শৰতৰ চোতালত শেৱালি – কল্পনা দত্ত 

Pc Unsplash

শৰতৰ চোতালত শেৱালি 

কল্পনা দত্ত 
লুইত নগৰ,নুনমাটি, গুৱাহাটী 

শৰতৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অনবদ্য সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই আনে।শৰৎ মানেই শুভ্ৰতা,সুবাস আৰু স্নিগ্ধতা।শৰৎ মানেই শেৱালিৰ মনোমোহা সুবাস।দোকমোকালিতে নিয়ৰসিক্ত দুৱৰিৰ ভাঁজত লুকাই থকা তলসৰা শেৱালিৰ শুভ্ৰ দলিচাই চৌদিশে সৌৰভ বিলাই মনবোৰ অনাবিল প্ৰশান্তিৰে ভৰাই তোলে।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা।যিদৰে কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়ে,তেনেদৰে শেৱালিৰ সুবাসে শৰৎ অহাৰ ইংগিত দিয়ে।

এতিয়া শেৱালী ফুলাৰ বতৰ। শৰতৰ বাবেই শেৱালি আৰু শেৱালীৰ বাবেই যেন শৰৎ  শেৱালি ফুল ৰাতি ফুলে। সুৰ্য অস্ত যোৱাৰ পৰা সুৰ্য উদয় হোৱা এই মাজৰ সময়খিনিত শেৱালিৰ অস্তিত্ব বিৰাজমান।ফৰিংফুটা জোনাক নিশা শেৱালিৰ মনোমোহা সুগন্ধিয়ে হৃদয়ত এক অনুভৱী সত্তাৰ সৃষ্টি কৰে।কিন্তু পুৱা সুৰুযৰ কিৰণৰ স্পৰ্শত আৰু এপাহি-দুপাহিকৈ সৰি পৰে শেৱালি।

শেৱালি ফুলৰ শুভ্ৰ দলিছাত নিয়ৰৰ টোপালে ওমলে। শেৱালী ৰ সুগন্ধ ই কঢ়িয়াই আনে মা দশভূজাৰ ধৰালৈ অহাৰ আগমনৰ বতৰা ।নিয়ৰৰ টোপালৰ  মুকুতা – মণিয়ে সজায় শাৰদীয় ৰানীৰ শয্যা,জোনাকেও চতিয়াই জিলমিল পোহৰত তলসৰা শেৱালীৰ ফুলৰ দলিচা । দুৰ্গতি নাশিনী মহিষ মৰ্দিনীক ।শেৱালি ফুলৰ এধাৰি মালা গাঁঠি তেওঁৰ চৰণত  অৰ্পন কৰা যায় এই শৰতৰ বতৰত ।

 শৰতৰ চোতালত শেৱালী। জোনাকৰ পোহৰৰ ৰূপালীম ৰাতি ,গভীৰ অনুভৱ বোৰে প্ৰেমৰ ভাষাৰে নাচে, লয়লাস ভংগিমাৰে। শব্দ কাননত অনুভৱৰ নৃত্য – নাটিকা ,যুৰীয়া ৰাজহংসও কথা পাতে গুণগুণাই । শেৱালী ফুলৰ তলসৰা দলিচাই শৰতৰ চোতাললৈ কঢ়িয়াই আনিছে সমীৰে বোৱাই অনা সুগন্ধি সুবাস, কাৰণ এয়া যে সময় শাৰদীয় ৰাণী অহাৰ।

 ” হে মা দূৰ্গতি নাশিনী তোমাক শতকৌটি প্ৰণাম।”