ডিব্ৰুগডত অন্তৰঙ্গ গোটৰ উদ্যোগত দিহানামৰ কৰ্মশালা আয়োজন
ৰঙিলী বাৰ্ত্তাসেৱা- অন্তৰঙ্গ গোট ডিব্ৰুগড়ৰ সৌজন্যত তিনিদিনীয়া দিহানামৰ কৰ্মশালা আৰু নেগেৰা বাদন প্ৰশিক্ষণ অহা ১৪,১৫,আৰু ১৬ জুলাইত ডিব্ৰুগড় লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি সমূহ নৱপ্ৰজন্মই শুদ্ধৰূপে আঁকোৱালি ল’ব পাৰে তাৰ প্ৰতি লক্ষ্যৰাখি এক সাংস্কৃতিক কৰ্মশালাৰ অনুষ্ঠিত হ’ব বুলি অন্তৰঙ্গ গোটৰ আহ্বায়িকা বেবিজান দত্তই জানিবলৈ দিয়ে। কেইবাগৰাকীও অভিজ্ঞ শিল্পীয়ে প্রশিক্ষণ প্রদান কৰিব লগীয়া সাংস্কৃতিক বিষয়ক কর্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰী , কিশোৰ-কিশোৰী সকলৰ লগতে আই-মাতৃসকলক উক্ত কৰ্মশালাত -অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দিনৰ ১.০০ বজাৰ পৰা আৰম্ভ হ’ব লগীয়া কৰ্মশালাত সংস্কৃতি প্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে অন্তৰঙ্গ গোটৰ সদস্যা সকলে।সৱিশেষ জানিব ৮৭২০৯২৭১২৯ নম্বৰত যোগাযোগ কৰিব পাৰে।
