কৈশোৰ কাল আৰু কিছু কথকতা
মিন্টু (অভিজ্ঞান)বৈশ্য
কৈশোৰ কাল , ঠিক বাৰ বছৰ বয়সৰ পৰা ঊনৈশ বছৰলৈকে। বৈশিষ্ট্য: অতি সংবেদনশীল, দ্ৰুত বিকাশ (দৈহিক কিম্বা মানসিক) , আবেগ সিক্ত, চিন্তাৰ সুকীয়া প্ৰকাশ, সম্ভাৱনাৰ ফচল । মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ মতে কিশোৰ এনে এক শক্তি যাৰ ইচ্ছা শক্তিয়ে ভৱিষ্যত গঢ়িব পাৰে। আমি দেখা পাওঁ মাত্ৰ ১২ বছৰ বয়সতেই পেস্কেলাইনৰ আৱিষ্কাৰক ব্লেজ পেস্কেলক, নতুবা জন ভন নিউমেন,ছাৰ আইজাক নিউটন,কিড অফ দা ইয়েৰ সন্মানেৰে সন্মানিত গীতাঞ্জলি ৰাওকে ধৰি গুগল বয় কৌটিল্য পণ্ডিত ইত্যাদি চমকপ্ৰদ কিশোৰৰ কথা। আমি ক’ব পাৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা, ঠিক বাৰ বছৰ বয়সতেই আ কাৰ ইকাৰ নোহোৱাকৈ কবিতা লিখি গোটেই অসম মুলুকত নব্য চিন্তাৰ সোঁত বোৱাই দিয়াৰ যি মনস্তাত্বিকতা তাৰ আৰম্ভণি কৈশোৰ অৱস্থাতেই হয়। এইখিনিতে জিন পিয়াজে, আৰু ডেভিদ এলকাইণ্ডৰ মতে কিশোৰ কাল্পনিক শ্ৰোতা, অৰ্থাৎ কিশোৰ সকলৰ ইগʼৰ বাবে তেওঁলোকে ভাৱে যে সকলোৱে তেওঁলোকৰ ওপৰতহে চকু ৰাখিছে। আকৌ কিশোৰসকলে ভাৱে যে তেওঁলোকৰ চিন্তা সুকীয়া কোনেও তেওঁলোকক বুজি নাপায়। ইয়াক ব্যক্তিগত আখ্যানো বুলিব পাৰি। প্ৰতিগৰাকী কিশোৰ নতুবা কিশোৰী নিজতেই একোজন আৱিষ্কাৰক। অন্যহাতে কিশোৰ অৱস্থা এক উত্তেজনাৰ সময়। পৰিৱৰ্তনশীলতাৰ প্ৰভাৱে কিশোৰ মনত কোনো কোনো সময়ত বিশাল চুনামীৰ সৃষ্টি কৰিব পাৰে। ই এক বিশাল দুৰ্যোগৰ সময়ো হ’ব পাৰে। সাম্প্ৰতিক সময়ৰ পিনে চাবলৈ গ’লে দেখা যায় স্মাৰ্ট ফোনৰ অতি দৌৰাত্ম্য প্ৰভাৱত অভ্যস্ত কিশোৰ সকলৰ মনস্তাত্বিকতা। ক্ৰমশঃ পৰিৱৰ্তনমুখী এক চিত্ৰাভাষে চিন্তিত কৰে কেতিয়াবা। আজিৰ মানুহ নতুন মানুহ… নতুন নতুন পৰিভাষা। মুকলি চোতালত বহি জোনাকৰ পোহৰত পদ্য পঢ়াৰ,আইতাৰ সৈতে সাধু কোৱাৰ,ভাই ভনীৰ সৈতে ৰং ৰহইচ কৰাৰ সময় এতিয়া কিশোৰ কিশোৰীৰ নাই। এতিয়াৰ কিশোৰ কিশোৰীয়ে পিঠা,লাৰুৰ তৃপ্তি নাপায়।পিজ্বা বাৰ্গাৰ যেন সিহঁতৰ মুখ ৰুচিকৰ খাদ্য। পুখুৰীত লগৰীয়াৰ সৈতে এতিয়াৰ কিশোৰ কিশোৰীয়ে সাঁতুৰিবলৈ অপাৰগ। বিস্তৃত পৰিৱেশৰ পৰা আঁতৰি এতিয়াৰ কিশোৰ কিশোৰী এটা কোঠালীত বন্দী , সহচৰ মাথোঁ স্মাৰ্ট ফোনটো। এইখিনিতে বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিবৃতি মতে বিশ্বৰ প্ৰায় ২০% কিশোৰ মানসিক ৰোগৰ চিকাৰ হয়,বোধ হয় ইয়াৰ শতাংশ ক্ৰমাৎ বৰ্ধিত। মুকলি আকাশৰ তলত চিলা উৰুওৱাৰ বয়সত আজিৰ কিশোৰ ঘৰতেই আবদ্ধ। বিদ্যায়তনিক হেঁচা, প্ৰতিযোগিতাৰ পিছত দৌৰি দৌৰি অৱসন্ন হোৱাৰ ছবি এখনো অতি দুখলগাকৈ ভাহি আহে। ইয়াৰ কাৰণ কিন্তু অভিভাৱকৰ অত্যধিক উচ্চাকাংক্ষা আৰু প্ৰতিযোগিতামুখী ভাৱনাও। কিশোৰ কিশোৰীসকল যেন যন্ত্ৰ হৈ পৰিছে। নেচনেল ক্ৰাইম ব্যুৰ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে এক লাখতকৈ অধিক আত্মহত্যা কৰে ১৫_৪৪ বছৰ বয়সৰ লোকে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো কুইয়েৰ শিশু বা কিশোৰ সকলৰ কথা। আপুনি নিশ্চয়কৈ এনে শিশু বা কিশোৰ দেখিছে,যি আপোনাৰ দৃষ্টিত সুকীয়া। সিহঁতৰ অনন্য নাম আছে লেডিছ, কিন্নৰ,হিজৰা,চাক্কা ইত্যাদি। আপোনাৰ জানিবলৈ মন যায়নে এই ব্যতিক্ৰমী কিশোৰ বা ব্যক্তিসকলৰ কথা? বিশাল প্ৰত্যাহ্বানমুখী আৰু সংঘাতবহুল তেওঁলোকৰ জীৱন। যেন তেওঁলোক এক জীৱন্ত প্ৰতিবাদ। শৈশৱৰে পৰা তেওঁলোকে ঠাট্টা, অৱহেলা, লাঞ্চনা , অপমান কঢ়িয়াই এটা সময়ত ভাৰ বʼব নোৱাৰি আত্মহত্যাৰ বলি হয়। নতুবা এনজাইটি ডিচʼৰডাৰ,পেনিক এটেক,অচিডি ইত্যাদি মানসিক ৰোগৰ চিকাৰ হয়। সততে দেখা পোৱা যায় কুইয়েৰ কিশোৰ সকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি কৰা অভিভাৱকৰ চৰম অনীহা, কিম্বা সজাগতাহীনতা। আমি নিতৌ কিশোৰী ধৰ্ষণৰ খবৰ শুনিবলৈ পাওঁ, কিন্তু এচামে কুইয়েৰ কিশোৰ সকলৰ ওপৰতো মনে মনে যৌন নিৰ্যাতন চলাই আহিছে,যি তেওঁলোকে কাকো ক’ব নোৱাৰি নিজকে এটা সময়ত হত্যা কৰিবলৈ বাধ্য হৈ পৰে। এইখিনিতে অভিভাৱকসকলৰ সজাগতা আৰু সচেতনতাও আৱশ্যক। আপোনাৰ শিশুটো যদি নাৰীসুলভ কিম্বা কমনীয় হৈ তেন্তে অবজ্ঞা নকৰি আপোনাৰ সন্তানটোৰ সৈতে বন্ধুত্ব সুলভ ভাষাৰে কথা পাতক। আমি দেখা পাওঁ কুইয়েৰ সন্তানবোৰক প্ৰায় সংখ্যক পিতৃ মাতৃ কিম্বা অভিভাৱকে বুজিব নোৱাৰি বিভিন্ন ধৰণে টোৰচাৰ কৰে কিম্বা মাৰপিট,গালি গালাজ পাৰে। এয়া অতি দুৰ্ভাগ্যজনক। প্ৰত্যেক ব্যক্তিৰ সুকীয়া পৰিচয়, সুকীয়া সত্তা শৈলী আছে। কোনো এখন দেশত এজন ব্যক্তি আছিল, তেওঁৰ এজন কুইয়েৰ সন্তান আছিল, কিশোৰ অৱস্থাতে তেওঁ পিতৃ ধৰ্ম পালন কৰিবলৈ গৈ সন্তানটোক ঘৰৰ পৰা উলিয়াই দিয়ে। এদিন সন্তানটোও ঘৰ এৰি শোকত ম্ৰিয়মান হৈ পিতৃ ঘৰ এৰি যায়গৈ। তেনেতে সেই সন্তানটোক এজন দুখীয়া মিস্ত্ৰীয়ে পায় । মিস্ত্ৰীজনে নিজৰ সন্তান বুলি কুইয়েৰ কিশোৰটোক আকোঁৱালি লয়, আৰু এদিন সেই কুইয়েৰ কিশোৰজন চিকিৎসক হয়। আকস্মিকভাৱে এদিন কুইয়েৰ কিশোৰজনে জন্মদাতা পিতৃক চিকিৎসা কৰে। আৰু নিজৰ ভুল স্বীকাৰ কৰি সেই পিতৃয়ে পুনৰ সন্তান হিচাপে কুইয়েৰ কিশোৰজনক আকোঁৱালি লয়। ই এক উপকাহিনীহে মাত্ৰ। কাহিনী হ’লেও ই অতি বাস্তৱ। কোনো সন্তান কুইয়েৰ কিম্বা ব্যতিক্ৰম হ’লেই নিজ পিতৃ মাতৃৰ ওচৰত অৱহেলিত নহওক। এইখিনিতে শিশু বা কিশোৰসকলক আধ্যাত্ম জ্ঞানৰ প্ৰতি আকৃষ্ট কৰাটোও অতীব প্ৰয়োজন। আধ্যাত্ম জ্ঞানে উত্তৰণৰ বাট মুকলি কৰে। মানসিক স্বাস্থ্য ভালে ৰাখে। আপুনি আপোনাৰ সন্তানক শিশু প্ৰহ্লাদ,ধ্ৰুৱ,শ্ৰৱণ আদিৰ কাহিনী শুনাব পাৰে। এটা শিশু বা কিশোৰ সুস্থভাৱে পৰিচালনা কৰিবলৈ এটা সুস্থ পৰিৱেশ দিয়াটো অতীব প্ৰয়োজন। এই ক্ষেত্ৰত অভিভাৱকৰ দায়বদ্ধতাও অপৰিসীম। আমাৰ সমাজত দেখা যায় সন্তান এটা বেয়া হ’লে মাকগৰাকীৰ চৰিত্ৰৰ ওপৰত আঙুলি টোৱোৱা হয়, এয়া একেবাৰে ভুল। এটি সন্তান যিদিনাৰে পৰা মাতৃগৰ্ভত থিতাপি লয় , সিদিনাৰে পৰা পিতৃ গৰাকীৰ দায়বদ্ধতাও কিন্তু আৱশ্যক। কেতিয়াবা দেখা যায় মদ্যপান, ধুম্ৰপান কৰি সন্তানৰ ওচৰত মাকজনীক অকথ্য কথা কিম্বা মাৰপিট কৰে, এয়া একেবাৰে উচিত নহয়। শিশু বা কিশোৰসকল অনুকৰণ প্ৰিয়, সিহঁতে অগ্ৰজসকলৰ প্ৰতিটো কথাকে অনুকৰণ কৰে। এইখিনিতে আকৌ আপোনাৰ সন্তানক আত্মনিৰ্ভৰশীল হ’বলৈ দিয়াটোও অতি আৱশ্যক। বহুতো কিশোৰ বা সন্তানক দেখা যায় পিতৃ মাতৃৰ অতিমাত্ৰা শাসনৰ বাবে বন্দীত্বৰ জীৱন এটা কটাবলগীয়া হয়। যেন সিহঁতৰ ভাললগা বিষয় একোৱে নাই,পঢ়িব লাগে আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান দখল কৰিব লাগে। এয়া অতীব মাৰাত্মক। অত্যধিক শাসনে সন্তানক মানসিকভাৱে পংগু কৰি পেলাব পাৰে।এই ক্ষেত্ৰতো পিতৃ মাতৃ সজাগ হোৱাটো বাঞ্ছনীয়। এই ক্ষেত্ৰত আমি জুবিন গাৰ্গদেৱলৈ চালে দেখা পাওঁ সংগীতেৰে গোটেই বিশ্বত চিৰ পূজনীয় হৈ ৰোৱাৰ কথা। কিশোৰ মনত থাকে এক প্ৰবল আত্মবিশ্বাস। সিহঁত মুকলি আকাশৰ তলত উৰিব বিচাৰে। এই ক্ষেত্ৰত যিদৰে চিলা উৰাওতাজনে মূল সূতাডালৰ টাকুৰীটো হাতত ৰাখি চিলাখন উৰিবলৈ দিয়ে একেদৰে পিতৃ মাতৃ কিম্বা অভিভাৱকে ঠিক চিলাখনৰ দৰে গতিৰ মূল আঁতডাল খামুচি ধৰি সন্তানক আগুৱাই যাবলৈ দিয়ক। সদৌশেষত যুগে যুগে নতুন আহিব, বিশাল প্ৰত্যয়ৰে নিত্য নব্য ইতিহাস ৰচিব। প্ৰজ্ঞা সাধনাৰে প্ৰগতিৰ স্বৰ্ণ শিখা হৈ তৰুণে বিশ্ব উজলাব। প্ৰতিজন কিশোৰ ইতিহাসত এক মহান আদৰ্শ হৈ ৰʼব।
