ইয়াত এখন গাঁও আছিল – ৰুমী কলিতা দত্ত

Pc The Indian Express

ইয়াত এখন গাঁও আছিল

ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ডিব্ৰুগড়

​উজাগৰী নিশাৰ কান্দোন নুশুনাকৈ
​ইয়াত এখন গাঁও আছিল,
সপোনৰ হেঙুলীয়া আভাৰে ৰঙীন হৈ ।
আছিল হাঁহি, ধেমালি
আৰু খেতিয়কৰ সপোনৰ ধাননি
​কিন্তু হঠাৎ আহিল  বলীয়া বান পাহাৰ সদৃশ
কালৰূপী দানৱৰ দৰে।
উটুৱাই নিলে সকলো
পকনীয়াত পৰি হেৰুৱা জীৱন
কেৱল চকুলো আৰু বেদনা বাকী।
​ভগা পঁজা, বোকাময় পথাৰ
আৰু মৃত পশুধনৰ মৃতদেহ,
এয়াই এতিয়া গাঁৱৰ ছবি
নিষ্ঠুৰ বাস্তৱৰ কৰুণ দৃশ্য।
​উজাগৰী নিশাৰ কান্দোন
আৰু সহায়ৰ বাবে কৰা কাতৰ অনুৰোধ
কোন আহিব সহায়ৰ বাবে
নে এইদৰেই জীয়াই থাকিব লাগিব
বেদনাৰ চকুলো বোৱাই
এইয়াই হৈছে কলি যুগৰ প্ৰলয় ।