খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ দক্ষ বৃত্তি – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc StockCake

খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ দক্ষ বৃত্তি

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

ভাৰত এখন কৃষিপ্ৰধান দেশ। কিন্তু কেৱল কৃষি উৎপাদন বৃদ্ধি কৰিলেই অৰ্থনৈতিক সমৃদ্ধি নিশ্চিত নহয়; উৎপাদিত সামগ্ৰীত মূল্য সংযোজন কৰিলেহে কৃষক, উদ্যোগ আৰু উপভোক্তা—সকলো পক্ষ উপকৃত হয়। এই লক্ষ্য পূৰণৰ অন্যতম শক্তিশালী মাধ্যম হৈছে খাদ্য প্ৰস্তুতকৰণ উদ্যোগ। কৃষিজ আৰু পশুজাত কেঁচা সামগ্ৰীক বৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰি সুৰক্ষিত, পুষ্টিকৰ, অধিক দিন সংৰক্ষণযোগ্য আৰু বজাৰোপযোগী খাদ্যলৈ ৰূপান্তৰ কৰাটো এই উদ্যোগৰ মূল উদ্দেশ্য।

বৰ্তমান নগৰীকৰণ, ব্যস্ত জীৱনশৈলী, স্বাস্থ্য সচেতনতা আৰু সংগঠিত খুচুৰা বজাৰৰ সম্প্ৰসাৰণৰ ফলত ৰেডি-টু-ইট (আৰ টি ই), ৰেডি-টু-কুক (আৰ টি চি), ফ্ৰ’জেন ফুড, অৰ্গেনিক ফুড, পেকেজড ফুড আৰু স্বাস্থ্যকৰ পানীয়ৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলস্বৰূপে এই খণ্ডত দক্ষ কৰ্মীৰ প্ৰয়োজনীয়তাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যাৰ বাবে ই আজিৰ যুৱক-যুৱতীসকলৰ বাবে এক সম্ভাৱনাময় দক্ষতাভিত্তিক কেৰিয়াৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

এই খণ্ডৰ পৰিসৰ অতি বহল। ইয়াত চাউল, ঘেঁহু, ফলমূল, শাক-পাচলি, গাখীৰ, মাছ, মাংস, হাঁহ-কুকুৰা, মছলা, খাব পৰা তেল, চাহ, কফি, পানীয়, বেকাৰী সামগ্ৰী, মিঠাই আৰু বিভিন্ন পেকেটজাত খাদ্য উৎপাদন অন্তৰ্ভুক্ত। ইয়াৰ জৰিয়তে খাদ্য অপচয় হ্ৰাস, কৃষকৰ আয় বৃদ্ধি, খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়।

এই ক্ষেত্ৰৰ অন্যতম জনপ্ৰিয় বৃত্তি হৈছে ফুড প্ৰচেছিং টেকনিচিয়ান। তেওঁলোকে উৎপাদন যন্ত্ৰপাতি পৰিচালনা, খাদ্য প্ৰস্তুতকৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, উৎপাদন তত্বাৱধান আৰু গুণগত মান নিশ্চিত কৰাৰ দায়িত্ব পালন কৰে। খাদ্য উৎপাদন, পানীয়, ফ্ৰ’জেন ফুড আৰু দুগ্ধ উদ্যোগত এই পদৰ বিশেষ চাহিদা আছে।

ডেইৰী প্ৰচেছিং টেকনিচিয়ানে গাখীৰ সংগ্ৰহ, পেষ্টুৰাইজেচন, পনিৰ, মাখন, আইচক্ৰীম আদি দুগ্ধজাত সামগ্ৰী উৎপাদন কৰে। আনহাতে বেকাৰী টেকনিচিয়ানে ৰুটি, কেক, বিস্কুট, কুকিজ আৰু পেষ্ট্ৰি তৈয়াৰ কৰি আধুনিক বেকাৰী ব্যৱস্থাৰ এক অপৰিহাৰ্য অংশ হিচাপে কাম কৰে।

অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত ফ্ৰুট এণ্ড ভেজিটেবল প্ৰচেছিং টেকনিচিয়ানৰ বিশেষ গুৰুত্ব আছে। তেওঁলোকে ফলমূল আৰু শাক-পাচলিক জাম, জেলী, আচাৰ, ফলৰ ৰস, স্কোয়াচ আৰু ডিহাইড্ৰেটেড সামগ্ৰীলৈ ৰূপান্তৰ কৰি অপচয় হ্ৰাস কৰে। একেদৰে স্পাইচ প্ৰচেছিং টেকনিচিয়ানে মছলা পৰিষ্কাৰ, শুকুওৱা, পিহা, মিহলোৱা আৰু পেকেজিঙৰ কাম সম্পন্ন কৰে।

অসমৰ অৰ্থনীতিৰ অন্যতম ভিত্তি চাহ উদ্যোগতো দক্ষ কৰ্মীৰ প্ৰয়োজন যথেষ্ট। টী প্ৰচেছিং টেকনিচিয়ানে উইথাৰিং, ৰোলিং, ফাৰ্মেণ্টেচন, ড্ৰাইং, ছৰ্টিং, গ্ৰেডিং আৰু পেকেজিঙৰ জৰিয়তে কেঁচা চাহপাতক উচ্চমানৰ চাহলৈ ৰূপান্তৰিত কৰে। ইয়াৰ উপৰিও কফি প্ৰচেছিং টেকনিচিয়ান আৰু বেভাৰেজ প্ৰডাকচন টেকনিচিয়ানে কফি, ফলৰ ৰস, মিনাৰেল ৱাটাৰ আদি পানীয় উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মাংস, মাছ আৰু হাঁহ-কুকুৰা প্ৰক্ৰিয়াকৰণ খণ্ডতো বৰ্তমান চাহিদা বৃদ্ধি পাইছে। মিট, ফিছ আৰু পোল্ট্ৰী প্ৰচেছিং টেকনিচিয়ানসকলে স্বচ্ছ উৎপাদন, পেকেজিং, শীতল সংৰক্ষণ আৰু গুণগত নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰে। বিশেষকৈ ৰপ্তানিমুখী খাদ্য উদ্যোগত এই বৃত্তিসমূহৰ গুৰুত্ব অধিক।

আধুনিক খাদ্য উদ্যোগত উৎপাদনৰ লগতে গুণগত মান আৰু খাদ্য সুৰক্ষা সমানে গুৰুত্বপূৰ্ণ। কোৱালিটি কন্ট্ৰোল টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান আৰু ফুড ছেফটি টেকনিচিয়ানে আৰ্দ্ৰতা, পি এইচ, অণুজীৱ, শ্বেল্ফ লাইফ আদি পৰীক্ষা কৰি খাদ্যৰ গুণাগুণ নিশ্চিত কৰে। লগতে হেজাৰ্ড এনালাইছিছ আৰু ক্ৰিটিকেল কণ্ট্ৰোল পইণ্ট (এইচএচচিপি) , গুড মেনুফেকচাৰিং প্ৰেক্টিচেছ (জিএমপি)  আদি মানদণ্ড অনুসৰণ কৰাও তেওঁলোকৰ অন্যতম দায়িত্ব।

ইয়াৰ উপৰিও পেকেজিং টেকনিচিয়ান, কল্ড ষ্ট’ৰেজ টেকনিচিয়ান, কল্ড চেইন টেকনিচিয়ান, মেচিন মেইণ্টেনেন্স টেকনিচিয়ান আৰু ৱেৰহাউচ এণ্ড ইনভেণ্টৰী এচিষ্টেণ্টে উৎপাদনৰ পৰা সংৰক্ষণ, পৰিবহণ আৰু বিতৰণলৈকে সমগ্ৰ যোগান শৃংখল সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

কেৱল উৎপাদনতেই নহয়, ফুড চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ আৰু এক্সপৰ্ট ডকুমেণ্টেশ্বন এছিষ্টেণ্ট হিচাপেও যথেষ্ট কেৰিয়াৰৰ সুযোগ আছে। দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাদ্য সামগ্ৰীৰ বিপণন, বিক্ৰী আৰু ৰপ্তানিত তেওঁলোকৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ।

এই ক্ষেত্ৰত সফল হ’বলৈ খাদ্য সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, গুণগত নিয়ন্ত্ৰণ, যন্ত্ৰ পৰিচালনা, কম্পিউটাৰ জ্ঞান, দলীয় কাম, যোগাযোগ দক্ষতা আৰু সমস্যা সমাধানৰ ক্ষমতা অপৰিহাৰ্য। অটোমেচন, স্মাৰ্ট মেনুফেকচাৰিং আৰু ডিজিটেল গুণগত মান নিৰীক্ষণৰ জ্ঞান থাকিলে নিয়োগৰ সম্ভাৱনা আৰু বৃদ্ধি পায়।

দশম বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত আইটিআই আৰু পলিটেকনিকৰ পৰা ডিপ্ল’মা ইন ফুড প্ৰচেছিং, ফুড টেকন’লজি, ডেইৰী টেকন’লজি কৰি তথা এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেম, পি এম কে ভি ৱাই দক্ষতা পাঠ্যক্ৰম বা এন এছ ডি চিৰ বিভিন্ন দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ জৰিয়তে খাদ্য প্ৰস্তুতকৰণ ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰিব পাৰি। অভিজ্ঞতা লাভ কৰাৰ পিছত চুপাৰভাইজাৰ, প্ৰডাকচন এক্সিকিউটিভ, কোৱালিটি এক্সিকিউটিভ বা প্লাণ্ট মেনেজাৰলৈ পদোন্নতিৰো সুযোগ থাকে।

অভিজ্ঞতা আৰু মূলধন সঞ্চয় কৰাৰ পিছত বহুতে নিজাকৈ বেকাৰী, ডেইৰী ইউনিট, আচাৰ, মছলা, ফল প্ৰক্ৰিয়াকৰণ ইউনিট, পেকেজড ড্ৰিংকিং ৱাটাৰ প্লাণ্ট, স্নেকছ উৎপাদন ইউনিট অথবা অৰ্গেনিক ফুড ব্ৰেণ্ড স্থাপন কৰি সফল উদ্যোগপতি হিচাপে আত্মপ্ৰকাশ কৰিছে। অসমৰ আনাৰস, কঁঠাল, কল, জলকীয়া, আদা, হলধি, চাহ, বাঁহগাজ আদি থলুৱা সম্পদৰ মূল্য সংযোজনৰ জৰিয়তে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে।

স্বাস্থ্যসন্মত খাদ্যৰ চাহিদা, কল্ড চেইন লজিষ্টিকছ, উন্নত পেকেজিং প্ৰযুক্তি, কঠোৰ খাদ্য সুৰক্ষা মানদণ্ড, অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ ব্যৱহাৰে এই খণ্ডক অধিক আধুনিক আৰু প্ৰতিযোগিতামূলক কৰি তুলিছে। কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা আগন্তুক সময়ত অধিক গুৰুত্বপূৰ্ণ হ’ব।

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ কেৱল চাকৰিৰ ক্ষেত্ৰ নহয়; ই দক্ষতা, উদ্যোগিতা আৰু স্বনিয়োজনৰ এক শক্তিশালী মাধ্যম। উপযুক্ত প্ৰশিক্ষণ, আধুনিক প্ৰযুক্তিৰ জ্ঞান, গুণগত মানৰ প্ৰতি দায়বদ্ধতা আৰু উদ্ভাৱনী চিন্তাধাৰাৰে এই খণ্ডত এক সফল, সুস্থিৰ আৰু সন্মানজনক কেৰিয়াৰ গঢ়ি তোলাটো সম্পূৰ্ণৰূপে সম্ভৱ। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।