কিছুমান সন্তানক সহানুভূতি নহয় সহমৰ্মিতাৰ প্ৰয়োজন – প্ৰাণ প্ৰতিমা বড়া

Pc Unsplash

কিছুমান সন্তানক সহানুভূতি নহয় সহমৰ্মিতাৰ প্ৰয়োজন

প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা 
গুৱাহাটী

 সময় আৰু পৰিবেশ পৰিস্থিতিয়ে মানুহৰ মানসিক স্থিতি বিভিন্ন সময়ত  সলনি কৰিব পাৰে৷ আমি এনে কিছুমান মানুহ দেখিছোঁ যিসকল জন্মৰ সময়ত ল’ৰা বা ছোৱালী  হৈ জন্ম গ্ৰহণ কৰিছে৷ সন্তান জন্মৰ আনন্দই এখন ঘৰৰ পৰিবেশ সুখময় কৰি তোলে৷ সময় অতিবাহিত হয়৷ সন্তানটি লহপহকৈ বাঢ়িবলৈ ধৰে৷ কিন্তু হৰ্ঠাৎ  ঘৰখনলৈ কিছু অৰাজকতাৰ আগমন ঘটে৷ কেতিয়াবা এনেকুৱা হয় লহপহকৈ বাঢ়ি অহা ল’ৰাজনে ছোৱালীৰ দৰে থাকি ভাল পোৱা হয় আৰু ছোৱালীজনীয়ে ল’ৰাৰ দৰে থাকি ভালপোৱা হয় । ছোৱালীৰ দৰে কাপোৰ পিন্ধি ভালপোৱা হয়৷ প্ৰসাধন বুলিলে ছোৱালীয়ে ব্যৱহাৰ কৰা নেইলপলিছ, কাজল, লিপষ্টিক আদি ব্যৱহাৰ কৰাৰ ওপৰিও ছোৱালীৰ সাজসজ্জা পিন্ধি ছোৱালীৰ দৰে আচৰণ কৰি মনত শান্তি পায়৷ যেতিয়া এখন ঘৰৰ এটা ল’ৰা সন্তানে তেনে ধৰণৰ আচৰণ কৰি ভালপোৱা  হয় আৰু ছোৱালী এজনীয়ে ল’ৰাৰ দৰে থাকি ভালপোৱা হয়,  তেতিয়া ঘৰখনৰ পৰিয়ালৰ মাজত এক হাঁহাকাৰ অৱস্থা এটি আহি পৰে৷ পৰিয়ালৰ লোকসকলে প্ৰথমতে ল’ৰা বা ছোৱালীগৰাকীক  গালি-গালাজ কৰি সলনি কৰিবলৈ চেষ্টা কৰে৷ কিন্তু ল’ৰাটো বা ছোৱালীজনীৰ  মানসিকস্থিতি এনেকুৱা যে তেওঁলোকে  নিজকে ছোৱালীৰ দৰে   বা ল’ৰাৰ দৰে অনুভৱ কৰি ভাল পায় যদিওবা তেওঁ প্ৰকৃততে ল’ৰা হয় অথবা ছোৱালী হয়৷  ঘৰৰ মানুহে এনে সন্তানৰ মানসিক অৱস্থাতো কেতিয়াও বুজিব নোৱাৰে৷ ঘৰখনৰ বাবে বহুতো এনে সন্তান  আপোন মানুহবোৰৰ বাবে অশান্তিৰ কাৰণ হৈ পৰে৷ কিন্তু তেনে সন্তানসকলে আপোন মানুহবোৰৰ মাজতে অসুৰক্ষিত অনুভৱ কৰিবলৈ লয়৷ আৰু সমাজখনৰ মাজতো এওঁলোক এলাগীৰ দৰে হৈ পৰে৷ এনে সন্তানসকলৰ মানসিক অৱস্থাতো যেন অসুৰক্ষিত হৈ পৰে৷ লাহেলাহে সেই সন্তান ডাঙৰ হ’বলৈ ধৰে কিন্তু তেওঁলোকৰ মানসিক স্থিতি তেনেধৰণৰে হৈ থাকে৷ তেনে অৱস্থাত তেওঁলোকৰ জীৱনলৈ নতুন নতুন প্ৰত্যাহ্বান আহি পৰে৷ জীৱনটোত সংগ্ৰাম আৰম্ভ হয়৷ তেনে মানসিকস্থিতিৰ সন্তানে অকলশৰীয়া অনুভৱ কৰাৰ লগতে অসুৰক্ষিত অনুভৱ কৰিবলৈ লয়৷ তেওঁলোকে মানসিক অশান্তিত ভুগে৷ আপোন মানুহবোৰৰ পৰা আঁতৰি থাকি তেওঁলোকে ভাল পোৱা হয়৷ কেতিয়াবা তেওঁলোকৰ মনলৈ জীৱনটোৰ প্ৰতি অনিহা আহিব পাৰে অথবা জীয়াই থকাৰ উৎসাহ,উদ্দীপনা নোহোৱা হ’ব পাৰে৷

 তেনে মানসিক স্থিতিৰ সন্তানৰ বাবে  পৰিয়ালৰ লোকসকলে কি কৰা উচিত?

পৰিয়ালৰ লোকসকলে সন্তানৰ মনৰ অৱস্থাতো বুজিবলৈ যত্ন কৰিব লাগে৷ মনোবিজ্ঞানৰ দৃষ্টিত তেনে ধৰণৰ আচৰণ কৰিলে বুলিয়েই তেনে সন্তানসকল মানসিক ৰোগী নহয় ৷  সন্তানৰ বাবে নিজৰ ঘৰখনেই আশ্বাসৰ স্থল৷ গতিকে আপোন মানুহবোৰে তেওঁলোকৰ মনৰ অৱস্থাতো বুজি লৈ তেওঁলোকক এলাগী বা অকলশৰীয়া নকৰি তেওঁলোকৰ কাষত সাহসেৰে থিয় দিব লাগে৷ কিয়নো আজিৰ দিনত এনেকুৱা বহুতো ঘটনা আমি দেখিবলৈ পাওঁ যে তেনে মানসিক স্থিতিৰ সন্তানে নিজৰ জীৱনটোক তুচ্ছজ্ঞান কৰি নিজকে হেৰুৱাই পেলায়৷ সকলোৱে শান্তিৰে জীৱন জীয়াবৰ বাবে অধিকাৰ আছে৷ এই ক্ষেত্ৰত আমাৰ সমাজৰ লোকসকলৰো দায়বদ্ধতা নথকা নহয়৷ সমাজখনে এনে সন্তানসকলক উপলুঙা বা অকলশৰীয়া নকৰি তেওঁলোকক সাহস আৰু মনোবল যোগোৱা উচিত ৷ গতিকে তেখেতসকলৰ ক্ষেত্ৰতো সহমৰ্মিতা দেখুওৱা উচিত৷ এনে ক্ষেত্ৰত সহানুভূতিতকৈ সহমৰ্মিতাৰ অতিকৈ দৰকাৰী৷