ডিব্ৰুগড়ত বিশেষভাৱে সক্ষম শিল্পীৰ প্ৰতিভাৰে জীপাল অসম চিকিৎসা মহাবিদ্যালয়

ডিব্ৰুগড়ত বিশেষভাৱে সক্ষম শিল্পীৰ প্ৰতিভাৰে জীপাল অসম চিকিৎসা মহাবিদ্যালয়: দেবাংগ বিদ্যুম কলিতাৰ পিয়ানো বাদন আৰু লু মাজাঅ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্ৰাধিক দৰ্শকক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশেষভাৱে সক্ষম শিল্পীসকলৰ অন্তৰ্নিহিত প্ৰতিভাক এখন উপযুক্ত মঞ্চ প্ৰদানৰ লগতে তেওঁলোকক সমাজৰ মূলসুঁতিৰ সৈতে আগুৱাই নিয়াৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মিউজিক এবিলিটি ৪.০’ শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠান। উত্তৰ পূৰ্বাঞ্চলৰ কিংবদন্তি তথা মেঘালয়ৰ প্ৰখ্যাত সংগীত শিল্পী লুও মাজাঅ’ৰ তত্ত্বাৱধানত গঢ় লৈ উঠা এই অনুষ্ঠানত বিশেষভাৱে সক্ষম কেইবাগৰাকীও শিল্পীয়ে সংগীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে।অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ আছিল নিউৰ’ডাইভাৰজেণ্ট পিয়ানোবাদক দেবাংগ বিদ্যুম কলিতাৰ পিয়ানো বাদন। বিশেষ শিক্ষণ অক্ষমতাক নেওচি নিজৰ একক সংগ্ৰাম আৰু সাধনাৰ জৰিয়তে সংগীতৰ জগতত সুকীয়া পৰিচয় গঢ়ি তোলা দেবাংগই দেশ-বিদেশৰ বিভিন্ন মঞ্চত পিয়ানো বাদনেৰে ইতিমধ্যে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিছে। মিউজিক এবিলিটি ৪.০তো তেওঁৰ অনবদ্য পিয়ানো বাদনে উপস্থিত দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰে।অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কিংবদন্তি সংগীত শিল্পী লুও মাজাঅ’ই দেবাংগ বিদ্যুম কলিতাৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰে। আনহাতে, দৃষ্টিহীন শিল্পী বিবেক শৰ্মাই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটোলৈ সুকীয়া মাত্ৰা প্ৰদান কৰে। মৰাণ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা ‘বন্দে মাতৰম’ও অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ হৈ পৰে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সমালোচক উৎপল বৰপূজাৰী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অসম চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সন্থা আৰু ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° কবিতা ডেকা কলিতাই কয় যে দেবাংগ, বিবেকৰ দৰে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত থকা প্ৰতিভাক সমাজৰ সন্মুখলৈ অনাৰ লগতে তেওঁলোকক এক উপযুক্ত সংগীতৰ মঞ্চ প্ৰদান কৰাই ‘মিউজিক এবিলিটি’ৰ মূল উদ্দেশ্য।উল্লেখ্য যে বিশেষভাৱে সক্ষম শিল্পীসকলৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ লগতে সংগীতৰ জৰিয়তে এখন অন্তৰ্ভুক্তিমূলক সমাজ গঢ়াৰ লক্ষ্যৰে ‘মিউজিক এবিলিটি’ৰ এই যাত্ৰা সমগ্ৰ দেশতেই অব্যাহত আছে। উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি, ঐতিহাসিক যোৰহাট জিমখানা ক্লাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ‘মিউজিক এবিলিটি ৫.০’ অনুষ্ঠিত হ’ব।