চিল্কীৰ সপোন – স্বাগতা বৰুৱা গোস্বামী

Pc StockCake

চিল্কীৰ সপোন

স্বাগতা বৰুৱা গোস্বামী

সপ্তাহটোৰ ছয় দিনেই স্কুলৰ বাবে সোনকালে উঠা চিল্কীয়ে দেওবাৰে Sunday is the fun day বুলি পলমকৈ উঠিবলৈ ভাল পায়।কিন্তু যোৱা দেওবাৰে যেন তাৰ ব্যতিক্ৰম দেখা পালোঁ।সেইদিনা তাই সোনকালে সাৰ পাই মা বুলি চিঞৰ এটা মাৰিলে।মাকেও উধাতু খাই কি হ’ল মাজনী বুলি ওচৰলৈ আহিল। অ’ মা মই আজি সপোন এটা দেখিলো জানা,বিৰাট ধুনীয়া সপোন।হয় নেকি, কি ধুনীয়া সপোন নো,আমাকো কোৱা আকৌ।ক’ম আকৌ,সেই কাৰণেই তো তোমাক মাতিছো।মই যে সপোনত জানা মা বহুত ধুনীয়া পখিলা এটা দেখিলো আৰু পখিলাটোৱে মোক হাত বাউল দি মাতিছিল আৰু মই তাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আগবাঢ়ি গৈ থাকোতে আৰু হাজাৰ হাজাৰ পখিলাক লগ পালো।পখিলাবোৰে যে মোক ইমান মৰম কৰিছে আৰু তাঁহাতৰ লগে লগে মোকো তাঁহাতৰ পাখিত বহুৱাই লৈ এবাৰ যদি ফুলত পৰিছে আকৌ এবাৰ আকাশে বতাহে উৰুৱাই ফুৰাইছে।এবাৰ যদি মই ৰঙিলী পখিলীজনীৰ ওপৰত বহিছো,এবাৰ আকৌ সেউজী জনীয়ে মাতিছে।মুঠৰ ওপৰত বিৰাট ভাল লাগিছিল জানা মা।মোৰ যে আকাশ চুবলৈ,আকাশৰ কথা জানিবলৈ বৰ মন যায়।ইয়াৰ কাৰণে কি কৰিব লাগিব মা?ইয়াৰ কাৰণে তুমি সৰুৰে পৰাই ভালদৰে পঢ়িব লাগিব,লক্ষ্য স্থিৰ কৰিব লাগিব আৰু সকলোতকৈ ডাঙৰ কথা হ’ল তুমি সপোন দেখিব লাগিব ডাঙৰ সপোন! সেই সপোনৰ পিছে পিছে দৌৰিব লাগিব আৰু সপোনক বাস্তৱ ৰূপ দিব লাগিব।এনেকুৱা সপোন দেখা এজন ব্যক্তি আছে,যি নানা সমস্যা আৰু বাধা নেওচি সপোনক বাস্তৱ ৰূপ দিব পাৰিলে।তেনে এজন ব্যক্তি হ’ল আমাৰ অসমী আইৰ সুযোগ্য সন্তান বিজ্ঞানী ডক্টৰ ৰুবুল মাউত।হয়নেকি মা,তুমি যে কৈছিলা এইকেইদিন অসমখন মাউতময় হৈ আছে বুলি,সেইজনেই এইজন ন।হয় চিল্কী।তেখেত এতিয়া ক’ত থাকে জানা?ক’ত?আমেৰিকাত।কি মা আমেৰিকাত!আমেৰিকাটো ইয়াৰ পৰা বহুত দূৰত।কেনেকৈ গ’ল তালৈ মা।সপোনক খেদি খেদি।মানে? মানেটো পিছত ক’ম।এতিয়া তুমি পানী খাই,দাঁত ব্ৰাছ কৰি,গা-ধুই আহাগৈ মই পুৱাৰ আহাৰ যোগাৰ কৰোগৈ।অলপ সময়ৰ পাছত চিল্কীয়ে গা-পা-ধুই আহি গোসাঁই ওচৰত সেৱা এটি কৰি আহাৰ খোৱা টেবুলত বহিলগৈ।টেবুলত বহি চিল্কীয়ে পুনৰ মাকক সুধিলে,তেখেতৰ কথাখিনি কেতিয়া ক’বা মা?মোৰ তেওঁৰ বিষয়ে জানিবলৈ বৰ মন গৈছে।ক’ম মাজনী তুমি এতিয়া প্ৰথমে অংকৰ সৈতে খেল-খেলি আহাগৈ।মানে?মানে এবাকাছৰ পৰা আহাগৈ,এবাকাচ মানে হ’ল এটা ব্ৰেইন জিম আৰু স্পীড ৰাইটিঙ ।যাৰ জৰিয়তে মগজুটো এক্টিভ কৰি ৰখা হয় আৰু মনোযোগ বৃদ্ধি হয়।স্পীড ৰাইটিঙৰ জৰিয়তে শিশুসকলক কম সময়ত স্পষ্ট আৰু ধুনীয়া আখৰেৰে খৰকৈ লিখাৰ অভ্যাস গঢ়ি তোলা হয়।যোগ,বিয়োগ, পুৰণ,হৰণ অংকবোৰ খৰকৈ কৰিব পাৰে।আৰু অংকবোৰৰ লগত খেলিব পৰা হয়। বুজিপালা,পালো।এতিয়া তুমি যোৱা মই দুপৰীয়া জীৰণি লোৱা সময়ত তেখেতৰ বিষয়ে কথাখিনি ক’ম দিয়া।
দুপৰীয়া ভাত-পানী খাই আজৰি হৈ চিল্কী আৰু মাক শোৱাপাটিলৈ গ’ল আৰু মাকে ডক্টৰ মাউতৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে-

ৰুবুল মাউতৰ জন্ম হয় অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাসপুৰৰ এটি কৃষক পৰিয়ালত।তেওঁ অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা মাউতে শৈশৱৰ পৰাই যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷তথাপিও তেওঁ নপঢ়াকৈ থকা নাছিল। বেলিৰ লগত একেলগে শুই উঠা মাউতে খেতিলৈ যোৱাৰ আগত আনকি খেতি কৰি থাকোতেও কিতাপত চকু ফুৰাইছিল।সৰু কালত তেখেতে গৰু চৰোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰা আৰু ৰাস্তাত বনুৱাৰ কাম কৰিও পৰিয়ালটোক সহায় কৰিছিল যদিও পঢ়াটো বাদ দিয়া নাছিল কাৰণ তেওঁৰ আছে এটা ডাঙৰ সপোন আৰু সেই সপোন পুৰণ হ’ব কেৱল পঢ়াৰ জড়িয়তে। তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ২০০৩ চনত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷তাৰপিছত ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেখেতে মুম্বাইলৈ উৰা মাৰিছিল আৰু তেতিয়া আৰম্ভ হৈছিল সপোনক বাস্তৱত ৰূপ দিয়াৰ সময়।তাৰপিছত তেখেতে আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ মাচাচুচেটছ এমহাৰ্ষ্টৰ পৰা জিন সম্পাদনা বিষয়ত পি.এইচ.ডি. আৰু ইউনিভাৰ্চিটি অৱ ৱাশ্বিংটনত প্ৰ’টিন ডিজাইনৰ ওপৰত গৱেষণা কৰে। বৰ্তমান তেখেত আমেৰিকাৰ হাৰ্ভাৰ্ড মেডিকেল স্কুল (Harvard Medical School) আৰু বষ্টন চিলড্ৰেনছ হস্পিটেলত গৱেষক হিচাপে কৰ্মৰত। তেখেতে এ.আই. ব্যৱহাৰ কৰি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (T-cells) বঢ়োৱা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত গৱেষণা কৰি আছে।

​এই কামবোৰৰ মাজতো তেখেতে দুখনকৈ অসমীয়া কিতাপো লিখিছে। এখন আত্মজীৱনী “মোৰো এটা সপোন আছে” আৰু আনখন গল্প সংকলন “ধূসৰতাত সংহত শ্ৰাৱণ”।

বাহ মা ইমান কামৰ মাজতো কিতাপ লিখিলে।মানুহে মন কৰিলে সকলো হয়।এইয়া তেখেতৰ মাতৃভাষাৰ প্ৰতি তথা হেপাঁহৰ ফল।তেখেতে কি কৈছে জানা মানুহৰ সপোন সদায় ডাঙৰ হ’ব লাগে আৰু মন অনুসন্ধিৎসু হ’ব লাগে,জনাৰ হাবিয়াস থাকিব লাগে, সহজ-সৰল হ’ব লাগে,মনত কেতিয়াও অহং ভাব আনিব নালাগে।

ৱাচোন ইমান সফল ব্যক্তি হৈও তেখেত কিমান সহজ-সৰল আৰু অহংকাৰ শূন্য মানুহ।ইমান ডাঙৰ মানুহ হৈও অসম মানুহক তেখেতে পাহৰা নাই,অসমৰ মানুহৰ প্ৰতি থকা তেওঁৰ আছে মৰম,চিন্তা আৰু দায়িত্ববোধ। চাৰিওফালে মাউতময় পৰিবেশ,অসমৰ ইমুৰৰ পৰা সিমুৰলৈ থকা ছাত্ৰ-ছাত্ৰীসকলে হেপাঁহেৰে তেখেতৰ কথা শুনা এটা আনন্দময় পৰিবেশ।য’ত কেৱল বিজ্ঞান বিজ্ঞান আৰু বিজ্ঞান। মনলৈ ভাব আহে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত ” বিজ্ঞানে আনিব জোৱাৰ”।

অ’ মা আজি যে মই সপোনটো দেখিছিলো মানে ময়ো আকাশ চুব পাৰিম নেকি?নিশ্চয় পাৰিবা মাজনী তাৰবাবে লাগিব তোমাক দৃঢ়তা আৰু একাগ্ৰতা।আজিৰ পৰাই মনত সংকল্প লোৱা যে মাউত দেশৰ মানুহ আমি আকাশ চুব পাৰিম এদিন।

শেষত তেখেতৰ সপোনবোৰ পূৰণ হওঁক আৰু বিশ্বদৰবাৰত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি ৰওঁক।