ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য আৰু বিজ্ঞান মনস্কতাৰ আলোকধাৰা – শংকৰ দেৱ

এক আলোকপাত

ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য আৰু বিজ্ঞান মনস্কতাৰ আলোকধাৰা

শংকৰ দেৱ, দেৰগাঁও

ভাৰতীয় সংস্কৃতি হৈছে অতীতৰ এক অমূল্য পৰম্পৰা আৰু বিজ্ঞান হৈছে ভৱিষ্যতৰ দুৱাৰ মুকলি কৰা এক জ্ঞানৰ চাবিকাঠি। এখন সমাজৰ সংস্কৃতিয়ে তাৰ জীৱনবোধ, বিশ্বাস, আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাৰ পৰিচয় বহন কৰে; আনহাতে বিজ্ঞানে মানুহক প্ৰশ্ন কৰিবলৈ, যুক্তিৰে সত্য বিচাৰিবলৈ আৰু অজানাক জানিবলৈ সাহস যোগায়। এই দুয়োটা ধাৰাৰ মাজত যেতিয়া এক সুস্থ সমন্বয় গঢ় লৈ উঠে, তেতিয়াই মানৱ সভ্যতাৰ উত্তৰণৰ পথ প্ৰশস্ত হয়। ভাৰতীয় সংস্কৃতিৰ বুকুতো যুগে যুগে এনে এক সমন্বয়ৰ সুৰ ধ্বনিত হৈ আহিছে, য’ত আধ্যাত্মিকতাৰ গভীৰতা, প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা, জ্ঞানৰ অন্বেষণ আৰু বিজ্ঞানমনস্কতাৰ ধাৰা একেলগে প্ৰৱাহিত হৈ আহিছে।

ভাৰতীয় সংস্কৃতি কোনো নিৰ্দিষ্ট ধৰ্ম, জাতি অথবা সম্প্ৰদায়ৰ চৌহদত আবদ্ধ হৈ থকা সংকীৰ্ণ ধাৰণা নহয়। ই হৈছে সহস্ৰাব্দজুৰি বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা, ধৰ্ম আৰু জীৱনদৰ্শনৰ সমন্বয়ত গঢ় লৈ উঠা এক বিশাল সাংস্কৃতিক পৰিমণ্ডল। ইয়াৰ প্ৰতিটো স্তৰে বহন কৰিছে মানুহৰ অভিজ্ঞতা, চিন্তা-চৰ্চা আৰু জীৱনক অধিক সুন্দৰ কৰি তোলাৰ প্ৰচেষ্টা। প্ৰাচীন ভাৰতীয় মনীষীসকলে প্ৰকৃতিৰ বুকুত বিচাৰি পাইছিল জ্ঞানৰ অফুৰন্ত ভঁৰাল। আকাশৰ গ্ৰহ-নক্ষত্ৰ, ঋতুৰ পৰিৱৰ্তন, উদ্ভিদৰ বৃদ্ধি আৰু মানৱ শৰীৰৰ গঠন সম্পৰ্কে তেওঁলোকৰ অনুসন্ধিৎসাই জ্ঞান-বিজ্ঞানৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

যেনেকৈ প্ৰাচীন ভাৰতীয় স্থাপত্যকলাৰ মাজত শিল্পসুষমা আৰু কাৰিকৰী জ্ঞানৰ যি অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা যায়, সি আজিও মানুহক বিস্ময়াভিভূত কৰে। অজন্তা-ইলোৰাৰ গুহাশিল্প, কনাৰ্কৰ সূৰ্য মন্দিৰ আৰু তাঞ্জাভূৰৰ বৃহদীশ্বৰ মন্দিৰ কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীকেই নহয়, সেইবোৰ প্ৰাচীন ভাৰতীয় স্থাপত্যবিদসকলৰ সৃষ্টিশীলতা, পৰিকল্পনা আৰু কাৰিকৰী দক্ষতাৰো উজ্জ্বল নিদৰ্শন। শিলৰ বুকুত জীৱন্ত হৈ উঠা ভাস্কৰ্য, নিৰ্মাণৰ জ্যামিতিক বিন্যাস, পোহৰ-বতাহৰ ব্যৱহাৰ আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে স্থাপত্যৰ সামঞ্জস্যই সেই সময়ৰ মানুহৰ পৰ্যবেক্ষণশক্তি আৰু জ্ঞানৰ পৰিচয় দিয়ে। বিশেষকৈ কনাৰ্কৰ সূৰ্য মন্দিৰত সূৰ্যৰ গতি আৰু সময়ৰ ধাৰণাৰ সৈতে স্থাপত্যৰ সম্পৰ্কই প্ৰাচীন ভাৰতীয়সকলৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি থকা আগ্ৰহৰ কথা সোঁৱৰাই দিয়ে।

সেইদৰে ভাৰতীয় সংস্কৃতিৰ আন এক উল্লেখযোগ্য অৱদান হৈছে যোগ, ধ্যান আৰু আয়ুৰ্বেদ। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত মানুহে যেতিয়া মানসিক অস্থিৰতা আৰু কৰ্মৰ চাপৰ সৈতে যুঁজিবলগীয়া হয়, তেতিয়া যোগাভ্যাস আৰু ধ্যানে মনক স্থিৰ কৰি ৰখাত সহায় কৰিব পাৰে। নিয়মিত যোগাভ্যাসে শৰীৰৰ নমনীয়তা বৃদ্ধি, মানসিক চাপ হ্ৰাস আৰু সামগ্ৰিক সুস্থতা বজাই ৰখাত ইতিবাচক ভূমিকা পালন কৰে।

আনহাতে, আয়ুৰ্বেদৰ পৰম্পৰাত খাদ্যাভ্যাস, নিদ্ৰা, ঋতুচৰ্যা আৰু দৈনন্দিন জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীৱন যাপন কৰাৰ এই ধাৰণাটোৱে মানুহক নিজৰ শৰীৰ আৰু পৰিৱেশৰ প্ৰতি সচেতন হ’বলৈ শিকায়।

ঠিক তেনেকৈ গণিতজ্ঞ আৰ্যভট্টৰ গৱেষণা আৰু ভাৰতীয় গণিতৰ পৰম্পৰাত শূন্যৰ ধাৰণা তথা দশমিক স্থানমান পদ্ধতিৰ বিকাশে বিশ্বৰ গণনাব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। আজিও জ্ঞান-বিজ্ঞানৰ ইতিহাসত ভাৰতৰ অৱদান স্বৰ্ণাক্ষৰে লিখিত হৈ আছে।এই অৱদানসমূহৰ প্ৰভাৱে পৰৱৰ্তী সময়ত গণিত, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিৰ বিকাশৰ পথ সুগম কৰিছিল।

একেদৰে বৰাহমিহিৰৰ দৰে পণ্ডিতসকলে জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়ন আৰু প্ৰাকৃতিক পৰিঘটনাৰ ব্যাখ্যাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁলোকৰ অনুসন্ধিৎসু মন, যুক্তিনিষ্ঠ চিন্তা আৰু জ্ঞান আহৰণৰ প্ৰচেষ্টাই প্ৰমাণ কৰে যে প্ৰাচীন ভাৰতীয় সমাজত পৰ্যবেক্ষণ আৰু অধ্যয়নৰ এক সমৃদ্ধ পৰম্পৰা আছিল।

এই মহান অৱদানসমূহ আমাৰ বাবে কেৱল এক গৌৰৱৰ বিষয়েই নহয়, ই নতুন প্ৰজন্মৰ বাবে জ্ঞানৰ সাধনাত ব্ৰতী হোৱাৰ এক অনুপ্ৰেৰণাৰ উৎস।

সময়ৰ সোঁতত  বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ জীৱনলৈ কঢ়িয়াই আনিলে অভূতপূৰ্ব পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ সৈতে খোজ মিলাই আধুনিক ভাৰতেও মহাকাশ গৱেষণা, চিকিৎসাবিজ্ঞান, তথ্য-প্ৰযুক্তি আৰু পৰমাণু শক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতা ভাৰতৰ বৈজ্ঞানিক দক্ষতা আৰু অধ্যৱসায়ৰ এক গৌৰৱোজ্জ্বল অধ্যায়। ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ অঞ্চলত সফল অৱতৰণ কৰি ভাৰতে বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰে। মঙ্গলযান অভিযানেও সীমিত সম্পদৰ মাজত ভাৰতীয় বিজ্ঞানীসকলৰ অসাধাৰণ কৰ্মদক্ষতা আৰু উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰিছিল।

এই সাফল্যসমূহে আমাক শিকায় যে কেৱল অতীতৰ গৌৰৱেৰে বৰ্তমানৰ পথ নিৰ্মাণ কৰিব নোৱাৰি। অতীতৰ জ্ঞানৰ পৰা প্ৰেৰণা লৈ বৰ্তমানৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা আৰু ভৱিষ্যতৰ বাবে নতুন জ্ঞান সৃষ্টি কৰাটোহে প্ৰকৃত উন্নতিৰ চিন।

পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা, যুক্তিৰ প্ৰতি দায়বদ্ধতা ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য হৈছে ইয়াৰ উদাৰতা, বৈচিত্ৰ্য আৰু সমন্বয়ৰ মনোভাৱ। বিভিন্ন ধৰ্ম, ভাষা আৰু সম্প্ৰদায়ৰ মানুহে একেলগে বসবাস কৰি অহা ভাৰতীয় সমাজে সহিষ্ণুতা আৰু পাৰস্পৰিক সন্মানৰ এক অনন্য পৰম্পৰা গঢ়ি তুলিছে। এই বহুত্ববাদী পৰিৱেশে মানুহক বিভিন্ন দৃষ্টিভংগীৰ সৈতে পৰিচিত হ’বলৈ আৰু নতুন চিন্তাক গ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰে। কিন্তু সংস্কৃতিৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ভিত্তিহীন ধাৰণাক প্ৰশ্ৰয় দিলে সমাজৰ প্ৰকৃত উত্তৰণ বাধাগ্ৰস্ত হয়। আমাৰ পূৰ্বপুৰুষৰ জ্ঞান আৰু অভিজ্ঞতাক সন্মান জনোৱাৰ লগতে সেইবোৰৰ যথাৰ্থতা বিচাৰ কৰাৰ মানসিকতাও গঢ়ি তুলিব লাগিব। কিয়নো প্ৰশ্ন কৰাটো অসন্মান নহয়; বৰং সত্যৰ সন্ধানত আগবঢ়া এক সাহসী পদক্ষেপ।

নতুন প্ৰজন্মক নিজৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে যুক্তিবাদী, অনুসন্ধিৎসু আৰু মানৱীয় মূল্যবোধসম্পন্ন কৰি তোলাটো আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। বিদ্যালয়ৰ শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনলৈকে বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰ ঘটাব পাৰিলেহে এখন সুস্থ, সচেতন আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলা সম্ভৱ হ’ব। যিহেতু সংস্কৃতি হৈছে জাতিৰ শিপা, আৰু বিজ্ঞান হৈছে সেই শিপাৰ পৰা নতুন সম্ভাৱনাৰ ডাল-পাত মেলি দিয়াৰ শক্তি। শিপা দুৰ্বল হ’লে গছজোপা যেনেকৈ দৃঢ়তাৰে থিয় দিব নোৱাৰে, তেনেকৈ অতীতৰ মূল্যৱান ঐতিহ্যৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিলেও এখন সমাজে নিজৰ স্বকীয়তা হেৰুৱাব পাৰে। আনহাতে, কেৱল অতীতক আঁকোৱালি ধৰি নতুন জ্ঞানৰ দুৱাৰ বন্ধ কৰি ৰাখিলেও উন্নতিৰ পথ ৰুদ্ধ হয়। কাৰণ, যি সংস্কৃতিয়ে মানুহক শিপাৰ সৈতে জীয়াই থাকিবলৈ শিকায় আৰু যি বিজ্ঞানে মানুহক নতুন দিগন্তৰ সন্ধান দিয়ে, সেই দুয়োৰে সুস্থ সমন্বয়তেই নিহিত হৈ থাকে এখন উন্নত, যুক্তিবাদী আৰু মানৱীয় ভাৰত গঢ়াৰ প্ৰকৃত সম্ভাৱনা।