চৌদিশে বিশুদ্ধ বায়ু-পানী।
শাওনত সেউজী শোভা
আঘোণত সোণালী আভা।
চেনেহৰ গাঁৱখনত কত যে কিমান জান-জুৰি
তাতেই থাকে
বগা বগা বগলীয়ে জাক পাতি।
নৈৰ পাৰৰ কঁহুৱাৰ নাচোন লাহী-পাহী
আলফুলে হাত বুলাওঁ
যেন প্ৰিয়াৰ মেঘালী চুলিটাৰি।
        দুচকুত অসীম অনুভৱৰ বিস্তৃতি
        কঁহুৱাই নাচে হালি-জালি
বৰনৈৰ বুকুত সূৰুযে চুমা দিয়ে
মন-প্ৰাণ একাকাৰ কৰি
        চালে চকু ৰোৱা দৃশ্য
হেঁপাহ নপলায় চাই থাকিলেও;
আৰু যে মথাউৰিত ঘৰ সজা বালিমাহীৰ
পলকতে উৰি যোৱা নান্দনিক উৰণ
যেন কাণে কাণে কৈ যায়
মই আহিলোঁ যা
ধৰিব নোৱাৰ’ মোক!
গাঁৱৰ পোনাকণহঁত—
চহৰৰ তেলত পোৰা বস্তু খাই কি ভাল পাৱ’?
আয়ে বনোৱা কঁকাল বন্ধা পিঠাকেই খোৱাচোন পৰম হেঁপাহেৰে
বাৰীৰ কলপাতত সমনীয়াৰ স’তে ৰবাব টেঙা,
গছৰ তলত
কেঁচা আম জলকীয়া সানি খোৱাৰ কি যে মজা
আই ঐ দেহী!
কোনে তুলনা কৰিব—
গাঁৱৰ থলুৱা মধুৰীআমৰ লগত
চালানী আপেলে পাত্তাই নাপায়।
লাই-লফা-পালেং-চুকা-খুটুৰা,
কলমৌ, ঢেকীয়া ইত্যাদি গাঁৱতেই উভৈনদী
চহৰত উপলব্ধ হাইব্ৰিড শাকত অলপো নাই পুষ্টি।
মুকলি আকাশৰ তলত
মানিমুনি উঘলাৰ কি যে আনন্দ
আছেনে চহৰ-নগৰত সেই আনন্দ?!
দুখ কৰ’ কিয় ডেকাসৱ!
দুহাততেই আছে সৰগ
মাথোঁ অনুধাৱন কৰ’
এদিন নৈৰ পাৰৰ পৰা চিঙি আন’ ভেদাইলতা আৰু বাৰীৰ নৰসিংহ
তাৰে লগত সমুখৰ পথাৰৰ মানিমুনি
গোটেইখিনি আইৰ হাতত তুলি দিয়’ চেনেহেৰে
আয়ে বনাই দিব পৰম জুতিৰে
কলহত জীয়াই থোৱা কাৱৈ-শিঙি-মাগুৰ মাছেৰে
আৰু কি লাগে—
গাঁৱৰ মানুহ আমি
সৰলতাই আমাৰ ভূষণ
        মাতৃভাষাৰ পূজাৰী আমি
        কদাপি নকওঁ কাকোকে
        গুড্ মৰ্ণিং-গুড্ নাইট্ বুলি।
নাজানো ফাষ্ট ফুড্, জাংক ফুড্, চাইনিজ ফুড্, আইচ ক্ৰিম মানে কি—?
কিন্তু ফুটা গাখীৰ, দৈ, টেকেলী পিঠা, তিল পিঠা, বন্নি পিঠা,
খোলা চাপৰি পিঠা, ভাপত বনোৱা পিঠা,
নাৰিকল-তিলৰ লাৰু ইত্যাদি যেনিবা নখ দৰ্পণত।
আমি কল ড্ৰিংক্‌ছ কি নাজানো
কিন্তু কাজি নেমু-গোল নেমুৰ চৰ্বত কি জানো ভালদৰে
গাঁৱতেই আছে হেজাৰ-বিজাৰ থলুৱা শাক-পাচলি
আৰু আছে বিশুদ্ধ খোৱা পানী
থলুৱা গৰুৰ প্ৰচুৰ ভিটামিনযুক্ত গাখীৰ।
গাঁৱৰ মানুহ আমি
ইঘৰে-সিঘৰে যাওঁ
সুখ-দুখৰ সমভাগী হ’বলৈ
হেঁপাহেৰে আৰ্তজনৰ খবৰ লওঁ
সহায় কৰোঁ পাৰ্যমানে
সকলোৰে আছে একো একোখন
শুদ্ধ-সৰল অন্তৰ
দুখত সঁচা চকুলোৰে উচুপিবলৈ।
সুখতো খোলা হাঁহিৰে হাঁহিবলৈ আছে
একো একোখন নিভাঁজ হৃদয়
আমি নাজানো আনক
কেনেদৰে শোষণ-লুণ্ঠন কৰিব লাগে!
চলাহী কথাৰে মানুহক প্ৰবঞ্চনা কৰাৰ
কলা-কৌশল একেবাৰেই নাজানো আমি
মানুহক ভাল পাওঁ নি:স্বাৰ্থভাবে
কাৰোবাক সহায় কৰি নিবিচাৰোঁ প্ৰতিদান
জীৱনক এটা মাত্ৰা প্ৰদানৰ বাবেই
সহায় কৰোঁ মানুহক
পৰ মানে কি নাজানো
সকলোকে ভাবোঁ আপোন বুলি
গাঁৱৰ মানুহ আমি
ঈৰ্ষা-হিংসা-ঘৃণা-পৰচৰ্চা সদায় পৰিত্যজ্য মনৰ পৰা
আমি কদাপি নহয় আত্মকেন্দ্ৰিক
সকলোৰে স’তে থাকিব খোজোঁ মিলা-প্ৰীতিৰে।
মানৱ জীৱন খন্তেকীয়া
    ধৈৰ্য-সহনশীলতা আমাৰ একান্ত সাধনা
    কাৰোঁ স’তে নকৰোঁ হাই-কাজিয়া
যি কেইদিন থাকিম শান্তিৰে থাকিম
সমিলমিলে।
গাঁৱৰ মানুহ আমি
শক্তিশালী হৃদয়-মনৰ অধিকাৰী।
ঘূণে নধৰা একতাৰ বান্ধোন-এনাজৰী।
দুখ নকৰিবা ভাইহঁত!
গাঁৱতেই আছে জীয়াই থকাৰ সৰ্বোত্তম মাদকতা।
        মাথোঁ জীৱনটোক উদ্‌যাপন কৰ’
        নিৰপৰাধ প্ৰত্যয়-জিজ্ঞাসাৰে।