সুস্থ সমাজ গঠনত শিক্ষকৰ ভূমিকা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
ভাৰতীয় সংস্কৃতিত গুৰুক সদায় দেৱতাৰ স্থান দিয়া হয় কাৰণ তেওঁলোকেই সমাজৰ আঁধাৰ জীৱনলৈ জ্ঞানৰ পোহৰ বিলায়।
সমাজ এখন সুস্থ আৰু সুন্দৰ ৰখাত শিক্ষকসকলৰ ভূমিকা অতি গভীৰ, বহুমুখী আৰু অনস্বীকাৰ্য। পাঠ্যপুথিৰ জ্ঞান দিয়াৰ উপৰিও তেওঁলোকে সমাজৰ নৈতিক শিক্ষা, সংস্কৃতিৰ ৰক্ষক আৰু ভৱিষ্যত প্ৰজন্মৰ সুস্থ আৰু মজবুত মানসিকতা গঢ় দিয়াত সহায় কৰে।
শিক্ষকে সমাজৰ নৈতিক আধাৰ গঢ়ি তুলিব পাৰে। এখন সমাজ সুস্থ হ’বলৈ কেৱল মাত্ৰ ধন-সম্পত্তি বা উন্নত প্ৰযুক্তিৰ প্ৰয়োজন নহয়, প্ৰয়োজন সৎ, দায়বদ্ধ আৰু সহানুভূতিশীল মানুহৰ। শিক্ষকেই নৱ প্ৰজন্মৰ মনত সত্যতা, পৰিশ্ৰম, দয়া, ক্ষমা আৰু অন্যান্য মানৱীয় মূল্যবোধৰ বীজ অংকুৰিত কৰি সমাজৰ এজন আদৰ্শ নাগৰিক হিচাপে পৰিচয় কৰাই দিয়ে।
শিক্ষকসকল সমাজৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে প্ৰথম শাৰীৰ যুঁজাৰু। তেওঁলোকে বৈজ্ঞানিক মানসিকতা আৰু সমালোচনাত্মক চিন্তাৰ বিকাশ ঘটায়। এজন ভাল শিক্ষকে প্ৰজন্মক চিন্তা , বিকাশৰ , যোগ্যতাৰ সংজ্ঞা দিয়ে। ফলত সমাজত যুক্তিহীনতা, গুজৱ, সাম্প্ৰদায়িকতা বা অসহিষ্ণুতা কমি যায়, কাৰণ শিক্ষিত আৰু বিচক্ষণ নাগৰিকে যিকোনো ধৰণৰ উস্কানি বা বিভাজনক প্ৰতিহত কৰিব পাৰে।
শিক্ষকসকল সামাজিক ঐক্য আৰু সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰে। বিদ্যালয়ত বিভিন্ন ধৰ্ম, ভাষা, জাতি আৰু অঞ্চলৰ ছাত্ৰ-ছাত্ৰী একেলগে অধ্যয়ন কৰে কোনো ভেদ ভাৱ নৰখাকৈ। বৈচিত্ৰ্যই হ’ল আমাৰ শক্তি। তেওঁলোকৰ নিৰপেক্ষ আৰু ন্যায়পূৰ্ণ আচৰণে শিশুৰ মনত জাতিবাদ, ধৰ্মীয় উন্মাদনা বা আঞ্চলিকতাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। এনেদৰে শিক্ষকসকল সমাজখনক বিভাজনৰ পৰা ৰক্ষা কৰি সুন্দৰ সম্প্ৰীতিৰ বন্ধন সৃষ্টি কৰে।
শিক্ষকসকল সমাজৰ অৰ্থনৈতিক উন্নতিৰো মূল চালিকা শক্তি। তেওঁলোকে দক্ষ, উদ্যমী আৰু সৃষ্টিশীল মানৱ সম্পদ গঢ়ি তোলে। নৱ প্ৰজন্মক চিকিৎসক, অভিযন্তা, শিল্পী বা বিজ্ঞানী হ’বলৈ অনুপ্ৰাণিত কৰে, যিয়ে সম্পূৰ্ণ সমাজখনৰে জীৱনযাত্ৰা উন্নত কৰে। সুস্থ সমাজ মানেই আত্মনিৰ্ভৰশীল আৰু উৎপাদনশীল নাগৰিকৰ সমষ্টি, আৰু এই গুণসমূহ শিক্ষকৰ হাত ধৰিয়েই অহা।
শিক্ষকসকল জীৱনৰ কঠিন সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে পথপ্ৰদৰ্শক হিচাপে কাম কৰে। তেওঁলোকে মানসিক অশান্তি, হতাশা বা অসামাজিক কাৰ্যকলাপৰ পৰা নৱ প্ৰজন্মক ৰক্ষা কৰে। এজন শিক্ষকে দিয়া সচেতনতা আৰু পৰামৰ্শে এজন যুৱক-যুৱতীক অপৰাধ বা উগ্ৰপন্থাৰ পৰা আঁতৰাই ৰাখি সুস্থ জীৱনশৈলী গ্ৰহণ কৰাত সহায় কৰে।
আচলতে ক’বলৈ গ’লে শিক্ষকসকলেই সমাজৰ মূল চৰিত্ৰ। এখন সমাজ কেনেকুৱা, তাৰ প্ৰতিফলন পোৱা যায় সেই সমাজৰ লোকৰ আচৰণ আৰু চিন্তাৰ দ্বাৰা।
সমাজৰ শিক্ষিত এজন মানুহে নিষ্ঠা, মৰম আৰু ন্যায়ৰ মৰ্ম বুজি পালে কেতিয়াও সেই সমাজ কুৰূপ হ’ব নোৱাৰে। শিক্ষকসকল সমাজৰ শিল্পীৰ দৰেই তেওঁলোকে মানুহৰ মন-জীৱন দুয়োটাকে সজাই-পৰাই তোলে।
এতিয়া কথা হ’ল সমাজ এখন সুস্থ কৰি ৰখাত শিক্ষকৰ ভূমিকা আমি যিমান আলোচনা কৰিম চাগে সিমানেই কম।যাৰ ভূমিকা অতুলনীয় সেই বাবেই চাগে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে ছাত্ৰ-ছাত্ৰীসকলে তেখেতৰ জন্মদিন উদযাপন কৰিব খোজাত কৈছিল যে “মোৰ জন্মদিন উদযাপন কৰাতকৈ এই দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে মই সঁচাকৈয়ে সন্মানিত অনুভৱ কৰিম।”
তেখেতৰ জন্মদিন উপলক্ষে সমূহ শিক্ষক সমাজক সন্মান দিয়াৰ অৰ্থে তেখেতৰ জন্মদিনক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ এই অনুৰোধ মানি ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰ তাৰিখটো ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে
প্ৰকৃতাৰ্থত আমি শিক্ষক সকলক সন্মান কৰোঁ বা নকৰোঁ কিন্তু শিক্ষকসকল যে জাতি গঠনৰ মূল সেই কথা আমি অস্বীকাৰ কৰিব নোৱাৰিম । তেওঁলোকেই অজ্ঞানতাৰ আঁধাৰত থকা জীৱনলৈ জ্ঞানৰ পোহৰ কঢ়িয়াই আনে। শিক্ষকসকলৰ অনন্য অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা উচিত।
এনে এটি পৱিত্ৰ ক্ষণত শিক্ষকসকলৰ অতুলনীয় পৰিশ্ৰম আৰু অৱদান স্মৰণ কৰি সমগ্ৰ শিক্ষকসমাজলৈ আন্তৰিক অভিনন্দন লগতে শিক্ষক দিৱসৰ শুভেচ্ছা থকিল। শিক্ষক আছে বাবেই আজি আমি পৃথিৱীখন সুন্দৰ বৈজ্ঞানিক দৃষ্টিৰে চাবলৈ আৰু বুজিবলৈ সক্ষম হৈছোঁ।
