কলম্বিয়াত ৭.৪ প্রাবল্যৰ বৰভূঁইকঁপত ২২৪জনৰ মৃত্যু

Pc India Today

কলম্বিয়াত ৭.৪ প্রাবল্যৰ বৰভূঁইকঁপত ২২৪জনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে সন্ধিয়া এক শক্তিশালী ভূমিকম্পই দক্ষিণ আমেৰিকাৰ কলম্বিয়াক জোকাৰি যায় ৷ এই ভূমিকম্পটো ইমানোই শক্তিশালী আছিল যে চুবুৰীয়া দেশসমূহতো ইয়াৰ কম্পন অনুভূত হয় ৷  ৭.৪ প্রাবল্যৰ বৰভূঁইকঁপৰ কম্পনত বিধ্বস্ত হৈ পৰে দেশখনৰ পশ্চিম প্ৰান্তৰ বিস্তীর্ণ অঞ্চল। ভয়ংকৰ প্ৰাকৃতিক দুর্যোগত চৌদিশে মাথোঁ পৰিলক্ষিত হয় ধ্বংসস্তূপ। স্থানীয় সংবাদ মাধ্যমসমূহৰ প্ৰতিবেদন অনুসৰি এইপর্যন্ত ২২৪জনৰো অধিক লোকৰ মৃত্যু হৈছে। অৱশ্যে এই সংখ্যাটো আৰু অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমসমূহৰ প্ৰতিবেদন মতে, এই বৰৰ্ভূইকঁপত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে কেলি আৰু পেৰেইৰা। ইয়াক একবিংশ শতিকাত দেশখনৰ সৰ্ববৃহৎ ভূঁইকঁপ বুলি দাবী কৰিছে কলম্বিয়াৰ ভূ-বিজ্ঞান বিভাগে। দুয়োখন চহৰতে মৃতকৰ সংখ্যা ক্রমে বৃদ্ধি পাইছে। সোমবাৰৰ এই ভূঁইকঁপত ৩,০০০জনৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি প্রশাসনৰ সূত্ৰত প্ৰকাশ পাইছে। আহত হৈছে সহস্রাধিক। দেশখনৰ ভূ-বিজ্ঞান বিভাগে জনোৱা মতে, মূল জোকাৰণিৰ পিছত ২১বাৰ আফটাৰ শ্বক হৈছে। এই বিপৰ্যয়ৰ ফলত পশ্চিম কেলিফ’র্নিয়াত বিমান সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। পেৰেইৰা আৰু কেলিৰ উপৰি বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতি হৈছে ছ’কে আৰু কফী এক্সিছ অঞ্চলত। সামাজিক মাধ্যমযোগে বিয়পি পৰিছে তাচপাতৰ ঘৰৰ দৰে খহি পৰা অট্টালিকাৰ ছবি, ভিডিঅ’। কেলি চহৰত বৃহৎ চিকিৎসালয় ভাঙি পৰিছে। ফলত, বহু ৰোগী সেই ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰিছে বুলি প্ৰশাসনৰ সূত্রই জনাইছে। চহৰখনৰ ৩০ শতাংশ চিকিৎসালয় ক্ষতিগ্রস্ত হৈছে। কেৱল চিকিৎসালয়েই নহয়, স্কুল, কলেজ আৰু চৰকাৰী প্ৰতিষ্ঠান তথা চৰকাৰী ভৱনসমূহো ভাঙি পৰিছে।