বানপানী আৰু মানৱ জীৱনৰ হূমুনিয়াহ
প্ৰাণ প্ৰতিমা বড়া ,গুৱাহাটী
এখন সুন্দৰ ঘৰ -আপোন ঘৰ-বাৰী, আদৰৰ পশুধন নিমিষতে নোহোৱা কৰিলে এক প্ৰলয়ংকাৰী বানে। প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ নিচেই কাষৰে পৰা অনুভৱ কৰিলোঁ। কিমান যন্ত্ৰণাদায়ক ক’বলৈ ভাষা নাই । কেনোদিনে বানপানী দেখা নাছিলোঁ। যোৱা ১৮ জুলাই ২০২৬ চন । শিৱসাগৰখনক বানে সংহাৰী ৰূপ লৈ বহুতৰ জীৱনলৈ কালধুমুহা আনিলে । শিৱসাগৰৰ কালুগাঁৱৰ জীয়ৰী। গুৱাহাটীৰ পৰা মাক-দেউতাৰ ঘৰলৈ গৈ যি পৰিস্থিতিৰ সন্মুখীন হ’লো ভাষাৰে বুজাব নোৱাৰোঁ। ভগৱানৰ কৃপাত আমাৰ বাঁহ বাৰি টিং গাঁওখন বাচিল যদিও আশে-পাশে থকা গাঁওসমূহ বানৰ কবলত পৰিল । আমাৰ মিতিৰ-কুতুম সকলৰ বেছিভাগেই বানপানীৰ কবলত পৰি সৰ্বস্বান্ত হৈ পৰিছে। চকুৰ সন্মুখতে সকলোবোৰ হেৰুৱাই দিশহাৰা হৈ পৰিছে। পানীৰ সোঁত ইমানেই বেছি আছিল সেই সোঁতৰ মাজেদি গৈ আপোন মানুহবোৰক উদ্ধাৰ কৰাৰ সাহস আমি কৰিব পৰা নাছিলোঁ । খুব কম সময়ৰ ভিতৰতে চাৰিওফালে পানীয়েই পানী হৈ পৰিছিল। তাতে আকৌ পানীৰ সোঁত বহুত আছিল। নিমিষতে সকলো থানবান হৈ পৰিছিল। শিৱসাগৰ, নাজিৰা, চৰাইদেউ আদিকে ধৰি অসমৰ বহুকেইখন জিলা বানপানীয়ে ধোৱাই নিলে । চকুৰ সন্মুখতে সকলোবোৰ শেষ হৈ গ’ল। বহু ঠাইত চকুৰ সন্মুখতে আপোনজন হৰ্ঠাৎ নোহোৱা হ’ল। হেঁপাহৰ বয়-বস্তুবোৰ বানপানীয়ে উটুৱাই নিলে। গাড়ী -মটৰ পানীৰ তলত ডুব গ’ল। আদৰৰ হাঁহ-কুকুৰা উটি গ’ল। গোহালিৰ গৰু বান্ধি থোৱাতে থাকিল । কিমান যে পশুধন নিধন হ’ল তাৰ কোনো হিচাপ নোহোৱা হ’ল। বানপানীয়ে বহুতো মানুহৰ লগতে মানুহৰ হেঁপাহৰ ঘৰখন, ভঁৰাল ঘৰৰ লগতে সকলো বস্তু উটুৱাই লৈ গ’ল। কিমান যন্ত্ৰণাদায়ক সেই সময়বোৰ । নিমিষতে সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিবেশৰ সন্মুখীন হ’লোঁ।
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখি তবধ মানিলোঁ । মানুহ হৈও আমি একোকে কৰিব পৰা নাছিলোঁ । প্ৰকৃতিয়ে আকৌ এবাৰ বুজাই গ’ল, প্ৰকৃতিৰ ওচৰত আমি নিমিত্তমাত্ৰ । দুদিনীয়া জীৱনত ধন-সম্পত্তি, বয়-বস্তুক লৈ অহংকাৰ কৰি একো লাভ নাই। জীয়াই থকা দিনকেইটাত আনৰ ভাল চিন্তা কৰি দিনবোৰ ভালদৰে পাৰ কৰিবলৈ চেষ্টা কৰা উচিত। দুদিনীয়া জীৱনত অহংকাৰ, হিংসা, খং, ক্ষোভ কৰি একো লাভ নাই। একো বস্তুৱেই চিৰস্থায়ী নহয়। সকলোবোৰ যেন নেদেখাজনৰ হাতত।
