সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ বাবে লেখা আহ্বান

সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ বাবে লেখা আহ্বান

মনোৰঞ্জন বৰা.ৰঙিলী বাৰ্ত্তাসেৱা-  এদিনৰ পেজৰ দ্বাৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা প্ৰৱন্ধ প্ৰতিযোগিতাৰ বাবে শ্ৰদ্ধাৰ লেখক-লেখিকা সকলৰ পৰা প্ৰৱন্ধ বিচৰা হৈছে। বিষয়ববীয়াসকলে জানিবলৈ দিয়া অনুসৰি প্ৰৱন্ধ প্ৰতিযোগিতাৰ কোনো বিষয় নিৰ্ধাৰিত কৰা হোৱা নাই, যিকোনো বিষয়ৰ ওপৰত লেখা দিব পাৰিব। প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি লেখাসমূহ পিডিএফ নাইবা টাইপিং কৰি হোৱাটছএপ যোগে 8099617629 এই নম্বৰত দিব পাৰিব নাইবা adinrpage@gmail.com অফিচিয়েল ই-মেইলত দিব পাৰিব। মুখ্য সম্পাদক মনোৰঞ্জন বৰাই জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাখন সকলো বয়সৰ লোকৰ বাবে মুকলি লগতে তেওঁ কয় যে প্ৰতিযোগিতাৰ মাছুল হিচাপে প্ৰতিযোগীসকলে ষাঠি টকা দিব লাগিব লগতে লেখাৰ লগত লেখকৰ সম্পূৰ্ণ নাম ঠিকনা দিয়াটো প্ৰয়োজনীয়।  লেখা সমূহৰ মাধ্যম অসমীয়া, ইংৰাজী আৰু হিন্দী পাৰিব বুলি জনোৱাৰ লগতে কয় যে বিজয়ী তিনিজনক দিয়া হ’ব আকৰ্ষণীয় মূল্যৱান উপহাৰ গতিকে শ্ৰদ্ধাৰ লেখক-লেখিকা সকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায় লেখা প্ৰেৰণৰ অন্তিম তাৰিখ ২৫ আগষ্ট।