গীত – শচীন্দ্ৰ কুমাৰ দাস

Pc Narayana Health

গীত
সুৰাৰ ৰাগীত মত্ত গতীত

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

(স্থায়ী / Chorus)
সুৰাৰ ৰাগীত মত্ত গতীত,
বৈ যায় মাথোঁ চকুৰ পানী;
তুমি দিয়া এই কলিজা খন্দা দুখে,
বুকুখন মোৰ পেলালে ভাঙি।

মোৰ বিশ্বাসৰ হেঁপাহবোৰ খানি,
অকলশৰীয়া কৰি গুচি গ’লা;
সুৰাৰ ৰাগীত মত্ত গতীত,
বৈ যায় মাথোঁ চকুৰ পানী।

(অন্তৰা ১ / Stanza 1)
বিষাদৰ অন্তৰ ভেদি আজি,
অভিমানে কৰে হাহাকাৰ;
সুখী হোৱাগৈ তুমি আন কাৰোবাৰ হৈ,
মোৰ বাবে এৰি থৈ অন্ধকাৰ।

মোৰ বুকুত ইমান হেঁপাহ সানি,
কাৰ বুকুত বাৰু আশ্ৰয় ল’লা?
সুৰাৰ ৰাগীত মত্ত গতীত,
বৈ যায় মাথোঁ চকুৰ পানী।

(অন্তৰা ২ / Stanza 2)
আজিও মনত পৰে মিছা হাঁহিলৈ,
যি হাঁহিত সৰ্বস্ব হেৰুৱাইছিলোঁ;
মই জনা নাছিলোঁ তোমাৰ মৰমৰ আঁৰত,
কেৱল অভিনয়হে মই পাইছিলোঁ।

মোৰ জীয়াই থকাৰ আশাবোৰ ভাঙি,
মোক এক ‘নিঃসংগ পথাৰ’ কৰিলা;
সুৰাৰ ৰাগীত মত্ত গতীত,
বৈ যায় মাথোঁ চকুৰ পানী।

(সামৰণি / Outro)
নিঃশেষ হ’ল মোৰ দুচকুৰ চকুলো…
তথাপিও শেষ নহ’ল তোমাৰ মোহ…
মই মাথোঁ তোমাৰ বাবেই কান্দিলোঁ…
চিৰদিনৰ বাবে মই হাৰি গ’লোঁ…