নীট প্রশ্নকাকত বিতর্কক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মেডিকেল প্ৰৱেশিকা পৰীক্ষা-নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি অৱশেষত নীৰৱতা ভংগ কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সমগ্র ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি প্রধানমন্ত্রীয়ে কয় যে প্রশ্নকাকত ফাদিলৰ দৰে কাণ্ড এটা ঘোৰ পাপ আৰু ইয়াৰ সৈতে জড়িত প্ৰতিজন দোষীক কঠোৰতম শাস্তি প্রদান কৰা হ’ব। তেওঁ লগতে এনে কাণ্ড প্রতিহত কৰাটো ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰে। কালি দিল্লীত প্রতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা আৰু প্রধানমন্ত্রী বাসগৃহৰ সন্মুখত বিৰোধীৰ উত্তাল ধৰ্ণা-প্ৰদৰ্শনৰ পিছতে বিয়লি এনডিএৰ সংসদীয় মংগল মিলন বৈঠকত প্রধানমন্ত্রী মোদীয়ে প্রশ্নকাকত ফাদিল সন্দৰ্ভত মন্তব্য কৰা বুলি উল্লেখ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে। প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ উদ্ধৃতি দি তেওঁ কয়- দেশত এক সম্পূর্ণ ত্রুটিমুক্ত আৰু সুৰক্ষিত পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্রধানমন্ত্রীয়ে এক যৌথ প্রচেষ্টাৰ আহ্বান জনাইছে। প্রধানমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে প্রশ্নকাকত ফাদিল হোৱাটো এটা ঘোৰ পাপ। আইনী বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি দোষীৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে ভৱিষ্যতে কোনেও যুৱ সমাজৰ ভৱিষ্যতক লৈ খেলা কৰিব নোৱাৰে। প্ৰশ্নকাকত ফাদিল ৰোধ কৰাটো সমগ্র দেশৰে এক ৰাষ্ট্ৰীয় দায়িত্ব বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই স্পর্শকাতৰ বিষয়টোক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলিজুলি এনে ঘটনা ৰোধ কৰিব লাগিব। ইফালে, প্রশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে চৰকাৰে জৰুৰী ব্যৱস্থা গ্রহণ কৰি মূল অভিযুক্তকে ধৰি ১৩জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। শিক্ষার্থীসকলৰ সময় যাতে নষ্ট নহয়, তাৰ বাবে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফলো ঘোষণা কৰা হৈছে। বিৰোধী আৰু সাংসদসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে ৰাজনৈতিক মতানৈক্য থাকিলেও দেশ আৰু যুৱপ্ৰজন্মৰ স্বাৰ্থত সংসদত এই সন্দৰ্ভত গঠনমূলক ভূমিকা ল’বলৈ আহ্বান জনায়।
