স্পিড ব্ৰেকাৰৰ কবিতা – হেৰম্ব নাথ 

Pc M.S. Industries

স্পিড ব্ৰেকাৰৰ কবিতা

হেৰম্ব নাথ 

কলেজ টাইমত কিছুমান ল’ৰাই স্পিড ব্ৰেকাৰৰ
কাষৰ দোকানৰ সন্মুখত ৰৈ থাকে
সিহঁতে ফাগুন যিদৰে ভাল পায়
স্পিড ব্ৰেকাৰোঁ ভাল পায়
সিহঁতৰ তেজত এটা অন্ত:সলিলা বৈ যায় নিভৃতে
যেতিয়া স্পিড ব্ৰেকাৰত ষোড়শী গাভৰুৱে
স্কুটিৰ স্পিড কমায়…..!
লগে লগে দুচকুৱে এংগল কৰে—
নিৰ্দিষ্ট এটা দিশত
পলকতে প্ৰাপ্তিৰ প্ৰাচুৰ্যত হুমুনিয়াহ কাঢ়ে সিহঁতে
তন্ময়তাত যেনিবা একেলগে ৰজনীগন্ধা খাই
আকৌ আহিম একে সময়ত
ল’গ হ’ম অহাকালি বুলি কৈ ঘৰমুৱা হয়
যৌৱন এনেকুৱাই কাৰোবাৰ বাবে
অন্বেষণ কৰে হেঁপাহ পলুৱাই।