বৰ্তমান যুগত দক্ষতাভিত্তিক কেৰিয়াৰৰ গুৰুত্ব – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Unsplash

বৰ্তমান যুগত দক্ষতাভিত্তিক কেৰিয়াৰৰ গুৰুত্ব

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী

বৰ্তমানৰ বিশ্বত কৰ্মসংস্থাপনৰ ধাৰণাটো দ্ৰুতগতিত সলনি হৈ আছে। আগতে উচ্চ শিক্ষাৰ ডিগ্ৰীক সফল কেৰিয়াৰৰ চাবিকাঠি বুলি গণ্য কৰা হৈছিল। কিন্তু একবিংশ শতিকাৰ জ্ঞান-ভিত্তিক আৰু প্ৰযুক্তি-চালিত অৰ্থনীতিত কেৱল ডিগ্ৰী বা প্ৰমাণপত্ৰই যথেষ্ট নহয়। বৰ্তমান নিয়োগকৰ্তাসকলে এনে কৰ্মী বিচাৰে যিয়ে প্ৰকৃত সমস্যা সমাধান কৰিব পাৰে, আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰিব পাৰে, দলত কাম কৰিব পাৰে, নতুন প্ৰযুক্তিৰ সৈতে খাপ খাব পাৰে, উৎপাদনশীলতা বৃদ্ধি আদিত অৰিহণা যোগাব পাৰে। এই কাৰণেই দক্ষতাভিত্তিক কেৰিয়াৰ বিশ্বজুৰি এক শক্তিশালী আৰু জনপ্ৰিয় কেৰিয়াৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।

দক্ষতাভিত্তিক কেৰিয়াৰ বুলিলে এনে এটা বৃত্তি বা কৰ্মক্ষেত্ৰক বুজোৱা হয় য’ত তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী দক্ষতা, অভিজ্ঞতা আৰু পেছাদাৰী মনোভাৱৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এই ধৰণৰ কেৰিয়াৰত এজন ব্যক্তিৰ সফলতা কেৱল তেওঁৰ কিমান ডিগ্ৰী আছে তাৰ ওপৰত নিৰ্ভৰ নকৰে; বৰঞ্চ তেওঁ কিমান নিপুণভাৱে, দক্ষতাৰে আৰু দায়িত্বশীলভাৱে কামটো সম্পন্ন কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ৱেল্ডাৰ, ফিটাৰ, মেচিন অপাৰেটৰ, অটোমোবাইল টেকনিচিয়ান, কম্পিউটাৰ হাৰ্ডৱেৰ বিশেষজ্ঞ, স্বাস্থ্য সহায়ক, সৌৰ শক্তি প্ৰযুক্তিবিদ, বিউটি এণ্ড ৱেলনেছ পেছাদাৰী, ফুড প্ৰচেছিং টেকনিচিয়ানছ, আতিথ্য খণ্ডৰ কৰ্মী, কৃষি প্ৰযুক্তিবিদ, লজিষ্টিক বিশেষজ্ঞ  আদি  বৃত্তি দক্ষতাভিত্তিক কেৰিয়াৰৰ অন্তৰ্গত।

দক্ষতাভিত্তিক কেৰিয়াৰৰ এটা গুৰুত্ব হ’ল ইয়াৰ দ্বাৰা শৈক্ষিক অৰ্হতাৰ সীমাবদ্ধতা বহু পৰিমাণে হ্ৰাস পায়। বহু ক্ষেত্ৰত অষ্টম, দশম বা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীসকলে বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ, আই টি আই, পলিটেকনিক, এপ্ৰেণ্টিছশ্বিপ, এন এছ ডি চি অনুমোদিত পাঠ্যক্ৰম বা অন্যান্য দক্ষতা বিকাশৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কম সময়ৰ ভিতৰতে উপাৰ্জনকাৰী হ’ব পাৰে। ইয়াৰ ফলত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষাৰ বাবে দীৰ্ঘ সময় অপেক্ষা নকৰাকৈ সোনকালে কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰাৰ সুযোগ পায়। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে এই পথ অতি ফলপ্ৰসূ।

বৰ্তমান ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ। বৃহৎ পৰিসৰৰ ঔদ্যোগীকৰণ, নগৰায়ন, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰূপান্তৰ, নবীকৰণযোগ্য শক্তি, উৎপাদন উদ্যোগ, স্বাস্থ্যসেৱা, তথ্য-প্ৰযুক্তি, কৃষি আধুনিকীকৰণ, পৰ্যটন, আতিথ্য, পৰিবহণ, লজিষ্টিক খণ্ড আদিৰ ক্ষেত্রত দ্রুত উন্নয়ন সাধন কৰিছে৷ এই সকলোবোৰ ক্ষেত্ৰতে  বহু  দক্ষ কৰ্মীৰ প্ৰয়োজন।  ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, ফিটাৰ, চিএনচি মেচিন অপাৰেটৰ, ৰবটিক্স টেকনিচিয়ান, এইচভিএচি বিশেষজ্ঞ, সৌৰ শক্তি ইনষ্টলাৰ, স্বাস্থ্য সহায়ক, ফাৰ্মাচী টেকনিচিয়ান, অটোমোবাইল মেকানিক্স, কম্পিউটাৰ নেটৱৰ্কিং বিশেষজ্ঞ, মোবাইল মেৰামতি বিশেষজ্ঞ, খাদ্য প্ৰযুক্তিবিদ, যত্ন লোৱা, চালক, অপাৰেটৰ আদি কাৰিকৰী বৃত্তিৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই বৃদ্ধি আগন্তুক দশকতো অব্যাহত থকাৰ সম্ভাৱনা আছে।

দক্ষতাভিত্তিক কেৰিয়াৰৰ আন এটা উল্লেখযোগ্য সুবিধা হ’ল তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে কেৰিয়াৰ আৰম্ভ কৰাৰ সুযোগ। তিনিমাহ, ছমাহ, এবছৰ বা দুবছৰৰ ভিতৰত বহুতো বৃত্তিমূলক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব পাৰি। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে সোনকালে কৰ্মসংস্থাপন বিচাৰি পায় আৰু নিজৰ তথা পৰিয়ালৰ আৰ্থিক দায়িত্ব ল’ব পাৰে। আনহাতে, কাম কৰাৰ সময়ত নতুন প্ৰশিক্ষণ, উন্নত প্ৰমাণপত্ৰ বা উচ্চ শিক্ষাৰ জৰিয়তেও নিজৰ দক্ষতা বৃদ্ধিৰ যথেষ্ট সুযোগ আছে। অৰ্থাৎ একেলগে শিকিবলৈ আৰু ধন উপাৰ্জনৰ সুযোগ এই ধৰণৰ কেৰিয়াৰৰ অন্যতম বিশেষত্ব।

দক্ষতাভিত্তিক কেৰিয়াৰে উদ্যোগীকৰণ বা আত্মনিয়োগৰ বাবে অপৰিসীম সম্ভাৱনাৰ সৃষ্টি কৰে। বহু দক্ষ কৰ্মীয়ে কিছুদিন চাকৰি কৰাৰ পিছত নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। বৈদ্যুতিক ঠিকাদাৰী, অটোমোবাইল গেৰেজ, মেৰামতি কেন্দ্ৰ, মোবাইল সেৱা কেন্দ্ৰ, আচবাব নিৰ্মাণ, প্লাম্বিং সেৱা, সৌৰ শক্তি সংস্থাপন, ফুড প্ৰচেছিং ইউনিট, বিউটি পাৰ্লাৰ, কেটাৰিং সেৱা, ফ্ৰীজ আৰু এয়াৰ কণ্ডিচনাৰ মেৰামতি, কম্পিউটাৰ সেৱা কেন্দ্ৰ, ডিজিটেল প্ৰিন্টিং, কৃষি ভিত্তিক উদ্যোগ, বাঁহ-বেত উদ্যোগ, হস্তশিল্প আদি ক্ষেত্ৰত নিজাকৈ উদ্যোগ স্থাপন কৰিব পাৰে। ইয়াৰ ফলত কেৱল  ব্যক্তিগত আয় বৃদ্ধি হোৱাই নহয়, আন বহু লোকৰ বাবেও নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হয়।

আমাৰ ৰাজ্যখনত দক্ষতাভিত্তিক কেৰিয়াৰৰ সম্ভাৱনা বিশেষভাৱে উল্লেখযোগ্য। ৰাজ্যখনৰ কৃষি, চাহ উদ্যোগ, তেল আৰু প্ৰাকৃতিক গেছ, নিৰ্মাণ, বাঁহ-বেত শিল্প, হাততাঁত, মীন পালন, দুগ্ধ উদ্যোগ, পৰ্যটন, আতিথ্য, ফুড প্ৰচেছিং, স্বাস্থ্যসেৱা আৰু ক্ষুদ্ৰ উদ্যোগসমূহত দক্ষ কৰ্মীৰ চাহিদা আছে। তদুপৰি, চহৰ অঞ্চলবোৰত তথ্য-প্ৰযুক্তি, স্বাস্থ্য, সেৱা খণ্ড আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহতো কাৰিকৰী দক্ষতাসম্পন্ন কৰ্মীৰ  যথেষ্ট প্ৰয়োজন আছে।  অসমৰ যুৱক-যুৱতীসকলে যদি আধুনিক দক্ষতা আহৰণ কৰে, তেন্তে তেওঁলোকে কেৱল ৰাজ্যৰ ভিতৰতে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰিব।

দক্ষতাভিত্তিক কেৰিয়াৰৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল কেৰিয়াৰৰ উন্নতিৰ স্পষ্ট সুযোগ। এজন প্ৰশিক্ষাৰ্থীয়ে এজন এপ্ৰেণ্টিছ হিচাপে  কাম আৰম্ভ কৰিব পাৰে আৰু অভিজ্ঞতাৰ জৰিয়তে নিজকে এজন দক্ষ কাৰিকৰী, জ্যেষ্ঠ কাৰিকৰী, তত্বাৱধায়ক, গুণগত পৰিদৰ্শক, প্ৰশিক্ষক, প্ৰকল্প পৰিচালক, কাৰখানা পৰিচালক ,  সফল উদ্যোগী আদি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। এই অগ্ৰগতি অভিজ্ঞতা, নিয়মীয়া প্ৰশিক্ষণ, উন্নত প্ৰমাণপত্ৰ আৰু আজীৱন শিক্ষণৰ মানসিকতা আদিৰ ওপৰত ভিত্তি কৰি হয়। বহু ক্ষেত্ৰত অভিজ্ঞতা বৃদ্ধিৰ লগে লগে দক্ষ কৰ্মীৰ দৰমহা যথেষ্ট বৃদ্ধি পায়।

বৰ্তমানৰ উদ্যোগসমূহে কেৱল কাৰিকৰী দক্ষতাই নহয়, চফ্ট স্কিল  বা জীৱন দক্ষতা ওপৰতো সমানে গুৰুত্ব আৰোপ কৰে। যোগাযোগৰ দক্ষতা, সময় ব্যৱস্থাপনা, দলত কাম কৰাৰ ক্ষমতা, নেতৃত্ব, গ্ৰাহক সেৱা, সমস্যা সমাধান, ইতিবাচক মনোভাৱ, সততা, দায়িত্ববোধ ,কৰ্ম অনুশাসন আদি গুণবোৰে এজন দক্ষ কৰ্মীক অধিক মূল্যৱান কৰি তোলে। গতিকে দক্ষতাভিত্তিক কেৰিয়াৰত সফলতা লাভ কৰিবলৈ কাৰিকৰী দক্ষতাৰ লগতে ব্যক্তিত্ব বিকাশ সমানেই প্ৰয়োজনীয়।

ভাৰত চৰকাৰে দেশত দক্ষ মানৱ সম্পদ গঢ়ি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। স্কিল ইণ্ডিয়া মিছন, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই), ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰসাৰ আঁচনি (এনএপিএছ), জন শিক্ষা সংস্থা (জেএছএছ), অসম দক্ষতা বিকাশ অভিযান (এ এছ ডি এম), বিভিন্ন খণ্ড দক্ষতা পৰিষদ, ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান (আই.টি.আই.), পলিটেকনিক, উদ্যোগিক এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচী,  ৰাজ্যিক দক্ষতা বিকাশ অভিযান আদিৰ জৰিয়তে যুৱক-যুৱতীসকলক উদ্যোগমুখী প্ৰশিক্ষণ, মূল্যায়ন, প্ৰমাণপত্ৰ, এপ্ৰেণ্টিছশ্বিপ আৰু নিয়োগ  সহায়তা প্ৰদান কৰা হৈছে।  এই পদক্ষেপসমূহে দক্ষতা বিকাশক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

বিশ্বব্যাপী দক্ষ কৰ্মীৰ চাহিদাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মানী, জাপান, ছিংগাপুৰ, ইউ এ ই, চৌদি আৰব, কাটাৰ, ইউৰোপীয় দেশ আৰু অন্যান্য উন্নত অৰ্থনীতিসমূহে নিয়মিতভাৱে প্ৰশিক্ষিত কাৰিকৰী, স্বাস্থ্য সহায়ক, নিৰ্মাণ শ্ৰমিক, মেচিন অপাৰেটৰ, অটোমোবাইল বিশেষজ্ঞ, আতিথ্য খণ্ডৰ কৰ্মী, শক্তি খণ্ডৰ বিশেষজ্ঞ আৰু বিভিন্ন দক্ষ কৰ্মীক নিয়োগ কৰে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণ, ইংৰাজী ভাষাৰ জ্ঞান আৰু কৰ্ম অভিজ্ঞতা থাকিলে বিদেশত উচ্চ দৰমহাৰ চাকৰি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

চতুৰ্থ ঔদ্যোগিক বিপ্লৱে (উদ্যোগ ৪.০) নিয়োগৰ ধাৰণাত এক নতুন যুগৰ সূচনা কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা,ৰবটিক্স, ইন্টাৰনেট অৱ থিংছ, অটোমেচন, ডাটা এনালাইটিক্স, থ্ৰীডি প্ৰিন্টিং, স্মাৰ্ট মেনুফেকচাৰিং, ইলেক্ট্ৰিক ভেহিকেল (ইভি), নবীকৰণযোগ্য শক্তি, ড্ৰোন টেকন’লজি, ক্লাউড কম্পিউটিং, চাইবাৰ ছিকিউৰিটি আৰু ডিজিটেল ট্ৰেন্সফৰ্মেচন আদি নতুন প্ৰযুক্তিয়ে বহু পৰম্পৰাগত কাম সলনি কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে দক্ষ কৰ্মীৰ প্ৰয়োজনীয়তা কমিছে। বৰঞ্চ নতুন প্ৰযুক্তি ব্যৱহাৰ, ৰক্ষণাবেক্ষণ, প্ৰগ্ৰেম, ইনষ্টল, পৰীক্ষা আৰু মেৰামতিৰ বাবে অধিক দক্ষ আৰু প্ৰশিক্ষিত কৰ্মীৰ  প্ৰয়োজন হৈছে । গতিকে, নিয়মিতভাৱে নতুন দক্ষতা শিকিবলৈ আগ্ৰহী ব্যক্তিসকলৰ ভৱিষ্যত উজ্জ্বল।

দক্ষতাভিত্তিক কেৰিয়াৰেও সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নতো উল্লেখযোগ্য ভূমিকা পালন কৰে। দক্ষ কৰ্মীয়ে উৎপাদনশীলতা বৃদ্ধি কৰে, উদ্যোগসমূহক অধিক প্ৰতিযোগিতামূলক কৰে, ঘৰুৱা উৎপাদন বৃদ্ধি কৰে, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, ৰপ্তানি বৃদ্ধি কৰে আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়। দক্ষ কৰ্মী বৃদ্ধিয়ে নিবনুৱা সমস্যা হ্ৰাস কৰে, দৰিদ্ৰতা হ্ৰাস কৰে, পৰিয়ালৰ আয় বৃদ্ধি কৰে আৰু সমাজত আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ গঢ়ি তোলে। এই কাৰণেই দক্ষতা বিকাশক বহনক্ষম বিকাশৰ অন্যতম ভিত্তি হিচাপে গণ্য কৰা হয়।

বহু শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰাটোৱেই তেওঁলোকৰ জীৱনৰ একমাত্ৰ লক্ষ্য বুলি ভাবি ভুল কৰে। বাস্তৱত, ডিগ্ৰীটোৰ সৈতে যদি ব্যৱহাৰিক দক্ষতা, যোগাযোগ দক্ষতা, কম্পিউটাৰৰ জ্ঞান, ডিজিটেল দক্ষতা, ইংৰাজী ভাষাৰ জ্ঞান আৰু পেছাদাৰী মনোভাৱৰ সংযুক্ত হয়, তেন্তে তেওঁলোক অধিক সফল হোৱাৰ সম্ভাৱনা থাকে। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে পাঠ্যক্ৰমৰ লগতে বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচী, ইন্টাৰশ্বিপ, এপ্ৰেণ্টিছশ্বিপ, কৰ্মশালা, লেবৰেটৰী প্ৰশিক্ষণ, উদ্যোগ ভ্ৰমণ আৰু ব্যৱহাৰিক শিক্ষণত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিব লাগে।

দক্ষতাভিত্তিক কেৰিয়াৰ কেৱল চাকৰি পোৱাৰ পথ নহয়; ই আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, সৃষ্টিশীলতা আৰু আজীৱন শিক্ষণৰ এক শক্তিশালী মাধ্যম। এই কেৰিয়াৰে ব্যক্তিক নিজৰ সামৰ্থ্য চিনাক্তকৰণ, বাস্তৱ জীৱনৰ সমস্যা সমাধান, সমাজৰ বাবে মূল্য সৃষ্টি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰে। বিশেষকৈ আজিৰ প্ৰতিযোগিতামূলক যুগত দক্ষ কৰ্মীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

শেষত ক’ব পাৰি যে দক্ষতাভিত্তিক কেৰিয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ অন্যতম শক্তিশালী কেৰিয়াৰ পথ। ই শিক্ষাৰ্থীক কম সময়ৰ ভিতৰতে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে, আত্মনিয়োগ আৰু উদ্যোগীকৰণৰ দুৱাৰ মুকলি কৰে, দেশ-বিদেশত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰে, অৰ্থনৈতিক স্থিতিশীলতা প্ৰদান কৰে আৰু আজীৱন শিক্ষাৰ সংস্কৃতি গঢ়ি তোলে। যিসকল যুৱক-যুৱতীয়ে নিজৰ আগ্ৰহ, সামৰ্থ্য আৰু লক্ষ্য অনুসৰি উপযুক্ত দক্ষতা অৰ্জন কৰে আৰু সময়ে সময়ে সেই দক্ষতা উন্নীত কৰি যায়, তেওঁলোক ব্যক্তিগত জীৱনত সফল হোৱাৰ লগতে দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নতো মূল্যৱান অৱদান আগবঢ়াব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।