ডিব্ৰুগড়ৰ জ্যোতিৰূপাৰ প্ৰতিষ্ঠাপক, সাংস্কৃতিক কৰ্মী, অৱসৰী কৰ্মচাৰী হেমেন বৰদলৈৰ মৃত্যু
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ গাৰ্ডপাৰা নিবাসী, আৱসৰী কৰ্মচাৰী, জ্যোতিৰূপাৰ প্ৰতিষ্ঠাপক, সাংস্কৃতিক কৰ্মী হেমেন বৰদলৈ (কানু )ৰ বাৰ্দ্ধক্য জনিত কাৰণত যোৱা নিশা ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিঠাবান কৰ্ম্মচাৰী হেমেন বৰদলৈৰ জন্ম হৈছিল ডিব্ৰুগড়ত ১৯৪২ চনৰ ১ মাৰ্চত। প্ৰয়াত বৰদলৈ আছিল ডিব্ৰুগড়ৰ জনপ্ৰিয় সামজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ, সাংস্কৃতিক কৰ্মী নীলাভ নয়ন বৰদলৈ, বোৱাৰী, জী জোঁৱাই, নাতিনী, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায় । আজি স্থানীয় চিৰিং চাপৰি শ্মশানত অনেক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।
