ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰত নৰ্থ ইষ্ট ইউনাইটেড
ৰঙিলী বাৰ্ত্তাসেৱা- ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে। অসম সন্তান পাৰ্থিৱ গগৈৰ দুগ’লৰ সহায়ত প্রত্যাশিতভাবে নর্থ ইষ্ট ইউনাইটেড এফচিয়ে চলিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাটাৰত প্ৰৱেশ কৰিছে। দলটোৱে মঙলবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জম্মু-কাশ্মীৰৰ দল এফ চি ৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আইএছএলৰ দলটোৱে অন্তিমখন গ্রুপ মেচতো সহজ জয় অর্জন কৰি অপৰাজেয় হৈ গ্ৰুপত শীর্ষ স্থানত থাকি কোৱাৰ্টাৰলৈ উন্নীত হয়।

নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ অসম সন্তান পার্থিৱ গগৈয়ে দুটা গ’ল দিয়াৰ বিপৰীতে এটা গ’ল কৰে তাৰকা আলাদিন আজাৰয়ে। উল্লেখ্য যে দলৰ মুখ্য প্রশিক্ষক প্রেড’ বেনানিয়ে আৰম্ভণিৰ পৰাই পাৰ্থিৱক খেলাৰ সুযোগ দিয়ে। খেলৰ ১১ মিনিটতেপার্থিৱে প্ৰথমটো গ’ল কৰি প্ৰথমার্ধত দলক আগুৱাই ৰাখে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিত পুনৰ পাৰ্থিৱে ৫৪ মিনিটত গ’ল কৰি ব্যৱধান ২-০ কৰে। আনহাতে, মৰক্কোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰাই ৬৮ মিনিটত নর্থ ইষ্ট ইউনাইটেডৰ হৈ তৃতীয়টো গ’ল কৰে। বিপৰীতে এফচি ৱানৰ মহম্মদ ইলিয়াছে ৭১ মিনিটত এটা গ’ল কৰি ব্যৱধান হ্রাস কৰে।
