বাটিমাৰী ক্লাষ্টাৰত শিক্ষণ-শিকন সামগ্ৰী মেলাৰ আয়োজন
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত বাটিমাৰী ক্লাষ্টাৰৰ উদ্যোগত অহা ২৮ নৱেম্বৰত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন শিক্ষণ-শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা (TLM Mela) অনুষ্ঠিত হ’ব। বটিয়ামাৰী ক্লাষ্টাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক প্ৰদীপ ৰয়ে জাৰি কৰা জাননী অনুসৰি এই মেলাত ক্লাষ্টাৰৰ অন্তৰ্গত সকলো প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা কমেও দুগৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন বিষয়ৰ কম খৰচী আৰু বিনা খৰচী শিক্ষণ-শিকন সামগ্ৰী প্ৰদৰ্শন কৰিব লাগিব। প্ৰতিটো সামগ্ৰীৰ লগত ইয়াৰ ব্যৱহাৰ আৰু উদ্দেশ্য লিখা তালিকা থাকিব লাগিব আৰু পুৱা ৯:৩০ বজাৰ ভিতৰত মেলাস্থলীত উপস্থিত হৈ নাম পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই মেলাৰ মূল লক্ষ্য হৈছে শিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয়, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰি তোলা, হাতে-কামে শিকাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, শিক্ষকসকলৰ মাজত সৃজনশীল চিন্তা আৰু নতুন সামগ্ৰী নিৰ্মাণৰ প্ৰতিভা বিকাশ কৰা আৰু স্থানীয়ভাৱে উপলব্ধ কম খৰচী সামগ্ৰীৰে কেনেদৰে উন্নত শিক্ষা দিব পাৰি তাৰ অভিজ্ঞতা আদান-প্ৰদান কৰা। মেলাত প্ৰদৰ্শিত উৎকৃষ্ট সামগ্ৰীসমূহক বাছনি কৰি খণ্ড পৰ্যায়ৰ মেলালৈ প্ৰেৰণ কৰা হ’ব বুলি মণ্ডল সমন্বয়ক বিষয়াই জনাইছে আৰু সেয়ে সকলো শিক্ষক-শিক্ষয়িত্ৰীক সময়মতে উপস্থিত হৈ মেলাখন সফল কৰি তুলিবলৈ আহ্বান জনোৱা হৈছে।
