দিশহাৰা – কল্পনা দত্ত 

Pc The Kashmir Horizon

দিশহাৰা

কল্পনা দত্ত 
লুইত নগৰ ,নুনমাটি, গুৱাহাটী 

“চাকৰি কৰাবোৰে কেনেবাকৈ ঘৰখন সম্পূৰ্ণ কৰিব, কিন্তু বাকী বোৰে কেনেকৈ আৰম্ভ কৰিব?”

“পানী শুকুৱাৰ পাছত যিখন পৃথিৱী ওলাই পৰে, সেইখন বানপানীতকৈও বেছি ভয়ংকৰ। কাৰণ তাত কেৱল বোকাময় ধ্বংসস্তূপ আৰু দিশহাৰা মানুহৰ উচুপনি থৈ যায়।”

দিখৌৰ তাণ্ডৱ আৰু ঐতিহাসিক নগৰীৰ ক্ৰন্দনত ঐতিহাসিক শিৱসাগৰ জিলা আজি বানৰ এক কৰুণ ভয়ংকৰ গ্ৰাসত পৰিছে। দিখৌ, জীয়াল আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জিলাখনৰ ইখনৰ পাছত সিখন গাঁও বুৰাই পেলাইছিল। বিশেষকৈ শেহতীয়াকৈ দহিকটীয়াত দিখৌ নৈৰ মথাউৰি চিঙি যোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত যেন এক প্ৰলয় নামি আহিল। মথাউৰি ভাঙি হুৰাহুৰে সোমাই অহা পানীয়ে মানুহক নিজৰ ঘৰ-দুৱাৰ, সম্পত্তি বা পশুধন বচাবলৈকো এক মুহূৰ্তৰ সময় নিদিলে। মুহূৰ্তৰ ভিতৰতে শ শ পৰিয়াল গৃহহীন হৈ আশ্ৰয় শিবিৰ বা ওখ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হ’ল। কিন্তু বৰ্তমান সময়ত বানৰ এই সংহাৰতকৈও এক অতি গভীৰ আৰ্থিক আৰু মানসিক সংকটৰ ছবিহে ফুটি উঠিছে, যিয়ে ভৱিষ্যতৰ এক অন্ধকাৰ দিশলৈ আঙুলিয়াই দিছে।

বৰ্তমান সমগ্ৰ শিৱসাগৰৰ বান পৰিস্থিতিৰ আটাইতকৈ ডাঙৰ সত্যটো হৈছে “চাকৰি কৰাবোৰে কিবা কৈ ঘৰখন সম্পূৰ্ণ কৰিব কিন্তু বাকী বোৰে কেনেকৈ আৰম্ভ কৰিব?” বানৰ বুকুত সৰ্বস্ব হেৰুওৱা হাজাৰ হাজাৰ খাটি খোৱা, খেতিয়ক আৰু দিন হাজিৰা কৰা মানুহৰ বুকু ফালি ওলাই অহা এক নিৰুপায় আৰ্তনাদৰ চিঞৰ এতিয়া কোনে শুনিব।আমাৰ সমাজখনত যিসকল লোক চৰকাৰী বা সুৰক্ষিত বেচৰকাৰী চাকৰিৰ সৈতে জড়িত, তেওঁলোকৰ বাবে বানপানীৰ পাছত ঘৰখন পুনৰ নিৰ্মাণ কৰা বা জীৱনটো নতুনকৈ সজাই তোলাটো কষ্টকৰ হ’লেও অসম্ভৱ নহয়। তেওঁলোকৰ হাতত মাহেকীয়া দৰমহাৰ এটা নিশ্চিত উৎস থাকিব, যাৰ জোৰত তেওঁলোকে বেংকৰ পৰা ঋণ লৈ হ’লেও ভাঙি যোৱা ঘৰখন ঠিক কৰিব পাৰিব। কিন্তু বাকীসকল? যিসকল লোক কেৱল কৃষি, সৰু সুৰা ব্যৱসায়, মীন পালন বা দিন হাজিৰাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছিল, তেওঁলোকৰ বাবে এই বানপানীয়ে কেৱল ঘৰৰ দেৱালখনকে ভঙা নাই, তেওঁলোকৰ অনাগত পাঁচ বছৰৰ অৰ্থনৈতিক কঁকালখনো ভাঙি থৈ গৈছে।

সৰ্বস্ব হেৰুওৱাৰ বিষাদগাথাৰ কথা কোনে বুজিব। য’ত মূলধনো বোকাত জাহ গ’ল শিৱসাগৰৰ গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটিটোৱেই হৈছে কৃষি আৰু পশুপালন। এইবাৰৰ বানে কৃষকসকলৰ সোনালী সপোনবোৰ বোকামাটিৰ তলত পুতি পেলালে। খেতিৰ বাবে, থলুৱা ব্যৱসায় বা মীন পালনৰ বাবে বহু নিবনুৱা যুৱক বা কৃষকে বিভিন্ন মাইক্ৰ’ফাইনেন্স বা থলুৱা সমিতিৰ পৰা ধাৰ-ঋণ লৈ মূলধন খটাইছিল। বানে সেই সকলোবোৰ উটুৱাই লৈ গ’ল। এতিয়া তেওঁলোকৰ সন্মুখত দুটা ডাঙৰ প্ৰত্যাহ্বান— প্ৰথমটো হ’ল পৰিয়ালটোক দুবেলা দুমুঠি খুৱাই জীয়াই ৰখা আৰু দ্বিতীয়টো হ’ল মূৰৰ ওপৰত থকা পুৰণি ঋণৰ বোজা। এই দিশহাৰা অৱস্থাই নৱপ্ৰজন্ম আৰু গাঁৱৰ মানুহখিনিক এক গভীৰ মানসিক অৱসাদ আৰু হতাশাৰ ফালে ঠেলি দিছে, যাৰ কোনো তাৎক্ষণিক সমাধান তেওঁলোকে সোনকালেই বিচাৰি নাপাব।।

 সাহায্যৰ সাময়িকতা বনাম পুনৰ্সংস্থাপনৰ স্থায়ী প্ৰয়োজনীয়তা এতিয়া বহুত বেছি জৰুৰী হৈ পৰিব।বানপানী অহাৰ সময়ত চৰকাৰ, প্ৰশাসন আৰু বিভিন্ন সামাজিক সংগঠনে আশ্ৰয় শিবিৰত চাউল, দাইল, নিমখ বা ঔষধৰ যোগান ধৰিছে ।এইবোৰ ঠিকেই আছে, মানৱতা বোৰ দেখি ভালো লাগিছে এই সাময়িক সহায়খিনিক অৱশ্যে সকলোৱেই আদৰণি আৰু শলাগ ল’বই লাগিব। কিন্তু পানী শুকুৱাৰ পাছত যেতিয়া মানুহখিনি নিজৰ উকা , পলসুৱা মাটিৰে ধ্বংসস্তূপত পৰিণত হোৱা চোতালখনলৈ ঘূৰি যাব, তেতিয়া চাউল এককিলোগ্ৰাম ,দালি, বিস্কুট আৰু অন্যান্য সামগ্ৰীয়ে তেওঁলোকৰ শূণ্য হৈ যোৱা ঘৰখন আকৌ ভালকৈ থিয় কৰাব নোৱাৰে। তেওঁলোক যেন এতিয়া ২০ বছৰ পিছুৱাই গ’ল। চাকৰি নথকা, সমাজৰ আটাইতকৈ পিছপৰা আৰু দৰিদ্ৰ শ্ৰেণীটোৰ বাবে চৰকাৰে এক বিশেষ ‘অৰ্থনৈতিক আঁচনি’ গ্ৰহণ কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। কেৱল চৰকাৰী সাহায্যৰ নিয়মীয়াকৈ দিলেই জানো তেওঁলোকৰ অৰ্থনৈতিক দিশটো টনকিয়াল হ’ব! সেয়েহে পৰিয়ালসমূহক নতুনকৈ জীৱিকা আৰম্ভ কৰিবলৈ বিনাসূদে দীৰ্ঘম্যাদী ঋণ, কৃষি বীজৰ যোগান আৰু পশুধন হেৰুওৱা পৰিয়ালক চৰকাৰী অনুদান আগবঢ়াব লাগিব আৰু তেতিয়া হে চাগে অলপ হ’লেও সকাহ পাব।

সামৰণি শেষত ক’ব লগীয়া দু- আষাৰ-

শিৱসাগৰ চৰাইদেউ, নাজিৰা আৰু যোৰহাটৰ এই বানপানী কেৱল এক প্ৰাকৃতিক দুৰ্যোগ নহয়, ই এক বৃহৎ মানৱীয় আৰু অৰ্থনৈতিক সংকট। পানী শুকাব, নৈবোৰে আকৌ নিজৰ সুঁতিলে ঘূৰি যাব, কিন্তু এই বানৰ পাছত সমাজৰ যিটো শ্ৰেণী সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছে, তেওঁলোকক হাতত ধৰি থিয় কৰোৱাটো চৰকাৰ আৰু সচেতন সমাজৰ নৈতিক দায়িত্ব। চৰকাৰৰ সদিচ্ছা কেৱল চহৰীয়া আধুনিকতাৰ মাজতে সীমাবদ্ধ নাথাকি এইদৰে বানৰ বুকুত সৰ্বস্ব হেৰুৱাই শূন্যৰ পৰা জীৱন আৰম্ভ কৰিবলগীয়া হোৱা প্ৰতিজন নিৰুপায় নাগৰিকৰ কাষ পাবগৈ লাগিব। তেতিয়াহে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰে আকৌ হাঁহিব পাৰিব আৰু সমাজৰ প্ৰতিজন খাটি খোৱা মানুহে পুনৰ মূৰ তুলি জীয়াই থকাৰ সাহস পাব ।