শিক্ষক দিৱসৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ দিন – যমুনা দুলু বৈশ্য

Pc Unsplash

শিক্ষক দিৱসৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ দিন

যমুনা দুলু বৈশ্য,শুৱালকুছি

শিক্ষা হৈছে জীৱনৰ পোহৰ , আৰু এই পোহৰটোক আমাৰ জীৱনত আগবঢ়াই আনিবলৈ যি ব্যক্তিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে , তেওঁ হ’ল শিক্ষক । এজন সৎ , জ্ঞানী আৰু আদৰ্শ শিক্ষক সমাজ গঠন , জাতি নিৰ্মাণ আৰু দেশৰ উন্নয়নত এক অমূল্য সম্পদ । এজন ডাঙৰ বিজ্ঞানী , নেতা , চিকিৎসক , সেনানায়ক , বা প্ৰশাসক হ’বৰ আগতে তেওঁ এজন শিক্ষকৰ শিক্ষাৰদ্বাৰা গঢ় লৈ উঠে । সেই বাবেই শিক্ষকসকলক ‘জাতি গঢ়োতা’ বুলি কোৱা হয় ।

শিক্ষক দিৱস হৈছে এটি বিশেষ দিন , যিটো দিন শিক্ষকৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় । ভাৰতত প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখে এই দিনটো উদযাপন কৰা হয় । সেই দিনটোতেই ভাৰতৰ প্ৰথাম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন । তেওঁ এজন বিশিষ্ট দাৰ্শনিক , শিক্ষক আৰু শিক্ষাৰ প্ৰতি গভীৰ উৎসৰ্গা থকা ব্যক্তি আছিল । তেওঁ বিশ্বাস কৰিছিল যে শিক্ষকসকলৰ প্ৰতি সমাজে সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰাটো অতি প্ৰয়োজনীয় । তেওঁৰ সন্মানত এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা আৰম্ভ হয় ।

শিক্ষক দিৱসৰ প্ৰাসংগিকতা এইটোতেই যে , ই আমাৰ সমাজত শিক্ষকৰ ভূমিকা প্ৰত্যক্ষ কৰি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ এক উৎকৃষ্ট অৱসৰ । শিক্ষক নোহোৱাকৈ শিক্ষাৰ আলোক কোনে পোহৰাব ? এজন শিক্ষকে কেৱল পাঠ্য-পুথিৰ বিষয় শিকোৱাই নহয় , তেওঁ ছাত্র-ছাত্রীৰ জীৱনৰ দিশ নিৰ্দেশনাৰো দায়িত্ব লয় । এই দিনটোত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষকসকলৰ বাবে অনুষ্ঠান আয়োজন কৰে, অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলোকৰ জীৱন গঢ়ি তুলিবলৈ কৰা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

আজিৰ যুগত যিহেতু তথ্য আৰু প্ৰযুক্তি দ্ৰুতগতিত বিকাশ পাইছে , সেই পৰিপ্ৰেক্ষিতত শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্ব আৰু বেছি গুৰুত্বপূর্ণ হৈ পৰিছে । ইণ্টাৰনেটত তথ্য উপলব্ধ হোৱাৰ পাছতো শুদ্ধ দিশ দেখুৱাব পৰা এজন সুদক্ষ শিক্ষকেই ছাত্ৰক জীৱনত সফল কৰি তুলিব পাৰে ।

আজিৰ ব্যৱসায়িক আৰু প্ৰতিযোগিতামূলক যুগত শিক্ষকসকলৰ অৱদান প্ৰায়ে পাহৰি যোৱা হয় । ইন্টাৰনেট , গুগল , ইউটিউব আদি নতুন মাধ্যমবোৰৰ লগত নতুন প্ৰজন্ম অধিক পৰিচিত হৈ পৰিছে । কিন্তু এই মাধ্যমবোৰে কেৱল তথ্য প্ৰদান কৰে । সঠিক দিশ , নৈতিকতা , মূল্যবোধ আৰু জীৱনৰ গুৰুত্বপূৰ্ণ পাঠ দিয়ে এজন আদৰ্শ শিক্ষকেই । সেই বাবে , শিক্ষকৰ অৱদানৰ সঁহাৰি স্বৰূপে বছৰত এদিন শিক্ষক দিৱস উদযাপন কৰাটো অতি প্ৰাসংগিক ।

সাম্প্ৰতিক সমাজত নৈতিকতা , সহানুভূতি , সহনশীলতা আদি মূল্যবোধবোৰ পুনঃ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষকে কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিব লাগিব । কেৱল পাঠ্যভিত্তিক জ্ঞান নহয় , জীৱনভিত্তিক শিক্ষাও দিব লাগিব । শিক্ষাৰ অৰ্থ হৈছে মানুহক মানুহ হিচাপে গঢ়ি তোলা—তেওঁক চিন্তাশীল , সহানুভূতিসম্পন্ন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলা । এই ক্ষেত্ৰতো শিক্ষক দিৱসে আমাক সেই কথা মনত পেলায়—যে এজন সৎ আৰু আদৰ্শ শিক্ষক হ’ল সমাজ গঠনৰ আচল ভেটি ।

সমাজত শিক্ষকসকলৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব থকাৰ দৰে , সমাজৰো দায়িত্ব থাকে শিক্ষকসকলক সন্মান , সুৰক্ষা আৰু সঠিক পৰিৱেশ আগবঢ়োৱাৰ । শিক্ষা ক্ষেত্ৰত সঁচা উন্নয়ন আনিব বিচাৰিলে শিক্ষকসকলৰ পৰিস্থিতি উন্নত কৰা একান্ত প্ৰয়োজন ।

সঁচাকৈয়ে , শিক্ষক দিৱস হৈছে কৃতজ্ঞতা , সন্মান আৰু উৎসৰ্গাৰ এক প্ৰতিক । এই দিনটোৱে আমাক স্মৰণ কৰায় যে , এজন শিক্ষকে হয়তো পুথিৰ পৃষ্ঠা খুলি অধ্যায় শিকায় , কিন্তু বাস্তৱ জীৱনৰ অধ্যায় শিকাবলৈ তেওঁ সদায় সদা প্ৰস্তুত । এজন আদৰ্শ শিক্ষকে সমাজৰ দীঘলীয়া পৰিৱৰ্তন আনিব পাৰে । সেইবাবে শিক্ষক দিৱসৰ প্ৰাসংগিকতা কেতিয়াও নোহোৱা নহয় , বৰঞ্চ দিন-প্ৰতিদিনে ইয়াৰ মূল্য আৰু অধিক বৃদ্ধি পাইছে ।

শিক্ষক দিৱস কেৱল এটি আনুষ্ঠানিক দিন নহয় ; ই হৈছে শিক্ষকৰ মহত্বক স্মৰণ কৰা , তেওঁলোকৰ আত্মত্যাগ আৰু অৱদানক কৃতজ্ঞচিত্তে স্বীকাৰ কৰাৰ এটি সুযোগ । এই দিৱসৰ জৰিয়তে আমি সকলোৰে মাজত শিক্ষকৰ প্ৰতি সন্মান , ভালপোৱা আৰু আদৰ্শ বঢ়াই তুলিব পাৰোঁ । সঁচাকৈয়ে শিক্ষক দিৱসৰ ব্যক্তি বা সমাজজীৱনৰ চালিকা শক্তিবোৰক সবল আৰু সেউজ কৰি ৰাখিবলৈকে কোনো উজ্জ্বল সপ্ৰতীভ দৃষ্টান্তবোৰৰ আৱশ্যকীয়তাৰ আঁত ধৰি সিবোৰক দিৱস হিচাপে পালন কৰাৰ যথেষ্ট প্ৰাসংগিকতা থাকে। এই দিৱসসমূহৰ অন্যতম হ’ল শিক্ষক দিৱস।

ভাৰতৰ এগৰাকী অন্যতম কৃতবিদ্য দাৰ্শনিক পণ্ডিত আৰু শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো ১৯৬২ চনৰ পৰা সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯৬২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতেই ছাত্ৰ-ছাত্ৰী সমন্বিতে তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ জন্মদিন পালিবলৈ প্ৰস্তাৱ আগবঢ়াওঁতে তেওঁ বিনয়েৰে তেওঁৰ জন্মদিনটো সমগ্ৰ ৰাষ্ট্ৰৰ শিক্ষকসকলৰ সন্মানাৰ্থে শিক্ষক দিৱস ৰূপে পালিবলৈ উদ্যোক্তাসকলৰ প্ৰতি আহ্বান জনায়। সেয়ে তেওঁৰ আহ্বানৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰৰ অনুমোদনসাপেক্ষে ৫ (পাঁচ) চেপ্তেম্বৰ তাৰিখটো সেই চনৰ পৰাই সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে সদায় শিক্ষা আৰু শিক্ষাবিদসকলক শ্ৰদ্ধা আৰু গুৰুত্ব প্ৰদান কৰিছিল। শিক্ষাই হৈছে মানৱ জীৱনৰ উন্নতিৰ মূল শক্তি। এই শক্তিক তেওঁ নিৰ্ভুলভাৱে উপলব্ধি কৰিছিল। ভাৰতৰ দৰে জনবহুল দৰিদ্ৰ দেশ এখনে উন্নতিৰ জখলাত বগাবলৈ হ’লে গুণগত শিক্ষাৰ যে একান্ত আৱশ্যকতা আছে সেই কথা তেওঁ মনে প্ৰাণে উপলব্ধি কৰিছিল। আৰু সেয়ে তেওঁ গুণগত শিক্ষা বিস্তাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

দেশ স্বাধীন হ’ল। শিক্ষাৰ বিস্তাৰো এতিয়া যথেষ্ট হৈছে। চিকিৎসা, জ্যোতিৰ্বিজ্ঞান, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, কলা-ভাস্কৰ্য, ব্যৱসায়-বাণিজ্য, প্ৰযুক্তিবিজ্ঞান ইত্যাদি শিক্ষাৰ ক্ষেত্ৰখনত যঠেষ্ট উন্নতি পৰিলক্ষিত হৈছে। বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ গুৰুত্বও নবঢ়া নহয়। কোৱাবাহুল্য যে শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবেই উল্লেখিত দিশবিলাকৰ উন্নতি সম্ভৱ হৈছে। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে বিদ্বান দূৰদৰ্শী ব্যক্তিৰ অহোপুৰুষাৰ্থৰ বাবেই পিছৰ প্ৰজন্মই ভাৰতৰ পুথিগত তথা ব্যৱহাৰিখ শিক্ষাবিস্তাৰৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছে। তথাপিও এতিয়াও বহুদূৰ অতিক্ৰম কৰিবলৈ বাকী আছে।

এই শিক্ষক দিৱসৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি হৈ আহিছে কাৰণ এতিয়া প্ৰতিযোগিতাৰ দিন। ভাৰতে পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সমানে সমানে ফেৰ মাৰিবলৈ দেশৰ শিক্ষা ব্যৱস্থাক আৰু উন্নত কৰি তুলিব লাগিব। ব্যৱহাৰিক শিক্ষাৰ সম্প্ৰসাৰণ বুনিয়াদী স্তৰৰ পৰা হ’ব লাগিব। প্ৰতিবছৰৰ শিক্ষাদিৱসৰ দিনা এনে চিন্তাৰ উকমুকনিক প্ৰাধান্য দিব লাগিব।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে পুথিগত শিক্ষাৰ লগতে জাতীয় চৈতন্য আৰু চৰিত্ৰৰ শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ নিজেও এজন অতি সংস্কাৰী ব্যক্তি আছিল। চৰিত্ৰ শিক্ষাৰ ভূষণ হ’ব লাগিব। ঋষিমুনিৰ দেশ ভাৰতত আধ্যাত্মিক শিক্ষাৰ প্ৰচলন আগৰে পৰা চলি আহিছে। গুৰু শিষ্যৰ মধুৰ সম্বন্ধ তথা পাৰস্পৰিক শ্ৰদ্ধাশীলতাৰ শিক্ষাৰ কথা বেদ উপনিষদ ইত্যাদি শাস্ত্ৰসমূহত বিস্তাৰিত ভাৱে আলোচিত হৈছে। গুৰু শিষ্যৰ এই মধুৰ পৰম্পৰা ভগৱান শ্ৰীকৃষ্ণ, ভগৱান ৰামেও যথাযথ ভাৱে মানি চলাৰ আদৰ্শক মানুহৰ সন্মুখত দৃষ্টান্ত ৰাখি গৈছে। এনে পৰম্পৰাৰ পৰা ভাৰতীয় শিক্ষাব্যৱস্থা দূৰৈত অৱস্থান কৰিব নোৱাৰে। শিক্ষক দিৱসৰ দিনা এনেবোৰ কথা আলোচনা হোৱাৰ দৰকাৰ আছে, প্ৰাসংগিকতা আছে।

ক’বলৈ বেয়া বৰ্তমান সময়ত গুৰুশিষ্যৰ সম্বন্ধ যেন ক’ৰবাত ফাঁট মেলিছে। ক’ৰবাত ক’ৰবাত এই সম্বন্ধৰ মাজত বিঘিনি ঘটা বিভিন্ন সংবাদে মনলৈ দুখ আৰু ঋণাত্মকতা কঢ়িয়াই আনে। আধুনিকতাৰ ধামখুমীয়াত ক’ৰবাত যেন প্ৰাচীন পৰম্পৰাবোৰ লোপ পাবলৈ ধৰিছে। এইবোৰ চিন্তাৰ বিষয়। এনেবোৰ ঋণাত্মকতা কেনেকৈ আঁতৰ কৰিব পাৰি সেইবোৰ কথাও আজি শিক্ষকদিৱসৰ প্ৰাসংগিকতাৰ আওতাত সোমোৱা উচিত বুলি আমি বিবেচনা কৰোঁ। নক’লেও হ’ব প্ৰকৃত শিক্ষাইহে সৎ মানুহ সৎ প্ৰচেষ্টাৰ মূল আধাৰ। সকলো শিক্ষাগুৰুকে ভক্তিঅঞ্জলি যাচিছোঁ।