অবাটত ভোকৰ বাট
হৰেন কপ্তাক,ধেমাজি ৰাইচাপৰি বলমা
অৰ্ধগলিত এটি শৰীৰ,
চামৰাসদৃশ এটি পিঠিৰ ছাল।
ৰ’দ পোৰা দেহাত
কল্পনাতীত সপোন এটি জাগে,
মলিয়ন পোছাকতেই
বিচাৰি পায় সৌন্দৰ্যৰ ফুল।
চেণ্ডেলবিহীন উকা ভৰিৰ খোজ,
খৰখেদা গতিত আগবাঢ়ে-
কেৱল এমুঠি ভাতৰ সন্ধানত
ভোকবোৰ লুকাই থাকে
জমাদাৰ চাহাবৰ প্ৰক্ষালন কক্ষ কিম্বা বাৰীৰ চুকত
বিয়াহ-সবাহৰ কাঁহীপাত সিহঁতৰ বাবে আহাৰপাত্ৰ
আমি হাত দিয়া মানেই চোৱাপাতনি
চিনাকীবোৰক অচিনাকী কৰি
অন্ধ, বধিৰৰ পোছাকত থাকিলেহে কাম চলে হাতত
কাৰোবাৰ অবাটে আমাৰ বাবে বাট হৈ পৰে
অন্যথা আকাশৰ তৰা নজ্বলে,
পূৰ্ণিমাৰ জোনৰো জোনাক নাহে,
কলমলাই থকা ভোকবোৰ এমুঠি ভাতৰ বাট হেৰুৱায়
