নাজিৰা মহাবিদ্যালয় আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত আৰ্থিক সাহায্য
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ বানপীড়িত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বানৰ ফলত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ কাষত থিয় দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় বিষয়া সংস্থাই। দুয়োটা সংস্থাৰ যৌথ উদ্যোগত আজি নাজিৰা মহাবিদ্যালয় আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত বান সাহায্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল বানপীড়িত আৰু আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ শৈক্ষিক জীৱন অব্যাহত ৰখাত সহায় কৰা। বানপানীৰ ফলত বহু পৰিয়ালে আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সময়ত শিক্ষাৰ্থীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এই উদ্যোগ গ্ৰহণ কৰা হয়। নাজিৰা মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰাজু ফুকন উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ হৈ প্ৰফেছৰ সুব্ৰত বুঢ়াগোহাঁই, ড° বৰুণ দে আৰু ড° দৰ্পণজিৎ কোঁৱৰ উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া সংস্থাৰ হৈ মনোজ তামুলী, ড° গুণদীপ চেতিয়া আৰু ড° মনোৰঞ্জন ভূঞা উপস্থিত থাকে।আনহাতে, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়তো একেধৰণৰ বান সাহায্য কাৰ্যসূচী অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মনজিৎ গগৈৰ উপস্থিতিত বানপীড়িত শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। উপস্থিত প্ৰতিনিধিসকলে কয় যে প্ৰাকৃতিক দুৰ্যোগে কেৱল মানুহৰ জীৱন -জীৱিকাতে প্ৰভাৱ পেলোৱা নাই বৰঞ্চ বহু শিক্ষাৰ্থীৰ শিক্ষা জীৱনতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। এনে সংকটৰ সময়ত শিক্ষাৰ্থীসকলৰ কাষত থিয় দি তেওঁলোকক সম্ভৱপৰ সহায় আগবঢ়োৱাটো সামাজিক দায়বদ্ধতাৰ এক গুৰুত্বপূৰ্ণ অংশ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা আৰু বিষয়া সংস্থাৰ এই পদক্ষেপে শিক্ষানুষ্ঠানৰ সৈতে বৃহত্তৰ সমাজৰ সম্পৰ্ক আৰু দুৰ্যোগৰ সময়ত শিক্ষাৰ্থীসকলৰ প্ৰতি দায়িত্ববোধৰ এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে। বানপীড়িত মুঠ ২০৪ জন শিক্ষাৰ্থীক প্ৰদান কৰা এই আৰ্থিক সাহায্যই তেওঁলোকক সংকটৰ সময়ত কিছু সকাহ দিয়াৰ লগতে নিজৰ শিক্ষা অব্যাহত ৰখাত উৎসাহ যোগাব বুলি আশা কৰা হৈছে।
