ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন  সম্পন্ন

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন  সম্পন্ন: অংশগ্ৰহণ মন্ত্ৰী ৰামেশ্বৰ তেলী 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ টেঙাখাত খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন খনি ৩ জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়াজানৰ উত্তৰ জালনী প্ৰাথমিক বিদ্যালয় প্ৰেক্ষাগৃহত সম্পন্ন হয়। পুৱা পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে আৰম্ভ হোৱা  কাৰ্যসূচীত বিশিষ্ট প্ৰকৃতিপ্ৰেমী ড° নবীন বৰুৱাই বিদ্যালয় চৌহদত  বৃক্ষৰোপণ কৰে। জিলাৰ মূল পতাকা উত্তোলন কৰে জিলা সন্মিলনীৰ সভাপতি ভদ্ৰসেন সোণোৱালে । মূল পতাকাৰ সমান্তৰালকৈ জিলা সন্মিলনীৰ অন্তগৰ্ত আটাইকেইটা খণ্ডৰ পতাকা খণ্ড সমূহৰ বিষয়ববীয়া সকলে উত্তোলন কৰে। স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশ লয় ৰাজ্যিক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈয়ে। জিলা সন্মিলনীৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে যি সকল শিক্ষক শিক্ষয়িত্ৰী বা ইয়াৰ লগত জড়িত লোক পৰলোকলৈ গমন কৰিলে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰা লগতে প্ৰয়াত মহান  শিল্পী সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা সন্মিলনীৰ সম্পাদক পংকজ বড়াই। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা উদ্বোধন কৰে প্ৰাক্তন টেঙাখাত খণ্ড সন্মিলনীৰ সভাপতি অতুল চন্দ্ৰ গগৈয়ে।  প্ৰতিনিধি সভাত ৰাজ্যিক পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সৰ্ব ভাৰতীয় সদস্য পৱন কুমাৰ ঝা। দিনৰ ২.৩০ বজাত অনুষ্ঠিত হয় মুকলি সভা। সভাত সভাপতিত্ব কৰে ভদ্ৰসেন সোণোৱালে। মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ইকবাল সিঙে। আমন্ত্ৰিত অতিথি আৰু নিৰ্দিষ্ট বক্তা সকলক চিনাকি ও সম্বৰ্ধনা জ্ঞাপন কৰে জিলা সন্মিলনীৰ সম্পাদক পংকজ বড়াই । জিলাৰ মুখপত্ৰ ‘গুৰুবন্তি’ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক  তথা সমাজকৰ্মী শংকৰ জ্যোতি বৰুৱাই। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত বক্তব্য আগবঢ়ায় জিলা আঁচনি বিষয়া দীপক বৰগোহাঁইয়ে। মুকলি সভাৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে অসমৰ শিক্ষক,নেতা তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে। শিক্ষক সকলক  পাঠদান কাৰ্যৰ পৰা বিৰত ৰাখি দৈনিক ইটো পাছত সিটো কৈ বিভিন্ন অনা শৈক্ষিক কাৰ্যত শিক্ষক সকলক ব্যস্ত ৰাখি ৰাজহুৱা শিক্ষানুষ্ঠান সমূহ ধ্বংস কৰিব বিচাৰ চৰকাৰৰ এনে কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি কয়। তেখেতে চৰকাৰক ৰাজহুৱা শিক্ষানুষ্ঠান সমূহ বন্ধ কৰিব বিচৰা কৌশল পৰিহাৰ কৰি কেনেকৈ আৰু অধিক উন্নত মানদণ্ডৰে ৰাজহুৱা শিক্ষানুষ্ঠান সমূহ গঢ় দিব পাৰি তাৰে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুকলি সভাৰ পৰাই চৰকাৰক দাবী জনায় লগতে তেওঁ শিক্ষা, শিক্ষাৰ্থী আৰু শিক্ষক সমাজৰ উত্তৰণৰ উদ্দেশ্যেতো ভাষণ প্ৰদান কৰে। ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে পৰিৱেশন কৰা ভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে সভাখন অধিক জিপাল কৰি তোলে। সামাজিক কৰ্মব্যস্ততাৰ মাজত আহি উপস্থিত হোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীক মঞ্চলৈ আদৰি আনে অভ্যৰ্থনা সমিতিৰ সম্পাদক মৃদুল বৰাই। জিলাৰ পৰা তেখেতক আদৰণি জনায় মুকলি সভা অন্ত পৰা লগে লগে বিষয় বাচনি সভা অনুষ্ঠিত হয়। উক্ত বিষয় বাচনি সভাতেই পুনৰ ভদ্ৰসেন সোণোৱালক সভাপতি আৰু পংকজ বড়া  সম্পাদক হিচাপে বিনাপ্ৰতিদন্দিতাৰে পুনৰ ২০২৬-২০২৮ বৰ্ষৰ বাবে দায়িত্ব অৰ্পণ কৰে। নৱনিৰ্বাচিত বিষয়ববীয়া সকল হ’ল উপ-সভাপতি অঞ্জুমণি বড়া কছাৰী, নবীন বৰা, অমূল্য গগৈ, সহকাৰী সম্পাদক মনোজ বৰা, মৃদুল কলিতা, ৰিজুমণি নাথ, ৰাজ্যিক সদস্য জ্যোতি দেউৰী, চিত্ৰ জ্যোতি দাস,ৰুবুল দাস, সাংস্কৃতিক সম্পাদক দেবল শইকীয়া, ক্ৰীড়া সম্পাদক ক্ষীৰোদ সন্দিকৈ, শিক্ষা আৰু আলোচনীত লভিতা দাস,মহিলা কোষৰ সদস্যা প্ৰীতিলেখা দাস,কোষাধ্যক্ষ যতীন্দ্ৰ নাথ বৰা,কাৰ্যালয় সম্পাদক প্ৰবীণ মিছিংকে  ধৰি মুঠ ১৭ জন বিষয়ববীয়াক লৈ নৱনিৰ্বাচিত জিলা সন্মিলনী গঠিত হয়।